জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত আহত নিৰাপত্তা বাহিনীৰ চাৰি জোৱানঃ অব্যাহত সংঘৰ্ষ

জম্মু-কাশ্মীৰৰ কিষ্টৱাৰ জিলাৰ এক দুৰ্গম বনাঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছে। এই সংঘৰ্ষত সন্ত্ৰাসবাদীৰ গুলীত চাৰিজন সেনা জোৱান আহত হৈছে। ইফালে অঞ্চলটোত তিনিৰ পৰা চাৰিজন সন্ত্ৰাসবাদী সদস্য নিৰাপত্তা বাহিনীৰ অভিযানকাৰী দলটোৰ বেহুত আবদ্ধ হৈ থকাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বিষয়াসকলে।

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত আহত নিৰাপত্তা বাহিনীৰ চাৰি জোৱানঃ অব্যাহত সংঘৰ্ষ

জম্মু-কাশ্মীৰত পুনৰ আক্ৰমণ

Updated On: 

10 Nov 2024 18:22 PM

জম্মু-কাশ্মীৰত পুনৰ সংঘটিত হৈছে সন্ত্ৰাসবাদী গোট আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষ। উপত্যকাটোৰ কিষ্টৱাৰ জিলাৰ এক দুৰ্গম বনাঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘটিত হৈছে এই সংঘৰ্ষ । জানিব পৰা মতে এই সংঘৰ্ষৰ সময়ত সন্ত্ৰাসবাদীৰ গুলীত আহত হৈছে চাৰিজন সেনা জোৱান। ইফালে অঞ্চলটোত তিনিৰ পৰা চাৰিজন সন্ত্ৰাসবাদী সদস্য নিৰাপত্তা বাহিনীৰ অভিযানকাৰী দলটোৰ বেহুত আবদ্ধ হৈ থকাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বিষয়াসকলে। সেনা আৰু আৰক্ষীৰ এক যৌথ দলে এই সন্ত্ৰাস বিৰোধী অভিযান চলাইছে।

সন্ত্ৰাসবাদীৰ এটা দলে কেশৱনগৰ বনাঞ্চলত আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰাৰ পিছতে সেনা আৰু আৰক্ষীৰ যৌথ দলটোৱে এই অভিযান চলায়। বিষয়াসকলে প্ৰকাশ কৰা মতে এই একেটা সন্ত্ৰাসবাদী গোটটোৱে শেহতীয়াকৈ গাঁৱৰ দুগৰাকী প্ৰতিৰক্ষাকৰ্মীক হত্যা কৰিছিল। অভিযানত আহত বৰ্তমান জোৱানকেইজনক উধামপুৰলৈ প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰে তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা কিষ্টৱাৰৰ কুন্তৱৰা আৰু কেশৱন বনাঞ্চলত অব্যাহত আছে সন্ত্ৰাসবাদ বিৰোধী অভিযান। সেনাবাহিনীৰ জম্মুস্থিত হোৱাইট নাইট কৰ্পছে ছ’চিয়েল মিডিয়াত এক পোষ্টযোগে কয় যে সন্ত্ৰাসবাদীৰ উপস্থিতিৰ নিৰ্দিষ্ট তথ্য লাভ কৰাৰ পিছত নিৰাপত্তা বাহিনীয়ে ভাৰত ৰিজ এলেকাত যৌথ অভিযান আৰম্ভ কৰে। এই অভিযানৰ মাজতে গুলীচালনা আৰম্ভ হয়। দুয়োপক্ষৰ মাজত গুলীবৰ্ষণ অব্যাহত আছে বুলি খবৰ প্ৰকাশ পাইছে।

ইফালে শ্ৰীনগৰৰ নিছাত অঞ্চলতো সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এক অভিযান চলায় নিৰাপত্তা বাহিনীয়ে। এটা ঘৰত আত্মগোপন কৰি থকা অৱস্থাত এটা সন্ত্ৰাসবাদী দলক ঘেৰাও কৰে অভিযানকাৰী দলটোৱে। শনিবাৰে নিশাৰ পৰাই নিৰাপত্তাৰক্ষীয়ে এই অভিযান আৰম্ভ কৰিছিল। এনকাউণ্টাৰ স্থলীৰ পৰা কিছু দূৰৈত ডাচিগাম ৰাষ্ট্ৰীয় উদ্যান আছে আৰু এই সুযোগ লৈ সন্ত্ৰাসবাদী দলটোৱে বনাঞ্চললৈ পলায়ন কৰিব পাৰে বুলি অনুমান কৰি অধিক সষ্টম হৈ পৰিছে নিৰাপত্তা বাহিনী।

এই এনকাউণ্টাৰত তিনিজন সন্ত্ৰাসবাদী আৱদ্ধ হৈ থাকিব পাৰে বুলি বিষয়াসকলে জানিবলৈ দিয়ে। লক্ষণীয়ভাৱে শনিবাৰে ছ’পোৰৰ ৰামপোৰা অঞ্চলত সংঘটিত হোৱা এক এনকাউণ্টাৰত নিৰাপত্তা বাহিনীয়ে এজন সন্ত্ৰাসবাদীক হত্যা কৰে। চোৰাংচোৱা তথ্যৰ ভিত্তিত এই তালাচী অভিযান চলোৱা হৈছিল আৰু এই অভিযানৰ সময়তে সন্ত্ৰাসবাদীয়ে গুলীচালনা আৰম্ভ কৰিছিল বুলি নিৰাপত্তা বাহিনীৰ এগৰাকী বিষয়াই কয়।

ইয়াৰ পিছতে অভিযানকাৰী দলটোৱে প্ৰত্যাক্ৰমণ চলায় আৰু এই আক্ৰমণত এজন সন্ত্ৰাসবাদী নিহত হয়। উল্লেখ্য যে শেহতীয়া কিছুদিনত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ কুচ-কাৱাজ ব্যাপক ৰূপত বৃদ্ধি পাইছে। এনে পৰিস্থিতিত অধিক সষ্টম হৈ পৰিছে নিৰাপত্তা বাহিনীও।

ব্ৰা নিপিন্ধে উৰ্ফিয়ে! আঁৰৰ কাৰণ শুনিলে আচৰিত হোৱাৰ লগতে ভাবুক হ’ব আপুনিও….
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey