“শান্তিপূৰ্ণ ফলাফলৰ দিশত আগবাঢ়ক”, ভাৰত আৰু পাকিস্তানক সংযম হ’বলৈ আহ্বান G-7 দেশৰ

শনিবাৰে G-7 ৰাষ্ট্ৰসমূহে ভাৰত আৰু পাকিস্তানক সংযম হ'বলৈ আহ্বান জনাইছে । গ্ৰুপ অৱ ছেভেন (G-7) ৰাষ্ট্ৰই ভাৰত আৰু পাকিস্তানক সংযম হ'বলৈ কোৱাৰ লগতে আলোচনাৰ জৰিয়তে দুয়োখন দেশৰ সামৰিক উত্তেজনা শীঘ্ৰে হ্ৰাস কৰিবলৈ আহ্বান জনায়।

শান্তিপূৰ্ণ ফলাফলৰ দিশত আগবাঢ়ক, ভাৰত আৰু পাকিস্তানক সংযম হবলৈ আহ্বান G-7 দেশৰ
Updated On: 

10 May 2025 10:51 AM

ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা অব্যাহত আছে । বৃহস্পতিবাৰৰ দৰে শুকুবাৰ আৰু শনিবাৰৰ নিশাও পাকিস্তানে ভাৰতৰ কেইবাটাও স্থানক লক্ষ্য কৰি ড্ৰোন আক্ৰমণৰ লক্ষ্য কৰি লৈছিল । পিছে পাকিস্তানৰ এই প্ৰচেষ্টাক ভাৰতে সম্পূৰ্ণৰূপে বিফল কৰে বুলি খবৰ প্ৰকাশ পাইছে । ইফালে, আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ লগতে LoC ৰ সমীপত পাকিস্তানৰ দিশৰ পৰা ধাৰাবাহিকভাৱে গোলাবৰ্ষণ কৰি যুদ্ধ বিৰতি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে ।

এনে পৰিস্থিতিৰ মাজতে শনিবাৰে G-7 ৰাষ্ট্ৰসমূহে ভাৰত আৰু পাকিস্তানক সংযম হ’বলৈ আহ্বান জনাইছে । গ্ৰুপ অৱ ছেভেন (G-7) ৰাষ্ট্ৰই ভাৰত আৰু পাকিস্তানক সংযম হ’বলৈ কোৱাৰ লগতে আলোচনাৰ জৰিয়তে দুয়োখন দেশৰ সামৰিক উত্তেজনা শীঘ্ৰে হ্ৰাস কৰিবলৈ আহ্বান জনায়।

পাৰমাণৱিক অস্ত্ৰধাৰী প্ৰতিবেশী দেশ দুখনৰ মাজত সামৰিক সংঘৰ্ষ অব্যাহত থকাৰ সময়তে শক্তিশালী গোটটোৱে এই আহ্বান জনাইছে। G-7 য়ে কয় যে, তেওঁলোকে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু দ্ৰুত আৰু স্থায়ী কূটনৈতিক সমাধানৰ বাবে সমৰ্থন প্ৰকাশ কৰিছে।

এক বিবৃতিত G-7 দেশসমূহৰ বৈদেশিক মন্ত্ৰীসকলে কয় যে, অধিক সামৰিক সংঘাত বৃদ্ধিয়ে আঞ্চলিক স্থিতিশীলতাৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে। লগতে বিবৃতিটোত কোৱা হৈছে, “আমি কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, ব্ৰিটেইন আৰু আমেৰিকাৰ G-7 ৰ বৈদেশিক মন্ত্ৰী আৰু ইউৰোপীয় সংঘৰ শীৰ্ষ প্ৰতিনিধিয়ে ২২ এপ্ৰিলত পহলগামত সংঘটিত হোৱা ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছো আৰু ভাৰত আৰু পাকিস্তান উভয়কে সংযম হ’বলৈ আহ্বান জনাইছো।”

ইয়াৰ লগতে কোৱা হৈছে যে, “অধিক সামৰিক উত্তেজনাই আঞ্চলটোৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে। আমি দুয়োপক্ষৰ সাধাৰণ নাগৰিকৰ সুৰক্ষাৰ বাবে গভীৰভাৱে চিন্তিত।” তদুপৰি G-7 য়ে কয় যে, ” আমি তাৎক্ষণিকভাৱে ডি-এস্কেলেচনৰ আহ্বান জনাইছো আৰু দুয়োখন দেশকে শান্তিপূৰ্ণ ফলাফলৰ দিশত প্ৰত্যক্ষ আলোচনাৰ দিশত আগবাঢ়িবলৈ আহ্বান জনাইছো ।”

বৃদ্ধি পাইছে ভাৰত-পাকিস্তান উত্তেজনা, তাৰ মাজতে আমিৰ খানে ল’লে বিশেষ একচন…
সঘনাই মুখত কিয় ঘাঁ লাগে ? এই সমস্যাৰ পৰা উপশম পোৱাৰ উপায় কি ?
লিভাৰৰ বাবে সুৰাতকৈও অধিক বিপজ্জনক এই ৩টা বস্তু | These 3 things are more dangerous for Liver than alcohol
Barakৰ পৰা BrahMos লৈ, ভাৰতৰ ৫ শক্তিশালী অস্ত্ৰৰ বৈশিষ্ট্য জানক | India Pakistan Tension from Bara to Brahmos Indias Powerful Weapons Operation Sindoor