পুনৰ উত্তপ্ত মণিপুৰঃ উগ্ৰপন্থীৰ গুলীচালনাত মহিলাসহ দুজনৰ মৃত্যু, ৯জন আহত
মণিপুৰৰ ইম্ফল পশ্চিম জিলাত সন্দেহযুক্ত উগ্ৰপন্থীৰ গুলীচালনাত আজি এগৰাকী মহিলাসহ দুজন লোকৰ মৃত্যু হোৱাৰ লগতে ৯ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। উগ্ৰপন্থীয়ে পাহাৰৰ ওপৰৰ অঞ্চলৰ পৰা কোটৰোক আৰু চুবুৰীয়া কদাংবন্দৰ উপত্যকাৰ তলৰ অংশৰ ফালে গুলীচালনা কৰাৰ লগতে বোমাৰেও আক্ৰমণ চলায় বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

প্ৰতিনিধিত্বমূলক ছবি
বিগত এটা বৰ্ষতকৈ অধিক সময় ধৰি গোষ্ঠীসংঘৰ্ষত জৰ্জৰিত মণিপুৰৰ হিংসাত্মক পৰিস্থিতি এতিয়াও শাম কটা নাই। এতিয়াও ৰাজ্যখনত অব্যাহত আছে হিংসাৰ দাবানল। আজি পুনৰ হিংসাজৰ্জৰ মণিপুৰত উগ্ৰপন্থীৰ নৃশংস আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। ইম্ফল পশ্চিম জিলাত সন্দেহযুক্ত উগ্ৰপন্থীৰ গুলীচালনাত এগৰাকী মহিলাসহ দুজন লোকৰ মৃত্যু হোৱাৰ লগতে ৯ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, উগ্ৰপন্থীয়ে পাহাৰৰ ওপৰৰ অঞ্চলৰ পৰা কোটৰোক আৰু চুবুৰীয়া কদাংবন্দৰ উপত্যকাৰ তলৰ অংশৰ ফালে গুলীচালনা কৰাৰ লগতে বোমাৰেও আক্ৰমণ চলায়।
উগ্ৰপন্থীৰ এই আক্ৰমণত এগৰাকী পুৰুষ আৰু এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ বিপৰীতে মহিলাগৰাকীৰ আঠ বছৰীয়া কন্যা আৰু এজন আৰক্ষী বিষয়াকে ধৰি আন ৯ জন লোক গুৰুতৰভাৱে আহত হয় বুলি আৰক্ষীয়ে সদৰী কৰিছে। এই ঘটনাত বহু ঘৰৰো ক্ষতিসাধন হৈছে বুলি জানিবলৈ দিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়।
আৰক্ষীয়ে নিহত দুয়োগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ বিপৰীতে আহত লোকসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। নিহত মহিলাগৰাকীক নগাংবাম সুৰবালা দেৱী বুলি চিনাক্ত কৰা হৈছে। আনহাতে নিহত আনজন লোকক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।
সূত্ৰ অনুসৰি, কাংপোকপিৰ নখুজাং গাঁৱৰ পৰা ইম্ফল পশ্চিমৰ কদাংবন্দৰ দিশত দুপৰীয়া প্ৰায় ২:৩৫ বজাৰ পৰা এই গুলীচালনা আৰম্ভ হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত মুহূৰ্ততে আতংকৰ সৃষ্টি কৰে। উগ্ৰপন্থীৰ আক্ৰমণৰ পৰা প্ৰাণৰক্ষাৰ উদ্দেশ্যে স্থানীয় লোকসকলে সেই স্থানৰ পৰা পলায়ন কৰা বুলিও সূত্ৰই প্ৰকাশ কৰিছে। আনহাতে আক্ৰমণৰ সময়ত নিহত লোক দুজন ঘৰতে সোমাই আছিল।
এনে হিংসাত্মক কাণ্ডৰ পিছতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অঞ্চলটোত আৰক্ষীৰ লগতে কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ মোতায়েন কৰা হৈছে বুলি কৰ্তৃপক্ষই সদৰী কৰিছে। ইফালে গাঁওবাসীৰ ওপৰত কৰা এই আক্ৰমণক তীব্ৰ গৰিহণা দিছে ৰাজ্য চৰকাৰে। মণিপুৰৰ গৃহ বিভাগে এক বিবৃতি যোগে ৰাজ্য চৰকাৰে এনেধৰণৰ নিৰস্ত্ৰ গাঁওবাসীক আতংকিত কৰা কাৰ্যক গুৰুত্বসহকাৰে লৈছে বুলি উল্লেখ কৰে।
বিবৃতিটোত গৃ্হ বিভাগে লগতে অঞ্চলটোত শান্তি ঘূৰাই অনাৰ বাবে চৰকাৰে যৎপৰোনাস্তি চেষ্টা চলাইছে বুলিও উল্লেখ কৰে। আনহাতে ৰাজ্য চৰকাৰে এই আক্ৰমণৰ লগত জড়িতসকলক শাস্তি প্ৰদানৰ বাবে ব্যৱস্থা আৰম্ভ কৰিছে বুলিও বিবৃতিটোত জানিবলৈ দিয়া হৈছে। ইফালে এই ঘটনাৰ পিছতে ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধানে সকলো আৰক্ষী অধীক্ষকক সীমান্তৰ সকলো অঞ্চলতে সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিছে।