ভূমি কেলেংকাৰীৰ গোচৰত ৰবাৰ্ট ৱাদ্ৰাক ইডিৰ চমন, বিজেপিৰ ষড়যন্ত্ৰ আখ্যা গান্ধী পৰিয়ালৰ জোঁৱাইৰ

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই যোৱা বছৰ এই বিষয়ত ধন সৰবৰাহৰ গোচৰ ৰুজু কৰিছিল । ইতিমধ্যে এই সন্দৰ্ভত ৱাদ্ৰাক সোধা-পোছাৰ বাবে তলব কৰা হৈছে যদিও হাজিৰ নোহোৱাৰ বাবে আজি পুনৰ চমন জাৰি কৰা হৈছে ।

ভূমি কেলেংকাৰীৰ গোচৰত ৰবাৰ্ট ৱাদ্ৰাক ইডিৰ চমন, বিজেপিৰ ষড়যন্ত্ৰ আখ্যা গান্ধী পৰিয়ালৰ জোঁৱাইৰ

ৰবাৰ্ট ৱাদ্ৰা

Published: 

15 Apr 2025 12:45 PM

কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধীৰ স্বামী তথা ব্যৱসায়ী ৰবাৰ্ট ভাদ্ৰালৈ চমন প্ৰেৰণ কৰিছে প্ৰৱৰ্তক সঞ্চালকালয়ে । ভূমি চুক্তিৰ গোচৰত পিএমএলএৰ অধীনত ৰবাৰ্ট ভাদ্ৰাক ইডিয়ে চমন প্ৰেৰণ কৰিছে । ইয়াৰ আগতেও তেওঁক ৮ এপ্ৰিলত মাতিছিল যদিও ভাদ্ৰা নাহিল । ইডিয়ে জাৰি কৰা নতুন চমনত আজি অৰ্থাৎ ১৫ এপ্ৰিলত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে । কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে তেওঁৰ প্ৰতিষ্ঠান স্কাইলাইট হস্পিটেলিটিৰ সৈতে জড়িত বিত্তীয় অনিয়মৰ অভিযোগ উত্থাপন কৰিছে ।

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই যোৱা বছৰ এই বিষয়ত ধন সৰবৰাহৰ গোচৰ ৰুজু কৰিছিল । ইতিমধ্যে এই সন্দৰ্ভত ভাদ্ৰাক সোধা-পোছাৰ বাবে তলব কৰা হৈছে যদিও হাজিৰ নোহোৱাৰ বাবে আজি পুনৰ চমন জাৰি কৰা হৈছে ।

ইডিৰ পৰা দ্বিতীয়বাৰৰ বাবে চমন পোৱাৰ পিছত বাদ্ৰাই খোজকাঢ়ি ঘৰৰ পৰা ওলাই আহিছে বলবৎকাৰী সঞ্চালকালয়ৰ কাৰ্যালয়লৈ । সংবাদ মাধ্যমৰ আগত তেওঁ চৰকাৰক আক্ৰমণ কৰি কয়, “চৰকাৰে প্ৰতিশোধমূলক কাৰ্য হিচাপে ব্যৱস্থা গ্ৰহণ কৰিছে । কি দোষ আছে মই নাজানো । এয়া তদন্তকাৰী সংস্থাসমূহৰ অপব্যৱহাৰ ।” তেওঁ লগতে কয়, “মই একো লুকুৱাই ৰখাৰ প্ৰয়োজন নাই ।” ৱাদ্ৰাই আৰু কয় যে এতিয়ালৈকে তেওঁ যোৱা ২০ বছৰত একো অনিয়ম কৰা নাই, যদি কিবা আছে তেন্তে সেইটো স্পষ্ট কৰা উচিত ।

হাৰিয়ানাৰ শিকোহাবাদ ভূমি চুক্তিৰ সৈতে জড়িত ধন সৰবৰাহৰ তদন্তৰ সন্দৰ্ভত মঙলবাৰে প্ৰৱৰ্তনকাৰী সঞ্চালকালয়ে ৰবাৰ্ট ভাদ্ৰালৈ দ্বিতীয়টো চমন প্ৰেৰণ কৰে । ৮ এপ্ৰিলত জাৰি কৰা প্ৰথম চমনত ভাদ্ৰা হাজিৰ হোৱা নাছিল । কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে তেওঁৰ প্ৰতিষ্ঠান স্কাইলাইট হস্পিটেলিটিৰ সৈতে জড়িত বিত্তীয় অনিয়মৰ অভিযোগ উত্থাপন কৰিছে ।

ৰবাৰ্ট ভাদ্ৰাই কয়, “আমি ইডিক কৈছিলো যে আমি আমাৰ নথি-পত্ৰৰ ব্যৱস্থা কৰি আছো, মই ইয়াত সদায় থাকিবলৈ সাজু । আজি কিছু সিদ্ধান্তত উপনীত হ’ব বুলি আশা কৰিলোঁ । কেচটোত একো নাই । মই যেতিয়া দেশৰ সপক্ষে কথা কওঁ, মোক বাধা দিয়া হয়, ৰাহুলক সংসদত কথা কোৱাত বাধা দিয়া হয় । বিজেপিয়ে এই কাম কৰি আছে । এয়া ৰাজনৈতিক প্ৰতিশোধ ।”

তেওঁ লগতে কয়, “মানুহে মোক ভাল পায় আৰু মই ৰাজনীতিত যোগদান কৰাটো বিচাৰে । মই যেতিয়া ৰাজনীতিত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰো, তেতিয়া তেওঁলোকে মোক পিছলৈ টানি আনি প্ৰকৃত বিষয়ৰ পৰা মনোযোগ আঁতৰাবলৈ পুৰণি বিষয়বোৰ উত্থাপন কৰে । কেচটোত একো নাই । যোৱা ২০ বছৰত মোক ১৫ বাৰ মাতি অনা হৈছিল আৰু প্ৰতিবাৰেই মোক ১০ ঘণ্টাৰো অধিক সময় জেৰা কৰা হৈছিল । ২৩০০০ নথি-পত্ৰ সংগঠিত কৰাটো সহজ নহয় ।”

ইডিৰ তথ্য অনুসৰি ৱাদ্ৰাৰ কোম্পানীয়ে ২০০৮ চনৰ ফেব্ৰুৱাৰী মাহত ওমকাৰেশ্বৰ প্ৰপাৰ্টিজৰ পৰা গুৰগাঁৱৰ শিকোহপুৰত ৩.৫ একৰ মাটি ৭.৫ কোটি টকাত ক্ৰয় কৰিছিল । ইয়াৰ পিছত ৱাদ্ৰাৰ কোম্পানীয়ে এই মাটি ৫৮ কোটি টকাত ৰিয়েল এষ্টেট জায়েন্ট ডি এল এফক বিক্ৰী কৰে । ইয়াৰ দ্বাৰা হোৱা আয়ৰ পৰা ধন সৰবৰাহৰ সন্দেহ । কেন্দ্ৰীয় সংস্থাটোৱে এই অভাৱনীয় লাভৰ আঁৰৰ কাৰণৰ তদন্ত কৰি আছে ।

আম্বেদকাৰ জয়ন্তী উপলক্ষে ৱাদ্ৰাই ৰাজনীতিত প্ৰৱেশৰ ইচ্ছা প্ৰকাশ কৰিছিল । আগন্তুক সময়ত ইয়াৰ বাবে সম্পূৰ্ণ শক্তিৰে কাম কৰা হ’ব বুলিও তেওঁ কৈছিল । তেওঁ কয়, “জনসাধাৰণে বিচাৰিলে মই যৎপৰোনাস্তি চেষ্টা কৰিম ।” অৱশ্যে তেওঁ বহুবাৰ ৰাজনীতিত প্ৰৱেশৰ ইচ্ছা প্ৰকাশ কৰিছে ।

Related Stories
শক্তিশালী কৰিব লাগিব অস্ত্ৰভাণ্ডাৰ, অত্যাধুনিক মাৰণাস্ত্ৰ ক্ৰয়ৰ গুৰুত্বপূৰ্ণ পদক্ষেপ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চাইপ্ৰাছৰ সৰ্বোচ্চ সন্মান ‘গ্ৰেণ্ড অফ দ্যা অৰ্ডাৰ অফ মাকাৰিছি তৃতীয়’ৰে সন্মানিত…
‘চিন্তা নকৰিবা, মাত্ৰ ৰাজাক লৈ আহা’…. ১৮ মিনিটতে কাম শেষ: সোণমক ফোনত আৰু কি কি কৈছিল ৰাজে?
হংকঙৰ পৰা দিল্লীলৈ উৰা মাৰিছিল এয়াৰ ইণ্ডিয়াৰ বিমান, উৰণৰ মাজতে কাৰিকৰী বিজুতি, শংকিত যাত্ৰী…
উদ্ধাৰ হ’ল অভিশপ্ত AI171 বিমানৰ দ্বিতীয়টো ব্লেক বক্স, তদন্ত অব্যাহত
বিমান দুৰ্ঘটনাৰ পিছৰে পৰা নিৰুদ্দেশ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা, শেষ লোকেচন আছিল দুৰ্ঘটনাস্থলীৰ পৰা ৭০০ মিটাৰ দূৰত
ঘৰৰ বাৰীত নাৰিকলৰ গছ থাকিলে কি হয় ? পৰিয়ালটোৰ ভৱিষ্যতৰ বাবে ভাল নে বেয়া ?
শোৱাৰ সময়ত বিচনাৰ তলত ৰাখক এগিলা পানী, লাভ কৰিব এনে চমৎকাৰী ফল…
ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ সোমবাৰে শিৱলিঙ্গত কি আগবঢ়াব লাগে, জানেনে আপুনি?
ৰে'লৰ ভিতৰত থাকিব বাথটাব, চিনেমা ৰুম! ক'ত চলিব এই বিলাসী ৰে'লখন?