Smart Meter: স্থাপন কৰিব লাগিব স্মাৰ্ট মিটাৰ ! ৰাজ্যসমূহক সময়সীমা বান্ধি দিলে কেন্দ্ৰই…

স্থাপন কৰিব লাগিব স্মাৰ্ট মিটাৰ ! সময়সীমা বান্ধি দিছে কেন্দ্ৰই । বহু লোকে অভিযোগ উত্থাপন কৰিছিল যে, স্মাৰ্ট মিটাৰত বিদ্যুতৰ বিল বেছি আহে । সাধাৰণ মিটাৰতকৈ স্মাৰ্ট মিটাৰত বিদ্যুতৰ বিল বেছি অহাৰ অভিযোগ উত্থাপন কৰি বহু লোকে স্মাৰ্ট মিটাৰ স্থাপন কৰা নাছিল ।

Smart Meter: স্থাপন কৰিব লাগিব স্মাৰ্ট মিটাৰ ! ৰাজ্যসমূহক সময়সীমা বান্ধি দিলে কেন্দ্ৰই...

স্মাৰ্ট মিটাৰ

Published: 

09 Jun 2025 | 08:24 PM

আপুনি স্মাৰ্ট মিটাৰ স্থাপন কৰিলেনে ? যদি কৰা নাই তেন্তে স্থাপন কৰিব লাগিব স্মাৰ্ট মিটাৰ ! সময়সীমা বান্ধি দিছে কেন্দ্ৰই । বহু লোকে অভিযোগ উত্থাপন কৰিছিল যে, স্মাৰ্ট মিটাৰত বিদ্যুতৰ বিল বেছি আহে । সাধাৰণ মিটাৰতকৈ স্মাৰ্ট মিটাৰত বিদ্যুতৰ বিল বেছি অহাৰ অভিযোগ উত্থাপন কৰি বহু লোকে স্মাৰ্ট মিটাৰ স্থাপন কৰা নাছিল ।

স্মাৰ্ট মিটাৰক লৈ বিৰোধীয়েও চৰকাৰক সমালোচনা কৰা দেখা গৈছিল । কিছুমান ৰাজ্যত প্ৰাৰম্ভিক পৰীক্ষণৰ বাবে স্মাৰ্ট মিটাৰ স্থাপন কৰা হৈছে । একেদৰে চৰকাৰী প্ৰতিষ্ঠানটো স্থাপন কৰা হৈছে স্মাৰ্ট মিটাৰ । কোৱা হৈছে যে, প্ৰিপেইড স্মাৰ্ট মিটাৰে সময়মতে বিদ্যুতৰ বিল পৰিশোধ কৰাত সহায় কৰিব ।

যি কি নহওক, স্মাৰ্ট মিটাৰকলৈ চৰ্চা অব্যাহত থকাৰ মাজতে সময়সীমা নিৰ্ধাৰণ কৰিছে কেন্দ্ৰই । CNBC TV18 ৰ এক প্ৰতিবেদন অনুসৰি শুকুৰবাৰে চণ্ডীগড়ত উত্তৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে আয়োজিত এখন সন্মিলনত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় শক্তি মন্ত্ৰী মনোহৰ লাল খট্টৰে।

সেই সভাত তেওঁ কয়, “কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰা স্মাৰ্ট মিটাৰে গ্ৰাহকৰ অভিজ্ঞতা সম্পূৰ্ণৰূপে সলনি কৰিব। যাৰ জৰিয়তে এজন গ্ৰাহকে বিদ্যুতৰ ব্যৱহাৰ সন্দৰ্ভত সঠিক সিদ্ধান্ত ল’ব পাৰিব।” কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়, “প্ৰিপেইড স্মাৰ্ট মিটাৰে সময়মতে বিদ্যুতৰ বিল পৰিশোধ কৰাত সহায় কৰিব। আনকি ২০২৩-২৪ বিত্তীয় বৰ্ষতো কেইবাখনো ৰাজ্যৰ বিদ্যুতৰ বিল বাকী আছে। স্মাৰ্ট মিটাৰে সেই সমস্যা আঁতৰাই পেলাব।”

এই বৈঠকৰ পৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্যসমূহত স্মাৰ্ট মিটাৰ স্থাপনৰ সময়সীমা নিৰ্ধাৰণ কৰে। সময়সীমা নিৰ্ধাৰণ কৰি তেওঁ কয় যে, চলিত বৰ্ষৰ আগষ্টৰ ভিতৰত ৰাজ্যসমূহে সকলো চৰকাৰী প্ৰতিষ্ঠানত স্মাৰ্ট মিটাৰ স্থাপন কৰিব লাগিব। ইয়াৰ লগতে তেওঁ নৱেম্বৰৰ ভিতৰত সকলো বাণিজ্যিক আৰু উদ্যোগিক প্ৰতিষ্ঠানত এই স্মাৰ্ট মিটাৰ স্থাপনৰ নিৰ্দেশ দিয়াৰ কথা উল্লেখ কৰে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব