15 Sept 2025
TV9 ASSAM
বৰ্তমান নেপাল যথেষ্ঠ চৰ্চাত আছে। শেহতীয়াকৈ নেপালত নতুনলৈ অন্তৱৰ্তীকালীন চৰকাৰ গঠন হয়। নেপালৰ দায়িত্ব বৰ্তমান সুশীল কাৰ্কীৰ হাতত।
নেপালত Gen-Z সকলে কৰা প্ৰতিবাদৰ অন্তত কেপি শৰ্মা অলিৰ চৰকাৰ ভাগে। অৱশ্যে বৰ্তমান নেপাল প্ৰায় সুস্থিৰ অৱস্থালৈ ঘূৰি আহিছে।
উল্লেখ্য যে, বিশ্বৰ বিভিন্ন প্ৰান্তত মুছলিম জনসংখ্যা অধিক। পিছে প্ৰশ্ন হয়, নেপালত কিমান সংখ্যক মুছলিম জনসংখ্যা আছে?
বিশ্বৰ একমাত্ৰ ঘোষিত হিন্দু ৰাষ্ট্ৰ নেপাল। ভাৰতৰ চুবুৰীয়া এই ৰাষ্ট্ৰখনত হিন্দু সংখ্যাবহুল আৰু বাকী সম্প্ৰদায়ৰ লোকসকল কম পৰিমাণে আছে।
চেন্ট্ৰেল ব্যুৰ' অফ ষ্টেটেষ্টিকছে ২০২১ চনত প্ৰকাশ কৰা তথ্য অনুসৰি নেপালৰ জনসংখ্যা প্ৰায় ৩ কোটি। এই জনসংখ্যা প্ৰায় অসমৰ সমান বুলি ক'ব পাৰি।
নেপালত সবাতোকৈ বেছি হিন্দু জনসংখ্যা আছে। চেন্ট্ৰেল ব্যুৰ' অফ ষ্টেটেষ্টিকছৰ তথ্য অনুসৰি নেপালত ৮১ শতাংশ জনসংখ্যা হিন্দু। উল্লেখ্য যে, নেপাল একমাত্ৰ হিন্দু ৰাষ্ট্ৰ।
ইয়াৰে বাকী ১৯ শতাংশ আছে। এই ১৯ শতাংশৰ ৯ শতাংশ বৌদ্ধ, ৪ শতাংশ মুছলিম, ৩ শতাংশ কিৰাট আৰু ১ শতাংশ খ্ৰীষ্টান আৰু অন্য ধৰ্মৰ লোক আছে।
পঢ়িবলৈ ক্লিক কৰক