হৃদয় বিদাৰক! ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে জাহ গ’ল চাৰি বন্ধু

এক শোকাৱহ ঘটনাই জোকাৰিছে গুৰুগ্ৰাম। গভীৰ নিশা কোঠাৰ ভিতৰত শুই থকা অৱস্থাতে সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱাইছে এগৰাকী কিশোৰৰ লগতে তিনিজন যুৱকে। শ্বৰ্ট চাৰ্কিটৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।

হৃদয় বিদাৰক! ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে জাহ গ’ল চাৰি বন্ধু

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

26 Oct 2024 13:12 PM

গভীৰ নিশা কোঠাৰ ভিতৰত নিদ্ৰাৰত অৱস্থাত আছিল চাৰি বন্ধু। হঠাতে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড আৰু জুইৰ লেলিহান শিখাই কোঠাটো আৱৰি ধৰে। নিদ্ৰাৰত অৱস্থাত থকাৰ বাবে এই অগ্নিকাণ্ডৰ কোনো ভূ নাপালে চাৰি বন্ধুৱে। ইয়াৰ পৰিণতিত অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱায় আটাইকেইজনে। এক শোকাৱহ ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ গুৰুগ্ৰামত। শুকুৰবাৰে নিশা প্ৰায় ১২.৩০ বজাত গুৰুগ্ৰামস্থিত সৰস্বতী এনক্লেভৰ জি ব্লকত সংঘটিত হয় এই দুৰ্ঘটনা।

অগ্নিকাণ্ডত এগৰাকী কিশোৰৰ লগতে আন তিনিজন যুৱকে প্ৰাণ হেৰুৱাইছে। এই ভয়ংকৰ ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে কোঠাটোৰ পৰা নিহত লোককেইজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। নিহত আটাইকেইজন লোকক আৰক্ষীয়ে চিনাক্ত কৰা বুলি সদৰী কৰে।

প্ৰকাশিত খবৰ অনুসৰি, শুকুৰবাৰে নিশা প্ৰায় ১২.৩০ বজাত সৰস্বতী এনক্লেভৰ জি ব্লকত অৱস্থিত ঘৰটোত জুইয়ে আৱৰি ধৰা প্ৰত্যক্ষ কৰে স্থানীয় একাংশ লোকে। অগ্নিকাণ্ড সংঘটিত হোৱা ঘৰটোৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ হৈ আছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত পৰিয়ালৰ লোকসকল শুই আছিল বাবে তেওঁলোকে জুইৰ কথাও লক্ষ্য কৰা নাছিল বুলি সন্দেহ কৰা হৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নিহত লোককেইজনক ইতিমধ্যে চিনাক্ত কৰা হৈছে। নিহত চাৰিওজনৰ নাম ক্ৰমে অমন, চাহিল, নূৰ আলম আৰু মহম্মদ মুস্তাক বুলি সদৰী কৰিছে আৰক্ষীয়ে। চাৰিওজনেই বিহাৰৰ মতিহাৰী জিলাৰ বাসিন্দা। ইয়াৰে অমনক এগৰাকী কিশোৰ হিচাপে আৰক্ষীয়ে চিনাক্ত কৰে। ১৭ বৰ্ষীয় অমনে দশম শ্ৰেণীত অধ্যয়ন কৰি আছিল বুলি আৰক্ষীয়ে লগতে জানিবলৈ দিয়ে।

আনহাতে নিহত আনকেইজন যুৱকৰ ভিতৰত চাহিলৰ বয়স আছিল ২২ বছৰ। নূৰ আলমৰ বয়স ২৭ বছৰ বুলি কোৱা হৈছে। আনহাতে, মহম্মদ মুস্তাকৰ বয়স ২৮ বছৰ। মুস্তাক আৰু নূৰে পূৰ্বে কাপোৰৰ কাৰখানাত দৰ্জী হিচাপে কাম কৰিছিল। আনহাতে চাহিলে ভ্ৰমণ কৰাৰ উদ্দেশ্যৰে গুৰুগ্ৰামত উপস্থিত হৈছিল।

ঘটনা সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হয়। শ্বৰ্ট চাৰ্কিটৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। ইফালে মৃতকৰ পৰিয়ালক ঘটনাৰ বিষয়ে অৱগত কৰা হৈছে বুলি উল্লেখ কৰি আৰক্ষীয়ে লগতে মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ পৰিয়ালৰ হাতত গতাই দিয়া হ’ব বুলি এগৰাকী জানিবলৈ দিয়ে।

ব্ৰা নিপিন্ধে উৰ্ফিয়ে! আঁৰৰ কাৰণ শুনিলে আচৰিত হোৱাৰ লগতে ভাবুক হ’ব আপুনিও….
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey