৯ দিনৰ পিছত কন্যাৰ বিয়া… লাখ টকাৰ গহনা, নগদ ধন লৈ হ’বলগীয়া জোঁৱাইৰ সৈতে পলাল শাহু

লাখ লাখ টকাৰ গহনা আৰু ২.৫ লাখ টকাৰ নগদ ধন লৈ কন্যাৰ হ’বলগীয়া স্বামী অৰ্থাৎ জোঁৱাইৰ সৈতে পলাই গ'ল মাতৃ। এই সন্দৰ্ভত আৰক্ষীক অভিযোগ কৰিছে মহিলাগৰাকীৰ পৰিয়ালে। গোটেই কাহিনীটো কি, জানো আহক...

৯ দিনৰ পিছত কন্যাৰ বিয়া... লাখ টকাৰ গহনা, নগদ ধন লৈ হ’বলগীয়া জোঁৱাইৰ সৈতে পলাল শাহু

হ’বলগীয়া জোঁৱাইৰ সৈতে পলাল শাহু

Published: 

08 Apr 2025 | 12:44 PM

প্ৰেম অন্ধ… এই কথাষাৰ নিশ্চয় শুনিছে। প্ৰেমে নামানে বয়সৰ সীমা, জাতি-ধৰ্ম। ইয়াৰে এটা বাস্তৱ উদাহৰণ উত্তৰ প্ৰদেশৰ আলিগড়তো দেখা গ’ল। য’ত বিয়াৰ ৯ দিন আগতে হ’বলগীয়া শাহুৱেকক লৈ পলাই গ’ল দৰাই। দুয়োৰে মাজত কেতিয়াৰ পৰা প্ৰেমৰ সম্পৰ্ক আৰম্ভ হ’ল কোনেও গম পোৱা নাছিল। এই ঘটনাৰ পিছৰে পৰা স্তম্ভিত হৈ পৰিছে কইনা।

এই ঘটনাটো উত্তৰ প্ৰদেশ আলিগড়ৰ মাদ্ৰক থানা এলেকাৰ। এগৰাকী মাতৃয়ে কন্যাৰ হ’বলগীয়া স্বামী অৰ্থাৎ জোঁৱাইৰ সৈতে পলাই যায়। দুয়োৰে অৱস্থান সন্দৰ্ভত এতিয়াও জানিব পৰা হোৱা নাই। মহিলাগৰাকীৰ কন্যাৰ বিয়া আছিল ১৬ এপ্ৰিলত সেইজন ল’ৰাৰ সৈতে, যাৰ লগত তেওঁ পলাই যায়। দৰাজনে শাহুৱেকক এটা মোবাইলও উপহাৰ দিছিল, যাৰ জৰিয়তে দুয়োজনে গোপনে কথা পাতিছিল। দুয়োৰে মাজত যে প্ৰেমৰ সম্পৰ্ক চলি আছে তাৰ কোনোও উমান পোৱা নাছিল।

মহিলাগৰাকীয়ে নিজেই কন্যাৰ বিয়া ঠিক কৰি দিছিল। ইয়াৰ উপৰিও পলায়ন কৰাৰ আগেয়ে মাতৃয়ে কন্যাৰ বিয়াৰ বাবে ঘৰত ৰখা লাখ লাখ টকাৰ গহনা আৰু ২.৫ লাখ টকাৰ নগদ ধন লগত লৈ যায়। এই সন্দৰ্ভত আৰক্ষীক অভিযোগ কৰিছে মহিলাগৰাকীৰ পৰিয়ালে। মহিলাগৰাকীৰ নিৰুদ্দেশৰ গোচৰ ৰুজু কৰাৰ পিছত আৰক্ষীয়ে মহিলাগৰাকীৰ সন্ধানত অব্যাহত ৰাখিছে। এই কথা জানি আচৰিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। ছোৱালীজনীৰ হ’বলগা শহুৰেকৰ ঘৰতো এই বিষয়ে চৰ্চা চলি আছে। এই কথা প্ৰথমে কোনেও বিশ্বাস কৰা নাছিল। কিন্তু একেদিনাই দুয়োজন একেলগে নিৰুদ্দেশ হোৱাৰ লগে লগে পৰিয়ালটোৰ সন্দেহ ওপজিল। তেতিয়াই গ’ম পোৱা গ’ল যে দুয়োজনেই আচলতে একেলগে পলাই গৈছে।

জানিব পৰা মতে, বিয়াৰ বাবে কাপোৰ কিনিব বুলি কৈ দৰা ঘৰৰ পৰা ওলাই গৈছিল। তাৰ পিছত চুইচ অফ কৰিছিল মোবাইল। পিতৃয়ে বহুবাৰ ফোন কৰিও মোবাইলটো চুইচ অফ পায়। ইয়াৰ পিছত পিতৃয়ে শহুৰেকৰ ঘৰলৈ ফোন কৰিলে। তেতিয়াই গ’ম পোৱা গ’ল যে ছোৱালীজনীৰ মাতৃয়ো নোহোৱা হৈ গৈছে।

তাৰ পাছত কইনাৰ পিতৃয়ে আলমাৰী খুলি দেখে যে কন্যাৰ বিয়াৰ বাবে ৰখা বহুমূলীয়া গহনা আৰু ২.৫ লাখ টকা তাত নাই। এই বিষয়টোক লৈ এতিয়া সমগ্ৰ অঞ্চলটোত চৰ্চা চলিছে। পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত নিৰুদ্দেশ হোৱা লোকৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে মহিলাগৰাকী আৰু তেওঁৰ হ’বলগীয়া জোঁৱাইৰ মোবাইল লকেচন ট্ৰেক কৰিবলৈ চেষ্টা চলাই থকা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব