‘নিৰ্বাচনত কোনো অনিয়ম হোৱা নাছিল, প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়া হ’ব’, কংগ্ৰেছৰ সৈতে আলোচনাত মিলিত হ’ব নিৰ্বাচন আয়োগ…

মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে । মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ কংগ্ৰেছে উত্থাপন কৰি অহা প্ৰশ্নসমূহৰ সন্দৰ্ভত আলোচনাৰ বাবে ৩ ডিচেম্বৰত কংগ্ৰেছৰ প্ৰতিনিধি দলক আমন্ত্ৰণ জনাইছে নিৰ্বাচন আয়োগে ।

‘নিৰ্বাচনত কোনো অনিয়ম হোৱা নাছিল, প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়া হ’ব’, কংগ্ৰেছৰ সৈতে আলোচনাত মিলিত হব নিৰ্বাচন আয়োগ...

মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ ফলাফলক লৈ কংগ্ৰেছৰ সৈতে আলোচনাত বহিব নিৰ্বাচন আয়োগ

Updated On: 

30 Nov 2024 15:48 PM

হাৰিয়ানাৰ নিৰ্বাচনৰ পাছতে মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে । মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ কংগ্ৰেছে উত্থাপন কৰি অহা প্ৰশ্নসমূহৰ সন্দৰ্ভত আলোচনাৰ বাবে ৩ ডিচেম্বৰত কংগ্ৰেছৰ প্ৰতিনিধি দলক আমন্ত্ৰণ জনাইছে নিৰ্বাচন আয়োগে । ৩ ডিচেম্বৰ সন্ধিয়া ৫ বজাত কংগ্ৰেছ দলৰ প্ৰতিনিধি দলক আলোচনাৰ বাবে মাতিছে নিৰ্বাচন আয়োগে।

অৱশ্যে নিৰ্বাচন আয়োগে পুনৰবাৰ কয় যে, নিৰ্বাচনত কোনো অনিয়ম হোৱা নাই। কংগ্ৰেছৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়া হ’ব বুলি আশ্বাস দিয়ে নিৰ্বাচনত আয়োগে । নিৰ্বাচন আয়োগে কংগ্ৰেছৰ সকলো বৈধ অভিযোগ পুনৰীক্ষণ কৰি ব্যক্তিগতভাৱে শুনাৰ পিছত লিখিতভাৱে উত্তৰ দিয়াৰ আশ্বাস দিছে।

নিৰ্বাচন আয়োগে কয় যে, এই প্ৰক্ৰিয়াটো স্বচ্ছ আৰু প্ৰতিটো পৰ্যায়তে প্ৰাৰ্থী বা তেওঁলোকৰ এজেণ্টৰ অংশগ্ৰহণ জড়িত হৈ আছে। লগতে কংগ্ৰেছৰ বৈধ অভিযোগসমূহ পুনৰীক্ষণ কৰি লিখিত উত্তৰ দিয়াৰ আশ্বাস প্ৰদান কৰে আয়োগে। আয়োগে স্পষ্ট কৰি দিছে যে, সকলো ৰাজনৈতিক দলৰ অংশগ্ৰহণেৰে এক স্বচ্ছ ভোটাৰ তালিকা উন্নীতকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল। ভোটদানৰ তথ্যৰ সৈতে জড়িত বিষয়টোৰ প্ৰতি সঁহাৰি জনাই নিৰ্বাচন আয়োগে পুনৰ কয় যে, কোনো ধৰণৰ অমিল নাই ।

ইফালে, মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাৰ নিৰ্বাচনী ফলাফল পুনৰীক্ষণৰ বাবে চাৰি ঘণ্টাৰো অধিক সময় কাৰ্যকৰী সমিতিৰ বৈঠক অনুষ্ঠিত হৈছিল। চি ডব্লিউ চিৰ মতে, সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ অখণ্ডতাক আপোচ কৰা হৈছে। মুক্ত আৰু নিকা নিৰ্বাচন এক সাংবিধানিক আৱশ্যকতা, যাৰ ওপৰত নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বমূলক কাৰ্যকলাপৰ বাবে গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে।

নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্যক লৈও কংগ্ৰেছে প্ৰশ্ন উত্থাপন কৰিছে। দলটোৱে জনোৱা মতে, ২০২৪ চনৰ ২১ নৱেম্বৰৰ সন্ধিয়া ৫ বজালৈকে মহাৰাষ্ট্ৰত ভোটদানৰ হাৰ ৫৮.২২% আছিল, যিটো নিশা ১১:৩০ বজাৰ ভিতৰত ৬৫.০২% লৈ বৃদ্ধি পাইছে। তদুপৰি চূড়ান্ত প্ৰতিবেদনত ভোটগণনা আৰম্ভ হোৱাৰ কেইবা ঘণ্টা পূৰ্বে ঘোষণা কৰা হৈছিল ৬৬.০৫% ভোটদান।

কংগ্ৰেছে অভিযোগ কৰিছে যে, ভোটাৰ তালিকাৰ পৰা ভোটাৰক ‘ইচ্ছাকৃতভাৱে আঁতৰাই’ দিয়া হৈছিল আৰু প্ৰতিটো বিধানসভা সমষ্টিত ১০ হাজাৰৰো অধিক ভোটাৰ সংযোজন কৰা হৈছিল।

পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension
গৰমত চুলি সৰা সমস্যা কিয় বাঢ়ে? ই কি কি ৰোগৰ লক্ষণ?
বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?