বিয়াত বহিব বিচৰা নাছিল কন্যাই! পিতৃয়ে সংঘটিত কৰিলে এক জঘন্য কাণ্ড

যুৱতীগৰাকীৰ মৃতদেহটো টুকুৰা- টুকুৰ কৰি বস্তাত ভৰাই থোৱা অৱস্থাত আছিল।বস্তাটোৰ ভিতৰত মৃতদেহৰ ৬টাকৈ টুকুৰা আছিল কিন্তু মূৰটো নাছিল। লগে লগে আৰক্ষীয়ে মুণ্ডহীন মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

বিয়াত বহিব বিচৰা নাছিল কন্যাই! পিতৃয়ে সংঘটিত কৰিলে এক জঘন্য কাণ্ড

প্ৰতীকি ফটো

Published: 

01 Aug 2024 14:36 PM

এক ভয়ংকৰ অপৰাধমূলক ঘটনাই জোকাৰি গৈছে এটা অঞ্চল। ২৮ জুলাইত উদ্ধাৰ হৈছিল এটা মৃতদেহ। মুণ্ডহীন মৃতদেহটো ৬ টুকুৰা কৰা আছিল। আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পাছতেই মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰে। এই মৃতদেহটো আছিল এগৰাকী যুৱতীৰ। এই হত্যাকাণ্ডৰ তদন্ত কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱতীগৰাকীৰ পিতৃক। কিন্তু কিয় কন্যাৰ মৃত্যুৰ ক্ষেত্ৰত নাম সাঙোৰ খালে এগৰাকী পিতৃৰ?

এই ঘটনা বিহাৰৰ। দেওবাৰে ৰাজ্যখনৰ বেটিয়া চহৰৰ মাঝাউলীয়া থানা এলেকাৰ সমীপস্থিত মহদ্দীপুৰ মিৰতোলাৰ এখন গাঁৱৰ পুখুৰীত উদ্ধাৰ হৈছিল এটা মৃতদেহ । যুৱতীগৰাকীৰ মৃতদেহটো টুকুৰা- টুকুৰ কৰি বস্তাত ভৰাই থোৱা অৱস্থাত আছিল।বস্তাটোৰ ভিতৰত মৃতদেহৰ ৬টাকৈ টুকুৰা আছিল, কিন্তু মূৰটো নাছিল। লগে লগে আৰক্ষীয়ে মুণ্ডহীন মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

তদন্তৰ সময়ত আৰক্ষীয়ে গোপন তথ্য লাভ কৰে যে মৃতদেহটো চানপটিয়া থানা এলেকাৰ চুহাদী গাঁৱৰ নিবাসী বীৰেন্দ্ৰ শ্বাহৰ কন্যাৰ। ইয়াৰ পিছতে আৰক্ষী বীৰেন্দ্ৰৰ ঘৰত উপস্থিত হৈ জেৰা আৰম্ভ কৰে। কিন্তু বীৰেন্দ্ৰই কিছুমান অদ্ভুদ উত্তৰ দি আছিল যাৰ বাবে আৰক্ষীয়ে তেওঁখ গ্ৰেপ্তাৰ কৰে। প্ৰথম অৱস্থাত তেওঁ  আৰক্ষীক বিপদে পৰিচালিত কৰিব বিচাৰিছিল যদিও পৰৱৰ্তী সময়ত সকলো কথা খুলি কয়।

পিতৃয়ে কয় যে তেওঁৰ কন্যাই আত্মহত্যা কৰিছিল। মৃতদেহটো পেলাই দিবলৈ তেওঁ সেয়া টুকুৰা- টুকুৰ কৰিছিল। ইয়াৰ বাবে তেওঁ ৮,৫০০ টকা দি এজন লোকক কামত লগাইছিল। সেই লোকজনেই মৃতদেহটো টুকুৰা টুকুৰ কৰি সেইটো পেলাই দিয়াত সহায় কৰিছিল ।  ইয়াৰ পিছত মৃতদেহ টুকুৰা- টুকুৰ কৰা প্ৰভু শ্বাহ নামৰ ব্যক্তিজনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বৰ্তমানেও যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা নাই। আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

যুৱতীগৰাকীৰ পিতৃয়ে কয় যে, তেওঁ কন্যাৰ বিয়া ঠিক কৰিছিল। নৱেম্বৰত আছিল বিয়াৰ দিন। তেওঁৰ কন্যাই উত্তৰ প্ৰদেশৰ পানীপুৰি বিক্ৰেতা এজনক ভাল পাইছিল, যাৰ বাবে এই বিয়াত সন্মত হোৱা নাছিল। ইয়াকে লৈ তেওঁ কন্যাক বহু গালিও দিছিল। এই সকলোবোৰৰ বাবে ২২ জুলাইত তেওঁৰ কন্যাই ফাঁচী লগাই আত্মহত্যা কৰে।

বীৰেন্দ্ৰ শ্বাহ কয় যে, তেওঁ কন্যাৰ মৃতদেহ দেখাৰ লগে লগে ভয় খাইছিল। আৰক্ষীৰ জালত পৰিব বুলি মৃতদেহটো টুকুৰা কৰাৰ বাবে তেওঁৰ বন্ধু এজনৰ সহায় বিচাৰিছিল। তাৰ পাছতেই বন্ধুজনে প্ৰভু শ্বাহ নামৰ লোকজনক ঠিক কৰি দিছিল। এই কামৰ বাবে ৮,৫০০ টকা লৈছিল প্ৰভু শ্বাহে। তাৰ পাছতেই এই সমগ্ৰ কাণ্ড সংঘটিত কৰিছিল। আৰক্ষীয়ে এই ঘটনাত পৰিয়ালৰ অন্যলোক জড়িত থকাৰো সন্দেহ কৰিছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

মাঘ মাহত ভুলতো নকৰিব এইবোৰ কাম, নহ'লে বিপদ অনিবাৰ্য!
মাজনিশা হঠাৎ দাঁতৰ বিষ উঠিলে কি কৰিব? জানক ঘৰুৱা উপায়
কিয় খাদ্য লাহে লাহে চোবাই খাব লাগে ? ইয়াৰ ৫ টা বিশেষ উপকাৰিতা জানক
সাৱধান, এইসমূহ অভ্যাসে মানুহক কৰে দৰিদ্ৰ! জানক...
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে