পালঘৰৰ কেমিকেল কোম্পানীত অগ্নিকাণ্ড, অগ্নিদগ্ধ ৬ জন কৰ্মচাৰী

শুকুৰবাৰে এটা ৰাসায়নিক ইউনিটত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । এই অগ্নিকাণ্ডত অগ্নিদগ্ধ হয় প্ৰায় ৬ জন কৰ্মচাৰী । স্থানীয় প্ৰশাসনীয় সূত্ৰই সদৰী কৰা মতে, শুকুৰবাৰে দুপৰীয়া প্ৰায় ১২ বজাত এই অগ্নিকাণ্ড সংঘটিত হয়। অৱশ্যে অগ্নিকাণ্ড কেনেদৰে সংঘটিত হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

পালঘৰৰ কেমিকেল কোম্পানীত অগ্নিকাণ্ড, অগ্নিদগ্ধ ৬ জন কৰ্মচাৰী

মহাৰাষ্ট্ৰৰ পালঘৰ কেমিকেল কোম্পানীত অগ্নিকাণ্ড

Published: 

21 Sep 2024 06:33 AM

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ তাৰাপুৰ ঔদ্যোগিক এলেকাত শুকুৰবাৰে এটা ৰাসায়নিক ইউনিটত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । এই অগ্নিকাণ্ডত অগ্নিদগ্ধ হয় প্ৰায় ৬ জন কৰ্মচাৰী । স্থানীয় প্ৰশাসনীয় সূত্ৰই সদৰী কৰা মতে, শুকুৰবাৰে দুপৰীয়া প্ৰায় ১২ বজাত এই অগ্নিকাণ্ড সংঘটিত হয়। অৱশ্যে অগ্নিকাণ্ড কেনেদৰে সংঘটিত হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ পাছত কোম্পানী পৰিচালনা সমিতিয়ে অগ্নিনিৰ্বাপক বাহিনীক অৱগত কৰে।

এই পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি, অগ্নিদগ্ধ হোৱা ৬ জন শ্ৰমিকৰ নাম ৰাজ মৌৰ্য (৪৫), নিশিকান্ত চৌধুৰী (৩৬), পৱন ডেছলে (৩২), সন্তোষ হিণ্ডলেকাৰ (৪৯), আদেশ চৌধুৰী (২৫) আৰু চন্দন শ্বাহ (৩২) ৰূপত স্থান পাইছে। ইয়াৰে তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আটাইকেইজন শ্ৰমিকক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

মহাৰাষ্ট্ৰ ঔদ্যোগিক উন্নয়ন নিগমৰ অগ্নিনিৰ্বাপক বাহিনীৰ এজন বিষয়াই জনোৱা মতে, অগ্নিনিৰ্বাপক বাহিনী অহাৰ পূৰ্বেই ইউনিটটোৰ কৰ্মচাৰীয়ে জুই নিৰ্বাপিত কৰিছিল। আৰক্ষীয়ে জনোৱা মতে, তাৰাপুৰৰ এটা ঔষধ কোম্পানীৰ ড্ৰাইয়াৰৰ পৰা নিৰ্গত ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শলৈ আহি ৬ জন লোক আহত হয়। ইয়াৰ পিছত সকলোকে লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। এতিয়ালৈকে কোনো লোকৰ মৃত্যু হোৱা নাই যদিও তিনিজন লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

ইয়াৰ পূৰ্বেও মহাৰাষ্ট্ৰত অগ্নিকাণ্ডৰ বহু ঘটনা সংঘটিত হৈছে। থানে জিলাৰ এটা ফাৰ্মাচিউটিকেল ইউনিটতো অগ্নিকাণ্ড সংঘটিত হৈছিল । যোৱা ২১ জুলাইৰ দিনৰ প্ৰায় ২ বজাত পালঘৰৰ মহাৰাষ্ট্ৰ ঔদ্যোগিক উন্নয়ন নিগমৰ এলেকাত অৱস্থিত এটা ফাৰ্মাচিউটিকেল ইউনিটত অগ্নিকাণ্ড সংঘটিত হৈছিল। অৱশ্যে সেই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাছিল ।

কম বিনিয়োগত লাখ টকা উপাৰ্জন, ডাকঘৰে আপোনাৰ বাবে লৈ আহিছে ডাঙৰ সুযোগ...
ডাৰ্ক চাৰ্কল পৰিছে নেকি? ঘৰুৱা পদ্ধতিৰে দূৰ কৰক সমস্যা!
উচ্চ ৰক্তচাপৰ পৰা ডায়েবেটিছলৈ... বহু সমস্যা দূৰ কৰিব মধুৰীআমে!
কি কি কাৰণত বেয়া কলেষ্টেৰল বৃদ্ধি পাব পাৰে ? কেনেকৈ কৰিব নিয়ন্ত্ৰণ ?
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...