ভুৱা বাতৰি গণতন্ত্ৰৰ বাবে ডাঙৰ ভাবুকি…সামাজিক মাধ্যমৰ ক্ষেত্ৰত কঠোৰ নিয়ম সন্দৰ্ভত কি ক’লে মন্ত্ৰী অশ্বিনী বৈষ্ণৱে…

Ashwini Vaishnaw: ভুৱা বাতৰি আৰু এ আইৰ দ্বাৰা প্ৰস্তুত কৰা ডিপফেক ভিডিঅ' সন্দৰ্ভত লোকসভাত বিশেষ মন্তব্য কৰে মন্ত্ৰী অশ্বিনীয় বৈষ্ণৱে। তেওঁ এই ক্ষেত্ৰত আইনী কাঠামো শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে।

ভুৱা বাতৰি গণতন্ত্ৰৰ বাবে ডাঙৰ ভাবুকি...সামাজিক মাধ্যমৰ ক্ষেত্ৰত কঠোৰ নিয়ম সন্দৰ্ভত কি কলে মন্ত্ৰী অশ্বিনী বৈষ্ণৱে...

অশ্বিনী বৈষ্ণৱ

Published: 

03 Dec 2025 17:28 PM

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বুধবাৰে লোকসভাত ভুৱা বাতৰি আৰু সামাজিক মাধ্যমৰ অপ-ব্যৱহাৰ সন্দৰ্ভত চিন্তা ব্যক্ত কৰে। তেওঁ এয়া এক গুৰুতৰ বিষয় বুলি উল্লেখ কৰি কয় যে, ভুৱা বাতৰিয়ে গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। সামাজিক মাধ্যমত ভুল তথ্য, এ আই (AI)ৰ দ্বাৰা প্ৰস্তুত কৰা ডিপফেক (Deepfake) ভিডিঅ’ সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। লগতে এই ক্ষেত্ৰত আইনী কাঠামো শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে।

তেওঁ কয় যে, ভুৱা তথা ভ্ৰমিত তথ্য প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজন। লগতে কয়, চৰকাৰে ভুৱা বাতৰি আৰু এই আইৰ দ্বাৰা প্ৰস্তুত কৰা ডিপফেক ভিডিঅ’ৰ প্ৰচাৰ বন্ধ কৰাৰ বাবে নতুন নিয়ম অনাৰ প্ৰস্তুতি কৰি আছে। ইয়াৰ দ্বাৰা এই সমগ্ৰ চিষ্টেমটো শক্তিশালী কৰা হ’ব।

মন্ত্ৰীগৰাকীয়ে কয় যে, ভুৱা বাতৰি এক গুৰুতৰ বিষয়। এয়া গণতন্ত্ৰৰ বাবে ভাবুকি। ভুৱা বাতৰি আৰু ডিপফেক ভিডিঅ’ৰ ওপৰত নিশ্চয়কৈ তদন্ত হ’ব লাগে। যিসকলে ভুৱা বাতৰি প্ৰচাৰ কৰে সেইসকলে ভাৰতীয় আইন মানি নচলে, যাৰ বাবে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজন।

সংসদত উত্থাপন হোৱা প্ৰশ্নৰ উত্তৰ দি বৈষ্ণৱে তয় যে, “শেহতীয়াকৈ নতুন নিয়ম প্ৰৱৰ্তন কৰা হৈছে। য’ত ৩৬ ঘন্টাৰ ভিতৰত এনে তথ্য আঁতৰ কৰাৰ কথা উল্লেখ আছে। এআইৰ দ্বাৰা সৃষ্টি হোৱা ডিপফেক চিনাক্ত আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবেও এক খচৰা নিয়ম প্ৰকাশ কৰা হৈছে আৰু এই সন্দৰ্ভত বৰ্তমান আলোচনা চলি আছে”। সংসদীয় সমিতিৰ কাম-কাজৰ শলাগ লৈ মন্ত্ৰীগৰাকীয়ে নিশিকান্ত ডুবে আৰু সকলো সদস্যকে আইনী কাঠামো শক্তিশালী কৰাৰ বাবে মূল পৰামৰ্শসমূহ সন্নিবিষ্ট কৰা বিশদ প্ৰতিবেদন দাখিল কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

মন্ত্ৰীগৰাকীয়ে আৰু কয় যে,ভুৱা বাতৰি আৰু সামাজিক মাধ্যমৰ সৈতে জড়িত বিষয়সমূহত বাক স্বাধীনতা আৰু আমাৰ গণতান্ত্ৰিক সুৰক্ষাৰ মাজত এক সুক্ষ্ম ভাৰসাম্য জড়িত হৈ আছে। এনে ক্ষেত্ৰত চৰকাৰে এই ভাৰসাম্যৰ প্ৰতি সম্পূৰ্ণ সংবেদনশীলতাৰে কাম কৰি আছে। তেওঁ আৰু কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ডিডেটল ইণ্ডিয়াৰ ক্ষেত্ৰত এক ডাঙৰ পৰিৱৰ্তন অনা হৈছে। ইয়াৰোপৰি প্ৰযুক্তিক গণতান্ত্ৰিকৰণ কৰা হৈছে যাৰ ইতিবাচক প্ৰভাৱ স্বীকাৰ কৰিব লাগিব। মন্ত্ৰীগৰাকীয়ে আৰু কয়, সামাজিক মাধ্যমে প্ৰতিগৰাকী নাগৰিকক একোখন মঞ্চ প্ৰদান কৰিছে। গতিকে এইসকলোবোৰ দিশৰ ওপৰচত লক্ষ্য ৰাখি চৰকাৰে কাম কৰি আছে।

 

অন্য খবৰ পঢ়কঃ সন্মুখত নিৰ্বাচন, শংকিত বিৰোধী! উপায় বিচাৰি দিল্লীলৈ উৰা মাৰিছে গৌৰৱ,ৰকি, ভূপেন…

 

দৈনিক বিটৰ ৰস কিয় খাব লাগে? ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা ওজন নিয়ন্ত্ৰণলৈকে ইয়াৰ উপকাৰিতা জানক
ফেটি লিভাৰৰ পৰা উপশম পাব, আদা দিয়া এই পানীয় দৈনিক সেৱন কৰক...
জীৱনলৈ সংকট অহাৰ পূৰ্বে পাকঘৰৰ এইসমূহ বস্তুই দিয়ে ইংগিত! জানক...
পুৱা খালী পেটত তুলসী পানী খালে কি কি লাভ হয়? জানক...
প্ৰেয়সীক আনিবলৈ দৰা সাজি ৰথেৰে যাত্ৰা দৰাৰ...
লুৰিণজ্যোতি গগৈৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ...
নিশা ৰাজ্যিক চিৰিয়াখানাৰ পৰা ওলাই আহিল হৰিণ
ডিব্ৰুগড় বিমানবন্দৰত অভিনেত্রী ছানী লিয়নী