পুত্ৰৰ নামত কলংক! নিৰ্জন স্থানলৈ মাতি নিলে পিতৃক, পাছত ভয়ংকৰ কাণ্ড…

এক ভয়ংকৰ ঘটনা। মাটিৰ বাবে নিজ পিতৃক হত্যা কৰিলে এজন পুত্ৰই। ইমানেই নহয়, হত্যাৰ পাছত তেওঁ এই কাণ্ডৰ বাবে ন্যায় বিচাৰে। কিন্তু এতিয়া এই সমগ্ৰ ঘটনা পোহৰলৈ আহিছে।

পুত্ৰৰ নামত কলংক! নিৰ্জন স্থানলৈ মাতি নিলে পিতৃক, পাছত ভয়ংকৰ কাণ্ড...

আৰক্ষী

Published: 

09 Oct 2025 13:27 PM

পুনৰ পোহৰলৈ আহিছে মানৱতাক লজ্জিত কৰা এক ঘটনা। এজন পুত্ৰই অতি নৃশংসভাৱে হত্যা কৰে নিজ পিতৃক। ইমানেই নহয়, হত্যাৰ পাছত তেওঁ মিছা কথাৰ আশ্ৰয় লয় আৰু ন্যায়ৰ দাবী জনায়। কিন্তু আৰক্ষীৰ তদন্তত এতিয়া সত্য পোহৰলৈ আহিছে, যিয়ে আচৰিত কৰি তুলিছে সকলোকে। এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ডিণ্ডোৰী জিলাত।

জানিব পৰা মতে, প্ৰায় দুটা দিন পূৰ্বে ৫৩ বছৰীয়া ভদ্দা সিঙ নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ হয়। আৰক্ষীয়ে মৃতদেহটো দেখি প্ৰথম অৱস্থাত এয়া এত হত্যাকাণ্ড বুলি সন্দেহ কৰিছিল। কিন্তু কোনে এই কাণ্ড সংঘটিত কৰিছিল সেয়া আছিল ৰহস্যৰ আৱৰ্তত। পৰৱৰ্তী সময়ত আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।

আৰক্ষীয়ে যেতিয়া ঘটনাৰ তদন্ত কৰে তেতিয়া আন এক সত্যহে ওলাই পৰে। আৰক্ষীয়ে প্ৰমাণ লাভ কৰে যে এই হত্যাকাণ্ড ভুক্তভোগীৰ পুত্ৰ শিৱকুমাৰ আৰু তেওঁৰ খুড়াক সিন্ধুই সংঘটিত কৰিছিল। তথ্য অনুসৰি ভদ্দা সিঙে নিজৰ পূৰ্বপুৰুষৰ মাটি বিক্ৰী কৰিব বিচাৰিছিল। কিন্তু পুত্ৰ আৰু ভাতৃয়ে এয়া বিচৰা নাছিল। যাৰ বাবে দুয়ো ভদ্দা সিঙক হত্যাক ষড়যন্ত্ৰ ৰচে।

সেই পৰিকল্পনা অনুসৰি দুয়ো পিতৃক প্ৰথমে এক নিৰ্জন স্থানলৈ লৈ যায় আৰু পাছত চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে। ইমানেই নহয় এই হত্যাকাণ্ডৰ পাছত শিৱকুমাৰে সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়াই ন্যায়ৰ দাবী জনায়। এনে অৱস্থাত তেওঁক কোনোৱে সন্দেহ কৰা নাছিল। কিন্তু এতিয়া যি সত্য পোহৰলৈ আহিছে সেই কথাই সকলোকে আচৰিত কৰি তুলিছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কয় যে, প্ৰমাণৰ ভিত্তিত দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। হত্যা কেতিয়া আৰু কেনেকৈ পৰিকল্পনা কৰিছিল সেই সন্দৰ্ভত দুয়োকে জেৰা চলাই থকা হৈছে। হত্যাত ব্যৱহৃত অস্ত্ৰ আৰু অন্যান্য সামগ্ৰীও উদ্ধাৰ কৰিছে আৰক্ষীয়ে। গতিকে পৰৱৰ্তী সময়ত অধিক তথ্য পোহৰলৈ আহিব পাৰে।

 

অন্য খবৰ পঢ়কঃ অট্টালিকাৰ ১৮ নং মহলাত ভয়ংকৰ কাণ্ড! দুই ছাত্ৰৰ…

আপোনাৰ ঘৰতো চৰায়ে বাহ সাজিছে নেকি? শুভ নে অশুভ জানক...
দেৱালীৰ সময়ত ঘৰলৈ আনক এই সামগ্ৰী! উদয় হ'ব ভাগ্য...
হ'ব পাৰে আৰ্থিক সমস্যা! দেৱালীৰ পূৰ্বে ঘৰৰ পৰা আঁতৰ কৰক এই সামগ্ৰী...
পুৰুষসকল সহজে আক্ৰান্ত হয় এইসমূহ ৰোগত, জানক...