বিৰল! শিশুৰ মূৰৰ ওপৰেদি বিকশিত হৈছিল এখন হাত আৰু আঙুলি, পাছত পোহৰলৈ আহিল…

এক আজৱ ঘটনা। এটি শিশুৰ মূৰৰ ওপৰেদি ওলাই আহিছে এখন হাত আৰু আঙুলি। পিতৃ-মাতৃয়ে ভাবিছিল এয়া কোনো ভগৱানৰ আলৌকিক চমৎকাৰ। কিন্তু যেতিয়া ইয়াৰ সত্য পোহৰলৈ আহে সকলো আচৰিত হয়।

বিৰল! শিশুৰ মূৰৰ ওপৰেদি বিকশিত হৈছিল এখন হাত আৰু আঙুলি, পাছত পোহৰলৈ আহিল...

শিশুটি

Published: 

10 Apr 2025 | 12:23 PM

এক আজৱ ঘটনা। ৩ বছৰীয়া এটি শিশুৰ মূৰৰ ওপৰেদি এখন হাত ওলাই আহিছিল। এয়াই নহয়, শিশুটিৰ মূৰত মানুহৰ অন্য কিছুমান অংগও আছিল। পৰিয়ালৰ লোকে এয়া কোনো ঈশ্বৰৰ অলৌকিকতা বুলি গণ্য কৰি চিকিৎসা কৰা নাছিল। কিন্তু যেতিয়া শিশুটিৰ এই অংগবোৰ বৃদ্ধি হ’বলৈ ধৰে তেতিয়া পিতৃ-মাতৃ চিন্তিত হয় আৰু চিকিৎসকৰ সহায় বিচাৰে।

চিকিৎসকে কয় যে ই আছিল পৰজীৱী যমজ (Parasitic Twin) সন্তানৰ অংশ। য’ত অল্প বিকশিক যমজ ভ্ৰুণ জীৱিত শিশুটিৰ মূৰ আৰু ডিঙিত লাগি আছিল। চিকিৎসকৰ মতে, পৰজীৱী যমজ সন্তান এটা বিৰল ঘটনা।  কেতিয়াবা গৰ্ভত দুটা যমজ সন্তান গঠন হ’বলৈ আৰম্ভ কৰে, কিন্তু ইয়াৰে এটাৰ বিকাশ আধাতে বন্ধ হৈ যায়। তেতিয়া অসম্পূৰ্ণ যমজ সন্তানটো ইয়াৰ সম্পূৰ্ণ বিকশিত যমজ সন্তানটোৰ লগত সংলগ্ন হৈ পৰে। এই ঘটনা মধ্যপ্ৰদেশৰ ৰাজধানী ভোপালৰ।

অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (এইমছ) ভোপালৰ চিকিৎসকে অস্ত্ৰোপচাৰৰ জৰিয়তে শিশুটিৰ দেহত লাগি থকা অংশসমূহ আঁতৰাই পেলায়। এই শিশুটি মধ্যপ্ৰদেশৰ অশোক নগৰৰ বাসিন্দা। আচৰিত কথা এয়াই যে অন্ধবিশ্বাসৰ বলি হৈ পিতৃ-মাতৃয়ে কন্যাক চিকিৎসকৰ ওচৰলৈ লৈ যোৱা নাছিল।

কিন্তু যেতিয়া অংগসমূহ বৃদ্ধি হ’বলৈ ধৰে তেতিয়া হাস্পাতাললৈ লৈ যোৱা হয়। পৰৱৰ্তী সময়ত ভালদৰে পৰীক্ষা কৰি স্নায়ু  চাৰ্জাৰী বিভাগৰ চিকিৎসকে তেওঁৰ এম আৰ আই আৰু চি টি স্কেন কৰে। তেতিয়া পোহৰলৈ আহে যে, শিশুটিৰ মূৰ আৰু মেৰুদণ্ডৰ লগত শৰীৰৰ এটা অবিকশিত অংশ আৰু শ্ৰোণী হাড় সংলগ্ন হৈ আছিল। ইয়াৰ পাছত চিকিৎসকে শিশুটিৰ অস্ত্ৰোপচাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে । পৰিয়ালৰ সন্মতি লাভ কৰাৰ পিছত চিকিৎসকৰ এটা দলে ইণ্ট্ৰাঅ’প নিউৰ’ টেকন’লজি ব্যৱহাৰ কৰি ৭ ঘণ্টাৰ অস্ত্ৰোপচাৰৰ অন্তত শিশুটিৰ দেহত লাগি থকা অবিকশিত ভ্ৰুণটোক পৃথক কৰে।

হাস্পাতাল কৰ্তৃপক্ষই জনোৱা অনুসৰি, বিষয়টোৰ জটিলতাৰ ওপৰত লক্ষ্য ৰাখি চিকিৎসকৰ এটা দল গঠন কৰা হৈছিল। ইয়াত ৰেডিঅ’লজি বিভাগৰ ডাঃ ৰাধা গুপ্তা আৰু ডাঃ অংকুৰ, শিশু অস্ত্ৰোপচাৰ বিভাগৰ ডাঃ ৰিয়াজ আহমেদ আৰু প্লাষ্টিক চাৰ্জাৰী বিভাগৰ ডাঃ বেদ প্ৰকাশ আছিল। ইয়াৰ পাছত ৩ এপ্ৰিলত এই অস্ত্ৰোপচাৰ সম্পন্ন হয়। জানিব পৰা মতে, শিশুটিৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হয়। ঘটনা সন্দৰ্ভত এইমচ ভোপালৰ কাৰ্যবাহী সঞ্চালক ড০ অজয় ​​সিঙে কয়, ‘এইমছ ভোপালে মধ্য ভাৰতত বিশ্বমানৰ স্বাস্থ্যসেৱা প্ৰদানৰ বাবে অহৰহ চেষ্টা কৰি আছে। ইয়াৰোপৰি এনে জটিল বিষয়ত সফলতা লাভ কৰা আমাৰ চিকিৎসকৰ বিশেষজ্ঞতা বুলি তেওঁ কয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব