Goa fire: নাইট ক্লাৱত চিলিণ্ডাৰ বিস্ফোৰণ, নিহত ৩ জন পৰ্যটককে ধৰি ২৩ জন লোক

গোৱাৰ অৰপোৰা গাঁৱৰ এটা নাইট ক্লাৱত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত ২৩ জন লোকৰ মৃত্যু হয়, ইয়াৰে অধিকাংশই ক্লাৱৰ কৰ্মচাৰী। প্ৰাৰম্ভিক তদন্তত চিলিণ্ডাৰ বিস্ফোৰণৰ কাৰণ বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত।

Goa fire: নাইট ক্লাৱত চিলিণ্ডাৰ বিস্ফোৰণ, নিহত ৩ জন পৰ্যটককে ধৰি ২৩ জন লোক
Published: 

07 Dec 2025 | 07:52 AM

যোৱা নিশা গোৱাৰ অৰপোৰা গাঁৱৰ এটা নাইট ক্লাৱত এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয়। য’ত ২৩ জন লোকে মৃত্যুক সাৱটি লয়। নিহতসকলৰ অধিকাংশই ক্লাৱৰ কৰ্মচাৰী। গোৱা আৰক্ষী সঞ্চালক প্ৰধান আলোক কুমাৰে উল্লেখ কৰে যে, প্ৰাৰম্ভিক কাৰণত চিলিণ্ডাৰ বিস্ফোৰণ হোৱা বুলি সন্দেহ কৰা হৈছে। তেওঁ কয় যে এই পৰ্যন্ত ২৩টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। নিহতসকলৰ ভিতৰত আছে তিনিগৰাকী মহিলা আৰু তিনিৰ পৰা চাৰিজন পৰ্যটক।

আৰক্ষীৰ মতে, পুৱা প্ৰায় ১২ বজাত অগ্নিকাণ্ড সংঘটিত হয় আৰু এই তথ্য লাভ কৰাৰ লগে লগে কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা কৰে। লগতে উপস্থিত থাকে প্ৰশাসনিক বিষয়া। জুই নিয়ন্ত্ৰণলৈ অনা হৈছে যদিও উদ্ধাৰকাৰী দলে এতিয়াও তদন্ত অব্যাহত ৰাখিছে।

ঘটনাস্থলীত উপস্থিত জ্যেষ্ঠ বিষয়া, বৰ্তমানো উদ্ধাৰ অভিযান চলি আছে। জুইৰ প্ৰাৰম্ভিক কাৰণ চিলিণ্ডাৰ বিস্ফোৰণ বুলি অনুমান কৰা হৈছে, কিয়নো বেছিভাগ মৃতদেহ পাকঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে। স্থানীয় ৰাইজে জনোৱা মতে, ঘটনাৰ সময়ত ক্লাবত বহু লোক উপস্থিত আছিল। ইয়াৰে বৃহৎ সংখ্যকে যাবলৈ সক্ষম হয় আৰু তেওঁলোকেই কৰ্তৃপক্ষক সতৰ্ক কৰি দিয়ে।

শ্বাসৰুদ্ধকৰ পৰিৱেশৰ ফলত বেছিভাগ লোকৰ মৃত্যু

ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তই সমগ্ৰ ঘটনা সন্দৰ্ভত সোধা-পোছা কৰে। মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে তিনিজন লোকৰ জ্বলি আৰু বাকীসকলৰ উশাহৰ সমস্যাৰ বাবে মৃত্যু হৈছে। মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে নাইট ক্লাৱত অগ্নিকাণ্ড সংঘটিত হোৱা ঘটনাৰ পুংখানুপুংখ তদন্ত কৰা হ’ব আৰু দায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...