“আমি নিৰাশ”, পহলগাম-অপাৰেচন সেন্দূৰক লৈ চৰকাৰ মৌন, গৌৰৱ গগৈৰ তীব্ৰ সমালোচনা…

সাংসদ গৌৰৱ গগৈয়ে কয় যে,বিৰোধীয়ে এই বিষয়সমূহৰ ওপৰত বিশেষ অধিৱেশনৰ বাবে অনুৰোধ জনাইছিল যদিও দাবী নাকচ কৰিছিল। অধিক চিন্তনীয় কথাটো হ’ল- চলিত অধিৱেশনতো চৰকাৰে মৌনতা অৱলম্বন কৰা বুলি তেওঁ উল্লেখ কৰিছে।

আমি নিৰাশ, পহলগাম-অপাৰেচন সেন্দূৰক লৈ চৰকাৰ মৌন, গৌৰৱ গগৈৰ তীব্ৰ সমালোচনা...

সাংসদ গৌৰৱ গগৈ

Published: 

22 Jul 2025 12:24 PM

সংসদৰ চলি থকা বৰ্ষাকালীন অধিৱেশনৰ সময়ত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ জটিল বিষয়সমূহ আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰা নাই চৰকাৰে। এই অভিযোগ আনিছে সাংসদ গৌৰৱ গগৈয়ে। বৰ্ষাকালীন অধিৱেশনৰ সময়ত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ জটিল বিষয়সমূহ—বিশেষকৈ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন সেন্দূৰক লৈ আলোচনাৰ সন্দৰ্ভত চৰকাৰে মৌনতা অৱলম্বন কৰা বুলি উল্লেখ কৰি দুখ প্ৰকাশ কৰে গৌৰৱ গগৈয়ে।

ব্যৱসায়িক পৰামৰ্শদাতা সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰি গগৈয়ে কয় যে,বিৰোধীয়ে এই বিষয়সমূহৰ ওপৰত বিশেষ অধিৱেশনৰ বাবে অনুৰোধ জনাইছিল যদিও দাবী নাকচ কৰিছিল। অধিক চিন্তনীয় কথাটো হ’ল- চলিত অধিৱেশনতো চৰকাৰে মৌনতা অৱলম্বন কৰা বুলি তেওঁ উল্লেখ কৰিছে।

সাংবাদিকৰ আগত গগৈয়ে কয়, “পহলগাম আৰু অপাৰেচন সেন্দূৰক লৈ বিভিন্ন দলে বিশেষ অধিৱেশন আহ্বান কৰিবলৈ অনুৰোধ জনাইছিল। চৰকাৰে বিশেষ অধিৱেশনৰ দাবী নাকচ কৰিছিল। এতিয়া বৰ্ষাকালীন অধিবেশনতো তেওঁলোকে পহলগাম আৰু অপাৰেচন সেন্দূৰৰ বিষয়ে আলোচনা কৰিবলৈ বিচৰা নাই। আজি অনুষ্ঠিত বিএচিৰ বৈঠকত আমি নিৰাশ, কাৰণ এজেণ্ডাত কেৱল চৰকাৰৰ বিধেয়ক আছিল।”

বিএচিৰ চৰকাৰী কাৰ্যসূচীৰ পৰা এই দুটা ঘটনাক বাদ দিয়াত চৰকাৰক সমালোচনা কৰে সাংসদ গগৈয়ে। বিশেষকৈ ইয়াৰ লগত জড়িত নিৰাপত্তাজনিত ভাবুকিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ চৰকাৰক আলোচনাৰ বাবে এটা তাৰিখ নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনায়।

“চৰকাৰে স্পষ্ট কৰি দিব লাগে যে কোন দিনা তেওঁলোকে এই আলোচনা কৰিব। প্ৰধানমন্ত্ৰী বিদেশ ভ্ৰমণলৈ যোৱাৰ কথা উল্লেখ কৰা হৈছে আৰু সেইটো গুৰুত্বপূৰ্ণ বুলি মই বিশ্বাস কৰোঁ, কিন্তু আজি আমি প্ৰথমবাৰৰ বাবে বৰ্ষাকালীন অধিবেশনৰ বাবে বৈঠকত মিলিত হৈছিলো। আলোচনা আজি নহ’লহেঁতেন নে কাইলৈ নহ’লহেঁতেন ? চৰকাৰে স্পষ্ট কৰি দিব লাগে যে কেতিয়া আলোচনা অনুষ্ঠিত হ’ব।”

সাংসদ গগৈয়ে আঙুলিয়াই দিয়ে যে, অপাৰেচন সেন্দূৰ বা পহলগাম আক্ৰমণৰ কোনোটোৱেই অগ্ৰাধিকাৰৰ তালিকাত স্থান লাভ কৰা নাছিল।

মুখৰ দুৰ্গন্ধ হ’ব পাৰে এনে ৰোগসমূহৰ প্ৰাৰম্ভিক লক্ষণ, আওকাণ নকৰি এতিয়াই হওক সাৱধান
ব্ৰেকফাষ্টৰ পৰা আৰম্ভ কৰি নিশাৰ আহাৰতো কণী! পিছে দিনটোত কিমান কণী খাব লাগে জানেনে?
চুলি সৰা সমস্যাৰ পৰা উপশম পাবলৈ এইকেইটা ঘৰুৱা উপায় গ্ৰহণ কৰক...
কেন্সাৰৰ এই প্ৰাৰম্ভিক লক্ষণসমূহ আপুনি কেতিয়াও আওকাণ কৰিব নালাগে