শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ৰাইনা-ধাৱানৰ পৰা উৰ্বশীলৈ… অবৈধ বেটিং এপ গোচৰত ইডিৰ ৰাডাৰত এইসকল ৰথী-মহাৰথী

অবৈধ বেটিং প্লেটফৰ্ম আৰু এনে প্লেটফৰ্মৰ প্ৰচাৰ কৰা চেলিব্ৰিটিসকলৰ বিপক্ষে ধাৰাবাহিকভাৱে অভিযান চলাইছে ইডিয়ে। এই গোচৰত বহু হাই-প্ৰফাইল নাম জড়িত হৈ পৰিছে। ৰাইনা, ধাৱানৰ দৰে তাৰকা ক্ৰিকেটাৰৰ নামো এই গোচৰত সাঙোৰ খাইছে।

ৰাইনা-ধাৱানৰ পৰা উৰ্বশীলৈ… অবৈধ বেটিং এপ গোচৰত ইডিৰ ৰাডাৰত এইসকল ৰথী-মহাৰথী
ইডিৰ ৰাডাৰত বহু চেলিব্ৰিটি
monjit-dutta
Monjit Dutta | Published: 15 Sep 2025 16:59 PM

শেহতীয়া সময়ছোৱাত দেশত অনলাইন বেটিঙৰ অবৈধ ব্যৱসায় দ্ৰুতগতিত বৃদ্ধি পাইছে। এনে বেটিং এপৰ ব্যৱসায় বৃদ্ধি পোৱাৰ পিছতে সষ্টম হৈ পৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট, চমুকৈ ইডি। সম্প্ৰতি তদন্তকাৰী সংস্থাটোৱে এনে অবৈধ বেটিং এপৰ প্ৰচাৰ কৰা আৰু ইয়াৰ সৈতে জড়িত সকলক ধাৰাবাহিকভাৱে সোধ-পোছ কৰিছে। শেহতীয়াকৈ বেটিং এপ প্লেটফৰ্ম 1xBetৰ সৈতে চলি থকা গোচৰৰ তদন্তৰ বাবে ইডিয়ে বলীউডৰ অভিনেত্ৰী উৰ্বশী ৰৌটেলা আৰু তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন সাংসদ মিমি চক্ৰৱৰ্তীক চমন কৰিছে।

সেই অনুসাৰে মিমি চক্ৰৱৰ্তীক আজি আৰু ১৬ ছেপ্টেম্বৰ, অৰ্থাৎ কাইলৈ উৰ্বশী ৰৌটেলা দিল্লীস্থিত ইডিৰ মুখ্য কাৰ্যালয়ত হাজিৰ হ’ব লাগিব। লক্ষণীয়ভাৱে অবৈধ বেটিং প্লেটফৰ্ম আৰু এনে প্লেটফৰ্মৰ প্ৰচাৰ কৰা চেলিব্ৰিটিসকলৰ বিপক্ষে ধাৰাবাহিকভাৱে অভিযান চলাইছে ইডিয়ে। এই গোচৰত বহু হাই-প্ৰফাইল নাম জড়িত হৈ পৰিছে।

চলিত মাহৰ আৰম্ভণিতে যোৱা ৪ ছেপ্টেম্বৰত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ শিখৰ ধাৱানক ইডিয়ে চমন কৰিছিল। অবৈধ বেটিং এপৰ ​​সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত প্ৰায় আঠ ঘণ্টা ধৰি জেৰা কৰা হৈছিল ধাৱানক। কিছু বিজ্ঞাপনৰ জৰিয়তে 1xBet এপৰ সৈতে ধাৱান জড়িত হৈ আছিল। ধাৱানৰ পূৰ্বে আগষ্ট মাহত এই বিষয়ত ইডিয়ে জেৰা কৰিছিল প্ৰাক্তন ক্ৰিকেটাৰ সুৰেশ ৰাইনাক।

তদুপৰি যোৱা ১১ আগষ্টত হায়দৰাবাদস্থিত ইডি কাৰ্যালয়ত হাজিৰ হ’বলগীয়া হৈছিল অভিনেতা ৰাণা ডগ্গুৱটি। তাৰ পূৰ্বে ইডিয়ে তেওঁক ২৩ জুলাইত ব্যক্তিগতভাৱে হাজিৰ হ’বলৈ চমন প্ৰেৰণ কৰিছিল। তদন্তকাৰী সংস্থাটোৱে ৰাণা ডগ্গুৱটি, বিজয় দেৱেৰাকোণ্ডা, প্ৰকাশ ৰাজকে ধৰি ২৫ জন চেলিব্ৰিটিৰ বিৰুদ্ধে অবৈধ বেটিং এপ প্ৰচাৰ কৰাৰ অভিযোগত গোচৰ ৰুজু কৰিছিল।

ইতিমধ্যে প্ৰকাশ ৰাজ আৰু দেৱেৰাকোণ্ডা ইডিৰ সন্মুখত হাজিৰ হৈছে। এই গোচৰত এতিয়ালৈকে ইডিৰ চমন লাভ কৰা চেলিব্ৰিটি তথা প্ৰভাৱশালী ব্যক্তিৰ তালিকাত আছে মাঞ্চু লক্ষ্মী, প্ৰনিতা, নিধি আগৰৱালা, অনন্যা নাগল্লা, ছিৰি হনুমন্থু, শ্ৰীমুখী, বৰ্ষিনী সুন্দৰজন, বসন্তি কৃষ্ণন, শোবা শেট্টী, অমৃতা চৌধুৰী, নয়নী পাৱনী, নেহা পাঠান, পাণ্ডু, পদ্মাৱতী, ইমৰাণ খান, বিষ্ণু প্ৰিয়া, হৰ্ষ সাই, ছানী যাদৱ, শ্যামলা, তস্তি তেজা আৰু বান্দৰু সেশায়নী সুপ্ৰেথা।

উল্লেখ্য যে ইতিপূৰ্বে ২০২৩ চনৰ পৰা ২০২৪ চনৰ ভিতৰত মহাদেৱৰ অনলাইন বেটিং গোচৰে সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছিল। ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলকে ধৰি একাংশ হাইপ্ৰফাইল নেতা-আমোলা এই গোচৰৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল। অৱশ্যে বাঘেলে এই কেলেংকাৰিৰ সৈতে কোনো সম্পৰ্ক নাই বুলি দাবী কৰি এই অভিযোগক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰি আহিছে।