মণিপুৰৰ IRB আউটপোষ্টত অচিনাক্ত বন্দুকধাৰীৰ লুটপাত, লুটিলে অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ

নিশা বন্দুকধাৰীয়ে জিলাখনৰ কাকমায়াই অঞ্চললৈ আহি IRB শিবিৰৰ পৰা অস্ত্ৰ-শস্ত্ৰ লুট কৰে। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।

মণিপুৰৰ IRB আউটপোষ্টত অচিনাক্ত বন্দুকধাৰীৰ লুটপাত, লুটিলে অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ

প্ৰতীকী ফটো

Published: 

09 Feb 2025 17:39 PM

মণিপুৰৰ থৌবাল জিলাত অচিনাক্ত বন্দুকধাৰীয়ে ইণ্ডিয়া ৰিজাৰ্ভ বেটেলিয়ন (আই আৰ বি)ৰ এটা আউটপোষ্টৰ পৰা অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ লুটপাত কৰাৰ খবৰ লাভ কৰা গৈছে । বিষয়াসকলে জনোৱা মতে, শনিবাৰে নিশা বন্দুকধাৰীয়ে জিলাখনৰ কাকমায়াই অঞ্চললৈ আহি IRB শিবিৰৰ পৰা অস্ত্ৰ-শস্ত্ৰ লুট কৰে। এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

বিষয়াসকলে জনোৱা মতে, অচিনাক্ত বন্দুকধাৰীয়ে কেইবাখনো বাহনেৰে থৌবাল জিলাৰ কাকমায়াইলৈ আহিছিল। ইয়াৰ পাছতে এটা আউটপোষ্টৰ পৰা আই আৰ বি আৰু মণিপুৰ ৰাইফলছৰ  কমেও ৬ টা এছ এল আৰ আৰু ৩ টা এ কে ৰাইফল লুটি নিয়ে। ইয়াৰ উপৰিও আউটপোষ্টটোৰ পৰা প্ৰায় ২৭০ ৰাউণ্ড গুলীৰ লগতে ১২টা মেগজিনও লুট কৰে অচিনাক্ত বন্দুকধাৰীয়ে । অপৰাধ সংঘটিত কৰাৰ পিছত সকলো বন্দুকধাৰীয়ে সেই স্থানৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে।

শেহতীয়া খবৰ অনুসৰি, অতিৰিক্ত নিৰাপত্তা বাহিনীক ততাতৈয়াকৈ সেই অঞ্চলটোলৈ প্ৰেৰণ কৰা হৈছে । ইয়াৰ লগতে তেওঁলোকে তালাচী অভিযান চলাই আছে বুলি বিষয়াসকলে জানিবলৈ দিছে । সূত্ৰৰ পৰা জানিব পৰা মতে, এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে । বিষয়াসকলে জনোৱা মতে, নিৰাপত্তাৰক্ষীয়ে সকলোতে তালাচী অভিযান চলাই আছে। প্ৰতিখন অহা-যোৱা কৰা বাহনত তালাচী চলোৱা হৈছে আৰু সন্দেহজনক লোকসকলকো জেৰা কৰা হৈছে।

ইফালে দেওবাৰে ইম্ফল পশ্চিম জিলাৰ পৰা তিনিজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে মণিপুৰ আৰক্ষীয়ে। নিষিদ্ধ ইউনাইটেড নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট (ইউএনএলএফ-পাম্বেই) গোটৰ দুজন উগ্ৰপন্থীক শনিবাৰে জিলাখনৰ নৰকনজিল অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। উগ্ৰপন্থী দুজন ধন দাবীৰ লগতে অবৈধ অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ সৰবৰাহৰ লগতো জড়িত বুলি জানিবলৈ দিছে আৰক্ষীয়ে ।

তেওঁলোকৰ পৰা এটা .৩২ পিষ্টল আৰু নগদ ৩,১২০ টকা জব্দ কৰে আৰক্ষীয়ে। সমান্তৰলাভাৱে আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, ধন দাবীৰ সৈতে জড়িত নিষিদ্ধ সংগঠন পিপলছ লিবাৰেচন আৰ্মিৰ আন এজন উগ্ৰপন্থীক শনিবাৰে কাংজাবি লেইৰাক মাচিন অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।

আপোনাৰ শৰীৰত তেজ কমিছে নেকি? হিম’গ্লবিন বৃদ্ধি কৰিবলৈ কি খাব লাগে জানেনে?
মাইগ্ৰেইনৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? জানক সবিশেষ
এনেকৈ ব্যৱহাৰ কৰক তুলসী পাত! চুলি হৈ পৰিব ধুনীয়া, মজবুত আৰু দীঘল...
শাওনৰ পূৰ্ণিমাত কৰক এই সহজ কাম! হাতলৈ আহিব ধন, লাভ কৰিব শিৱৰ আশীৰ্বাদ..