ধৰ্মীয় শোভাযাত্ৰাৰ মাজতে ভয়ংকৰ ঘটনা! ৬ জনকৈ লোকে হেৰুৱালে প্ৰাণ, আহত ৫০ জনৰো অধিক

ধৰ্মীয় শোভাযাত্ৰাৰ সময়ত সংঘটিত পদপিষ্টৰ ঘটনাত ৬ জন লোকৰ মৃত্যু হয়। কৰুণ দুৰ্ঘটনাটোত ৫০ জনতকৈ অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে। শুকুৰবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু উদ্ধাৰকাৰী দলে সেই স্থানত উপস্থিত হয়।

ধৰ্মীয় শোভাযাত্ৰাৰ মাজতে ভয়ংকৰ ঘটনা! ৬ জনকৈ লোকে হেৰুৱালে প্ৰাণ, আহত ৫০ জনৰো অধিক

গোৱাৰ শিৰগাঁৱত পদপিষ্টৰ ঘটনা

Updated On: 

03 May 2025 17:20 PM

বিখ্যাত শ্ৰী লাইৰাই যাত্ৰা (ধৰ্মীয় শোভাযাত্ৰা)ৰ সময়ত সংঘটিত পদপিষ্টৰ ঘটনাত ৬ জন লোকৰ মৃত্যু হয়। কৰুণ দুৰ্ঘটনাটোত ৫০ জনতকৈ অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে। গোৱাৰ শিৰগাঁৱত শুকুৰবাৰে নিশা সংঘটিত হয় এই শোকাৱহ ঘটনাটো। দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু উদ্ধাৰকাৰী দলে সেই স্থানত উপস্থিত হয়। তাৰ পিছত দুৰ্ঘটনাটোত আহতসকলক গোৱা চিকিৎসা মহাবিদ্যালয় আৰু মাপুছাৰ উত্তৰ গোৱা জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইফালে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

চিকিৎসালয়ত উপস্থিত হৈ আহত লোকসকলৰ স্বাস্থ্যৰ বুজ লয় গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে। আহতসকলৰ বিনামূলীয়া চিকিৎসাৰ বাবে নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে গোৱা কংগ্ৰেছে। শুকুৰবাৰে গোৱাৰ শিৰগাঁও মন্দিৰত বাৰ্ষিক যাত্ৰা (ধৰ্মীয় শোভাযাত্ৰা)ৰ সময়ত হোৱা পদপিষ্টৰ ঘটনাত কমেও ৬ জন লোক নিহত হোৱাৰ লগতে ৫০ জনৰো অধিক লোক গুৰুতৰভাৱে আহত হয়। বিশাল জনসমাগমৰ মাজত আতংক বিয়পি পৰাত মানুহে প্ৰাণ ৰক্ষাৰ বাবে ইফালে সিফালে দৌৰিবলৈ আৰম্ভ কৰে।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, এই ঘটনাৰ সময়ত পৰিস্থিতি অতি ভয়ংকৰ হৈ পৰে আৰু মানুহে ইজনে সিজনৰ ওপৰেৰে বাহিৰলৈ ওলাই আহিবলৈ চেষ্টা কৰিছিল। ঘটনা সন্দৰ্ভত খবৰ লাভ কৰাৰ লগে লগে সেই স্থানত উপস্থিত হৈ ততাতৈয়াকৈ সাহায্য আৰু উদ্ধাৰৰ কাম আৰম্ভ কৰে আৰক্ষী আৰু জৰুৰীকালীন সেৱাই। আহতসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অৱশ্যে কৰ্তৃপক্ষই এতিয়াও আনুষ্ঠানিকভাৱে এই পদপিষ্টৰ ঘটনা আঁৰৰ কাৰণ নিশ্চিত কৰা নাই যদিও প্ৰাৰম্ভিক খবৰ অনুসৰি অতিমাত্ৰা ভিৰ আৰু উপযুক্ত ব্যৱস্থা নথকাৰ বাবেই এই শোকাৱহ ঘটনা সংঘটিত হৈছে।

দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী আৰু কংগ্ৰেছে

শিৰগাঁৱৰ এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গোৱা কংগ্ৰেছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখিছে, “গোৱাৰ শিৰগাঁৱত পদপিষ্টৰ ঘটনাৰ ফলত হোৱা মৃত্যুত দুখী। আপোনজনক হেৰুওৱাসকলৰ প্ৰতি সমবেদনা যাঁচিছো। আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ। স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰি আছে।”  ইফালে ঘটনাক লৈ কংগ্ৰেছে লিখিছে, “শ্ৰী লাইৰাই দেৱী, শিৰগাঁৱৰ যাত্ৰাৎসৱত হোৱা পদপিষ্টৰ ঘটনাক লৈ অত্যন্ত দুখী। এই কৰুণ ঘটনাৰ বাবে আমি শোক প্ৰকাশ কৰিছো আৰু আপোনজনক হেৰুৱা পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। সকলো আহতসকলৰ আশু আৰোগ্য কামনা কৰিলো।”

জীৱন সংগীৰ সন্মুখত এইকেইটা কাম ভুলতেও নকৰিব, গোটেই জীৱন ভুগিব লাগিব আপুনি!
মদ নে চিগাৰেট ! হৃদযন্ত্ৰৰ বাবে কোনটো বেছি বিপদজনক ?
একেলগে খায় নেকি পিঁয়াজ আৰু নহৰু? দেহৰ ভিতৰত ইয়াৰ কি প্ৰভাৱ পৰে, চাওক....
কম বয়সত ধনী হ'বলৈ চাণক্যৰ এই তিনিটা নীতি পালন কৰক...