ভয়ংকৰ ঘটনা, বিদ্যালয় ভৱন ভাঙি যোৱাৰ ফলত মৃত্যু ৪টা শিশুৰ, আবদ্ধ বহু ছাত্ৰ-ছাত্ৰী, উদ্ধাৰ অভিযান অব্যাহত

চৰকাৰী বিদ্যালয় ভৱন ভাঙি চাৰিটাকৈ শিশুৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা গৈছে। ইয়াৰ লগতে আন বহুতো শিশু আহত হোৱা বুলি খবৰ প্ৰকাশ পাইছে।

ভয়ংকৰ ঘটনা, বিদ্যালয় ভৱন ভাঙি যোৱাৰ ফলত মৃত্যু ৪টা শিশুৰ, আবদ্ধ বহু ছাত্ৰ-ছাত্ৰী, উদ্ধাৰ অভিযান অব্যাহত

ৰাজস্থানত চৰকাৰী বিদ্যালয় ভৱন ভাঙি পৰিল

Updated On: 

25 Jul 2025 | 10:31 AM

ৰাজস্থানত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ৰাজ্যখনৰ ঝালাৱাৰ জিলাত চৰকাৰী বিদ্যালয় ভৱন ভাঙি চাৰিটাকৈ শিশুৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা গৈছে। ইয়াৰ লগতে আন বহুতো শিশু আহত হোৱা বুলি খবৰ প্ৰকাশ পাইছে। আহত সকলৰ ভিতৰত অধিকাংশই শিশু। ইতিমধ্য আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ইফালে অব্যাহত আছে উদ্ধাৰ অভিযান।

সংবাদ সংস্থা পিটিআইৰ প্ৰতিবেদন অনুসৰি, আৰক্ষীয়ে জনাইছে যে,শুকুৰবাৰে ৰাজস্থানৰ ঝালাৱাৰ জিলাত চৰকাৰী বিদ্যালয় ভৱনৰ এটা অংশ ভাঙি ৪ টা শিশুৰ মৃত্যু হোৱাৰ লগতে ১৭ টা শিশু আহত হয়। জিলাখনৰ মনোহৰ্থনা ব্লকৰ পিপ্ল’ডি চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পুৱাৰ প্ৰাৰ্থনাৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে এই ঘটনা সংঘটিত হয়।

ঝালাৱাৰৰ আৰক্ষী অধীক্ষক অমিত কুমাৰে পিটিআইক জনোৱা মতে, “৪টা শিশুৰ মৃত্যু হৈছে আৰু ১৭টা আহত হৈছে। দহটা শিশুক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। ইয়াৰে তিনিটাৰ পৰা চাৰিটা শিশুৰ অৱস্থা সংকটজনক।” আৰক্ষীয়ে জনোৱা মতে, শিক্ষক-শিক্ষয়িত্ৰী আৰু গাঁৱৰ ৰাইজৰ সহযোগত উদ্ধাৰ অভিযান চলোৱা হয়।

ৰাজ্যখনৰ শিক্ষামন্ত্ৰী মদন দিলাৱাৰে এই সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত কৰা হ’ব বুলি জানিবলৈ দিয়ে। তেওঁ বিষয়াসকলক সেই স্থানলৈ লৰালৰিকৈ গৈ শিশুসকলে যাতে উপযুক্ত চিকিৎসা লাভ কৰে তাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।

“ঝালাৱাৰত এটা অতি দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হয়, য’ত এখন বিদ্যালয়ৰ ছাঁদ ভাঙি পৰে। মই জিলা উপায়ুক্ত আৰু শিক্ষা বিষয়াক চিকিৎসাৰ সকলো ধৰণৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছোঁ। উপায়ুক্ত আৰু অন্যান্য বিষয়াসকল সেই স্থানত উপস্থিত হৈছে।” এইদৰে কয় শিক্ষামন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে, এই ঘটনা কিয় সংঘটিত হ’ল সেই বিষয়ে জানিবলৈ উচ্চ পৰ্যায়ৰ তদন্ত কৰা হ’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব