India’s highest rail bridge: দেশৰ সৰ্বোচ্চ ৰেল দলেঙেৰে পাৰ হ’ল বন্দে ভাৰত এক্সপ্ৰেছ

পুৱা ৮ বজাত কাটৰা ষ্টেচনৰ পৰা ৰাওনা হয় ট্ৰেইনখন । দিনৰ প্ৰায় ১১ বজাত শ্ৰীনগৰত উপস্থিত হয়গৈ বন্দে ভাৰত এক্সপ্ৰেছ । প্ৰায় ১৬০ কিঃমিঃ পথ যাত্ৰাৰ বাবে সময়ৰ প্ৰয়োজন হল প্ৰায় ৩ ঘন্টা ।

Indias highest rail bridge: দেশৰ সৰ্বোচ্চ ৰেল দলেঙেৰে পাৰ হল বন্দে ভাৰত এক্সপ্ৰেছ

বন্দে ভাৰত এক্সপ্ৰেছ

Published: 

28 Jan 2025 | 05:56 PM

নজিৰ সৃষ্টিৰে বিশ্বৰ উচ্চতম ৰেলৱে সেতুৰে পাৰ হ’ল বন্দে ভাৰত এক্সপ্ৰেছ । জম্মু-কাশ্মীৰৰ চেনাব ৰেল দলঙেৰে সম্পন্ন বন্দে ভাৰত এক্সপ্ৰেছৰ পৰীক্ষামূলক চলাচল । মাতা বৈষ্ণো দেৱী কাটৰা ষ্টেচনৰ পৰা শ্ৰীনগৰলৈ চললি বন্দে ভাৰত এক্সপ্ৰেছ । কেৱল বিশ্বৰ উচ্চতম ৰেল সেতুৰেই নহয়, দেশৰ প্ৰথম কেবল-দলং আঞ্জি খাদৰ ওপৰেৰেও পাৰ হৈ যায় দ্ৰুতবেগী ট্ৰেইনখন ।

জানিব পৰা মতে, জম্মু-কাশ্মীৰৰ নিত্য পৰিৱৰ্তিত বতৰৰ পৰিস্থিতিয়ে আন কোনো ৰে’লৰ বাবে সমস্যাৰ সৃষ্টি কৰিলেও কিন্তু বন্দে ভাৰতৰ বাবে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহ’ব । উপত্যকাটোৰ পৰিৱৰ্তিত বতৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই বন্দে ভাৰত এক্সপ্ৰেছ তৈয়াৰ কৰা হৈছে । তাপমান -৩০ ডিগ্ৰী চেলছিয়াছ হ’লেও এই ৰেলখনত কোনো প্ৰভাৱ নপৰে । চৌদিশ বৰফেৰে আবৃত হ’লেও ৰে’লৰ পথত কোনো ধৰণৰ বাধাৰ সৃষ্টি নহ’ব ।


জানিব পৰা মতে পুৱা ৮ বজাত কাটৰা ষ্টেচনৰ পৰা ৰাওনা হয় ট্ৰেইনখন । দিনৰ প্ৰায় ১১ বজাত শ্ৰীনগৰত উপস্থিত হয়গৈ বন্দে ভাৰত এক্সপ্ৰেছ । প্ৰায় ১৬০ কিঃমিঃ পথ যাত্ৰাৰ বাবে সময়ৰ প্ৰয়োজন হল প্ৰায় ৩ ঘন্টা ।

প্ৰচণ্ড শীততো কোনো সমস্যাৰ সৃষ্টি নহয় বন্দে ভাৰত এক্সপ্ৰেছত

জম্মু কাশ্মীৰৰ পৰিৱৰ্তিত বতৰৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰা হৈছে বন্দে ভাৰত এক্সপ্ৰেছ । এডভান্স হিট চিষ্টেমৰ লগতে বায়’ টইলেটৰো সুবিধা আছে ট্ৰেইনখনত । আনকি বৰফৰ মাজেৰে পাৰ হ’লেও চালক যাতে কোনো সমস্যাৰ সন্মুখীন নহয়, এইধৰণৰ ব্যৱস্থা আছে বন্দে ভাৰত এক্সপ্ৰেছত ।

সম্প্ৰতি সম্পন্ন হৈছে বন্দে ভাৰত এক্সপ্ৰেছৰ পৰীক্ষামূলক চলাচল । যাত্ৰীৰ বাবে কেতিয়াৰ পৰা আৰম্ভ হ’ব এই ট্ৰেইনৰ যাত্ৰা ? দিন থিৰাং হোৱা নাই এতিয়াও । অৱশ্যে ৰেল বিভাগৰ খবৰ মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব বন্দে ভাৰত এক্সপ্ৰেছৰ যাত্ৰা ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব