শোকাৱহ! পুখুৰীত গা ধুবলৈ গৈ চাৰি কিশোৰীৰ সলিল সমাধি

বিদ্যালয়ৰ পৰা ঘৰলৈ উভতাৰ সময়তে এটা পুখুৰীত গা ধুবলৈ গৈ প্ৰাণ হেৰুৱাইছে চাৰিগৰাকী ছাত্ৰীয়ে। জানিব পৰা মতে এগৰাকী ছাত্ৰী গা ধুই থকাৰ সময়তে পুখুৰীটোৰ দ পানীত পৰি যোৱাৰ ফলত ডুব যোৱাৰ উপক্ৰম হয় আৰু তেওঁক তেনে পৰিস্থিতিৰ পৰা উদ্ধাৰৰ চেষ্টা কৰি আন তিনিগৰাকী ছাত্ৰীৰো মৃত্যু হয়।

শোকাৱহ! পুখুৰীত গা ধুবলৈ গৈ চাৰি কিশোৰীৰ সলিল সমাধি

প্ৰতিনিধিত্বমূলক ছবি

Published: 

30 Aug 2024 | 11:22 PM

ৰাজস্থানৰ চিত্তৰগড় জিলাত আজি সংঘটিত হৈছে এক শোকাৱহ ঘটনা। এটা পুখুৰীত গা ধোৱাৰ সময়তে পানীত ডুব যোৱাৰ ফলত মৃত্যু ঘটিছে চাৰিগৰাকী কিশোৰী ছাত্ৰীৰ। বিদ্যালয়ৰ পৰা নিজ নিজ ঘৰলৈ উভতি অহাৰ সময়তে বাটতে পোৱা এটা পুখুৰীত গা ধুবলৈ গৈ প্ৰাণ হেৰুৱাইছে ছাত্ৰীকেইগৰাকীয়ে। জানিব পৰা মতে এগৰাকী ছাত্ৰী গা ধুই থকাৰ সময়তে পুখুৰীটোৰ দ পানীত পৰি যোৱাৰ ফলত ডুব যোৱাৰ উপক্ৰম হয় আৰু তেওঁক তেনে পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে আন তিনিগৰাকী ছাত্ৰীয়ে।

কিন্তু তেওঁলোকৰ এই চেষ্টা বিফল হয় আৰু গভীৰ পানীত সোমাই আটাইকেইগৰাকীৰে শোকাৱহভাৱে মৃত্যু ঘটে। এই হৃদয় বিদাৰক ঘটনা চিত্তৰগড় জিলাৰ ডুংলা অঞ্চলৰ বিলোডা নামৰ এখন গাঁৱ্ত সংঘটিত হৈছে। প্ৰকাশিত খবৰ অনুসৰি স্কুলৰ পৰা একেলগে উভতি অহাৰ সময়তে তেওঁলোকৰ মাজৰে এগৰাকী ছাত্ৰীয়ে পুখুৰীত গা ধোৱাৰ ইচ্ছা প্ৰকাশ কৰে।

তেওঁৰ ইচ্ছা অনুসৰিয়েই আটাইকেইগৰাকী ছাত্ৰী পুখুৰীটোৰ কাষলৈ যায় আৰু চাৰিগৰাকী ছাত্ৰী পুখুৰীটোত নামে। তেনে সময়তে এগৰাকী ছাত্ৰী পানীৰ উমান বুজিব নোৱাৰি গভীৰ পানীত সোমাই যায় আৰু ডুব যোৱাৰ উপক্ৰম হয়। এই আকস্মিক পৰিস্থিতিতি আনকেইগৰাকী ছাত্ৰীও শংকিত হৈ পৰে।

সহপাঠী ছাত্ৰীগৰাকীৰ প্ৰাণ ৰক্ষা কৰাৰ মানসেৰে আন তিনিগৰাকী কন্যা ছাত্ৰী তেওঁৰ কাষ চাপি যায় আৰু উদ্ধাৰৰ পূৰ্ণ চেষ্টা কৰে। কিন্তু পুখুৰীটোৰ সেই অংশৰ পানীৰ গভীৰতা সন্দৰ্ভত ছাত্ৰীকেইগৰাকীৰ কোনো ধাৰণা নাছিল আৰু এনে পৰিস্থিতিত প্ৰথম ছাত্ৰীগৰাকীৰ লগতে আন তিনিগৰাকী ছাত্ৰীও পানীত ডুব যায়।

এই ভয়াৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত পুখুৰীটোৰ পাৰত থিয় দি আছিল আন এগৰাকী ছাত্ৰী। এই ছাত্ৰীগৰাকীয়ে পৰিস্থিতিৰ ভয়াৱহতা উপলব্ধি কৰি লগে লগে গাঁওবাসীক এই বিষয়ে অৱগত কৰে। ছাত্ৰীগৰাকীৰ পৰা ঘটনাৰ বিষয়ে জানিব পৰাৰ পিছতে গাঁৱৰ বহু লোক সেই স্থানত উপস্থিত হয় আৰু পুখুৰীটোৰ পৰা ছাত্ৰী চাৰিগৰাকীক উদ্ধাৰ কৰি তাৎক্ষণিকভাৱে স্থানীয় চিকিৎসালয়লৈ লৈ যায়।

কিন্তু চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছতে চিকিৎসকে প্ৰাথমিক পৰীক্ষা কৰি আটাইকেইগৰাকীকে মৃত ঘোষণা কৰে। নিহত ছাত্ৰীকেইগৰাকীক স্থানীয় গণেশ মীনাৰ কন্যা নৰ্মাদা (১৩), শ্যাম লাল মীনাৰ কন্যা বীনা (১৫), সত্তু মীনাৰ কন্যা যশোদা (১২) আৰু মতিলাল মীনাৰ কন্যা কমল (১৪) বুলি চিনাক্ত কৰা হৈছে।

এই শোকাৱহ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। শোকত ভাগি পৰিছে নিহত ছাত্ৰীকেইৰাকীৰ পৰিয়াল। ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ পিছতে ৰাজস্থান চৰকাৰৰ কেবিনেট মন্ত্ৰী গৌতম কুমাৰ ডাকৰ লগতে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...