শোকাৱহ ঘটনাঃ পানী টেংকী পৰিষ্কাৰ কৰি থকাৰ সময়তে প্ৰাণ গ’ল ৫ শ্ৰমিকৰ

পানীৰ টেংকী চাফা কৰি থকা সময়তে শ্বাসৰুদ্ধ হৈ প্ৰাণ হেৰুৱাইছে ৫ জন শ্ৰমিকে। টেংকীৰ ভিতৰত সোমাই শ্ৰমিকসকলে চাফা কৰি থকাৰ সময়তে অক্সিজেনৰ অভাৱত কিছু অস্বস্তি অনুভৱ কৰা পৰিলক্ষিত হয়। আটাইকেইজনকে চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয়ত তেওঁলোকৰ মৃত্যু ঘটে।

শোকাৱহ ঘটনাঃ পানী টেংকী পৰিষ্কাৰ কৰি থকাৰ সময়তে প্ৰাণ গ’ল ৫ শ্ৰমিকৰ

প্ৰতিনিধিত্বমূলক ছবি

Published: 

09 Mar 2025 | 08:24 PM

এক শোকাৱহ ঘটনাই জোকাৰি গৈছে মুম্বাই। পাঁচজনকৈ শ্ৰমিকৰ হৃদয় বিদাৰক মৃত্যুৰ ঘটনাই দখল কৰিছে সংবাদ শিৰোনাম। মুম্বাইৰ নাগপাড়াত সংঘটিত হৈছে এই ঘটনা। পানীৰ টেংকী চাফা কৰি থকা সময়তে শ্বাসৰুদ্ধ হৈ প্ৰাণ হেৰুৱাইছে ৫ জন শ্ৰমিকে। টেংকীৰ ভিতৰত সোমাই শ্ৰমিকসকলে চাফা কৰি থকাৰ সময়তে অক্সিজেনৰ অভাৱত কিছু অস্বস্তি অনুভৱ কৰা পৰিলক্ষিত হয়। আটাইকেইজনকে চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয়ত তেওঁলোকৰ মৃত্যু ঘটে।

অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত তেওঁলোকক টেংকীৰ পৰা বাহিৰলৈ উলিয়াই অনা হয় আৰু লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয়। সংকটজনক অৱস্থাত শ্ৰমিককেইজনক মুম্বাইৰ জে জে হাস্পতালত ভৰ্তি কৰোৱা হয়। কিন্তু তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা অধিক সংকটজনক হৈ পৰাত প্ৰাণৰক্ষা কৰা সম্ভৱপৰ হৈ নুঠিল আৰু আটাইকেইজনে শোকাৱহভাৱে প্ৰাণ হেৰুৱায়।

ঘটনা সন্দৰ্ভত স্থানীয় এগৰাকী প্ৰশাসনিক বিষয়াই জানিবলৈ দিয়া মতে, মুম্বাইৰ নাগপাড়াত এক নির্মীয়মান অট্টালিকাৰ পানীৰ টেংকী পৰিষ্কাৰ কৰি আছিল শ্ৰমিককেইজনে। টেংকীত সোমাই থকা সময়তে অক্সিজেনৰ অভাৱত ৫ জন শ্ৰমিকৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে আৰু তেওঁলোকক লগে লগে জে জে হাস্পতাললৈ লৈ যোৱা হয় বুলি বিষয়াগৰাকীয়ে সদৰী কৰে।

চিকিৎসকে লগে লগে অচেতন শ্ৰমিকসকলৰ স্বাস্থ্য পৰীক্ষা কৰে যদিও তেওঁলোকৰ ইতিপূৰ্বেই মৃত্যু ঘটা বুলি চিকিৎসকে ঘোষণা কৰে। ঘটনা সন্দৰ্ভত প্ৰাথমিক তদন্তত প্ৰকাশ পোৱা তথ্য অনুসৰি পাঁচোজন শ্ৰমিক ঠিকাভিত্তিক শ্ৰমিক আছিল। এই ঘটনাই সমগ্ৰ ৰাজ্যতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

নিহত শ্ৰমিককেইজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই বুলি স্থানীয় প্ৰশাসনিক বিষয়াগৰাকীয়ে জানিবলৈ দিছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে মুম্বাই আৰক্ষীয়ে। প্ৰাৰম্ভিক তদন্তত টেংকীটো পৰিষ্কাৰ কৰি থকাৰ সময়ত অক্সিজেনৰ অভাৱৰ বাবে শ্ৰমিককেইজনে শ্বাস-প্ৰশ্বাসত অসুবিধাৰ সন্মুখীন হোৱা বুলি ধাৰণা কৰা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...