আজি নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ পদযাত্ৰা বিৰোধীৰঃ এনে আহ্বানেৰে আয়োগে লিখিলে পত্ৰ…

আজি দিনৰ ১১:৩০ বজাত সংসদ ভৱনৰ পৰা নিৰ্বাচন আয়োগলৈ পদযাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল বিৰোধী সাংসদসকলে। বিৰোধীৰ এই সিদ্ধান্তৰ পিছতে এতিয়া নিৰ্বাচন আয়োগে এনে পদক্ষেপ হাতত লৈছে।

আজি নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ পদযাত্ৰা বিৰোধীৰঃ এনে আহ্বানেৰে আয়োগে লিখিলে পত্ৰ...

বিৰোধীলৈ নিৰ্বাচন আয়োগৰ পত্ৰ

Updated On: 

11 Aug 2025 | 10:43 AM

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে উত্থাপন কৰা ভোট চুৰিৰ অভিযোগক কেন্দ্ৰ কৰি উত্তাল হৈ আছে দেশৰ ৰাজনীতি শেহতীয়াকৈ বিৰোধী দলপতিগৰাকীয়ে বিহাৰৰ ভোটাৰ তালিকাত বিসংগতি সন্দৰ্ভত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। এই বিষয়ত ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ৰিগিঙৰ অভিযোগ তুলিছে। বিৰোধী দলপতি ৰাহুল গান্ধীৰ এই দাবী সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে। ইয়াৰ সমান্তৰালকৈ আয়োগে ৰাহুল গান্ধীক ক্ষমা খুজিবলৈও নিৰ্দেশ দিছে।

এই বিষয়ক লৈ দেশৰ ৰাজনীতিত সৃষ্টি হোৱা বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে সমগ্ৰ বিষয়টোৰ ওপৰত আলোচনাৰ বাবে বিৰোধীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে এই পত্ৰ যোগে আয়োগে বিৰোধীৰ ৩০ জনীয়া প্ৰতিনিধি দলক বৈঠকৰ বাবে আমন্ত্ৰণ জনাইছে। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশলৈ এই পত্ৰ প্ৰেৰণ কৰিছে আয়োগে

 

ভাৰতীয় নিৰ্বাচন আয়োগৰ সচিবালয়ে পত্ৰখনত লিখা মতে, নিৰ্বাচন আয়োগে আজি দুপৰীয়া ১২ বজাত আলোচনাৰ বাবে সময় দিছে। স্থানৰ অভাৱৰ বাবে সৰ্বাধিক ৩০ জন ব্যক্তিৰ নাম অৱগত কৰিবলৈ বিৰোধীক অনুৰোধ জনাইছে আয়োগে। উল্লেখ্য যে শেহতীয়াকৈ ভোটাৰ তালিকাৰ অনিয়ম সন্দৰ্ভত নিৰ্বাচন আয়োগক সাক্ষাৎ কৰিবলৈ সময় বিচাৰিছিল জয়ৰাম ৰমেশে।

ইফালে আজি দিনৰ ১১:৩০ বজাত সংসদ ভৱনৰ পৰা নিৰ্বাচন আয়োগলৈ পদযাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল বিৰোধী সাংসদসকলে। বিৰোধীৰ এই সিদ্ধান্তৰ পিছতে এতিয়া নিৰ্বাচন আয়োগে এনে পদক্ষেপ হাতত লৈছে সেই অনুসৰি আজি ১২ বজাত কংগ্ৰেছসহ বিৰোধী দললৈ আলোচনাৰ আহ্বান জনাইছে নিৰ্বাচন আয়োগে

অৱশ্যে এইপৰ্যন্ত নিৰ্বাচন আয়োগৰ সৈতে এই বৈঠকৰ বাবে বিৰোধীৰ প্ৰতিনিধি দলটোত থাকিবলগা সাংসদসকলৰ নাম প্ৰকাশ পোৱা নাই এনে পৰিস্থিতিত বিৰোধীৰ এই দলটোত কোন কোন সদস্য থাকে সেয়া লক্ষণীয়

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব