বন্ধুৰ সৈতে সহবাস স্বামীৰ, সলনি কৰিলে লিংগ! পত্নীয়ে গম পোৱাত ভয়ংকৰ ঘটনা…

পত্নীৰ মতে, তেওঁলোকৰ বিবাহৰ সাত বছৰ হ’ল আৰু তেওঁলোকৰ দুগৰাকী কন্যা সন্তান আছে। পত্নীয়ে অভিযোগ কৰে যে দিল্লীৰ এটা ব্যক্তিগত কোম্পানীত উচ্চ পদবীত অধিষ্ঠিত স্বামীয়ে প্ৰায় দুবছৰ পূৰ্বে লিংগ পৰিৱৰ্তনৰ প্ৰক্ৰিয়া গ্ৰহণ কৰিছিল যদিও এই সিদ্ধান্তৰ বিষয়ে পৰিয়ালক অৱগত কৰা নাছিল।

বন্ধুৰ সৈতে সহবাস স্বামীৰ, সলনি কৰিলে লিংগ! পত্নীয়ে গম পোৱাত ভয়ংকৰ ঘটনা...

প্ৰতীকি ফটো

Published: 

13 Jan 2026 | 04:21 PM

বিভিন্ন সময়ত এনে কিছুমান চাঞ্চল্যকৰ ঘটনা ঘটে যিবোৰে আচৰিত কৰি তোলে সকলোকে। এইবাৰ  দুটি সন্তানৰ পিতৃ এজনে গোপনে লিংগ পৰিৱৰ্তন কৰি মহিলা হৈ পৰে। বিয়াৰ সাত বছৰ পিছত যেতিয়া তেওঁৰ পত্নীয়ে এই কথা গম পালে, তেতিয়া তেওঁৰ যেন সকলো শেষ হৈ গ’ল। লগে লগে মহিলাগৰাকীয়ে ন্যায় বিচাৰি আদালতলৈ যায়। প্ৰতাৰণা বুলি অভিহিত কৰি স্বামীৰ পৰা ক্ষতিপূৰণ আৰু ন্যায়ৰ বাবে আবেদন জনাইছে। উত্তৰ প্ৰদেশৰ গোৰখপুৰত সংঘটিত হৈছে এই ঘটনা।

পত্নীৰ মতে, তেওঁলোকৰ বিবাহৰ সাত বছৰ হ’ল আৰু তেওঁলোকৰ দুগৰাকী কন্যা সন্তান আছে। পত্নীয়ে অভিযোগ কৰে যে দিল্লীৰ এটা ব্যক্তিগত কোম্পানীত উচ্চ পদবীত অধিষ্ঠিত স্বামীয়ে প্ৰায় দুবছৰ পূৰ্বে লিংগ পৰিৱৰ্তনৰ প্ৰক্ৰিয়া গ্ৰহণ কৰিছিল যদিও এই সিদ্ধান্তৰ বিষয়ে পৰিয়ালক অৱগত কৰা নাছিল। শেহতীয়াকৈহে যেতিয়া পত্নীয়ে চিকিৎসাৰ নথি-পত্ৰ লাভ কৰাৰ পিছত এই চাঞ্চল্যকৰ সত্য পোহৰলৈ আহে।

স্বামীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

আদালতত দাখিল কৰা আবেদনত পত্নীয়ে স্বামীৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।বিয়াৰ পিছৰে পৰা স্বামীৰ আচৰণ অস্বাভাৱিক বুলি দাবী কৰে। সঘনাই তেওঁক আক্ৰমণ আৰু মানসিক নিৰ্যাতন চলাইছিল। মহিলাগৰাকীয়ে অভিযোগ যে, স্বামীয়ে নিজেই বন্ধুৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল আৰু তেওঁকো একে কাম কৰিবলৈ বাধ্য কৰাইছিল। ভুক্তভোগী মহিলাগৰাকীয়ে দাবী কৰা মতে, যোৱা বছৰ তেওঁৰ স্বামীয়ে তেওঁক নিৰ্মমভাৱে প্ৰহাৰ কৰি ঘৰৰ পৰা বাহিৰ কৰি দিছিল। তাৰ পিছত তেওঁ নিজৰ সন্তানক সুৰক্ষা দিয়াৰ উপায় বিচাৰি হাবাথুৰি খাই আহিছে।

সত্য পোহৰলৈ অহাৰ পিছত পত্নীয়ে আদালতত ভৰণ-পোষণ আৰু ক্ষতিপূৰণ বিচাৰি আবেদন দাখিল কৰিছে। আনহাতে, স্বামীয়ে এই সকলোবোৰ অভিযোগ ভিত্তিহীন আৰু মিছা বুলি অস্বীকাৰ কৰিছে। স্বামীৰ তৰফৰ পৰাও আদালতত আবেদন দাখিল কৰা হৈছে। সম্প্ৰতি আদালতে দুয়োপক্ষৰ যুক্তিৰ শুনানি গ্ৰহণ কৰি বিষয়টোৰ পুংখানুপুংখ তদন্ত চলি আছে।

ভুক্তভোগী মহিলাগৰাকীয়ে কয় যে, তেওঁৰ স্বামীৰ এই কাৰ্যই কেৱল তেওঁৰ বৈবাহিক জীৱনকে ধ্বংস কৰাই নহয়, তেওঁৰ দুগৰাকী নিৰীহ কন্যাৰ ভৱিষ্যতো ধ্বংস কৰিছে। এতিয়া তেওঁ আৰু নিজৰ সন্তানৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে আইনী যুঁজত নামিছে।

শীতকালত দিনটোত কিমান পানী খাব লাগে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
১০০ বছৰৰ পাছত মাঘ বিহুত বিৰল সংযোগ, জিলিকি উঠিব ৩ ৰাশিৰ ভাগ্য!
লিভাৰৰ সংক্ৰমণৰ প্ৰধান ৪টা লক্ষণ কি কি? জানক..
মগু দাইল খোৱাৰ পূৰ্বে সাৱধান, এই ৫ সমস্যা থকা লোকৰ বাবে হ’ব পাৰে বিপদ!
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি