দিল্লী বিস্ফোৰণৰ সৈতে সাঙোৰ খোৱা আল-ফলাহ বিশ্ববিদ্যালয়ত EDৰ অভিযান, পোৱা গৈছে এনে তথ্য

ইডিয়ে পুৱা ৫ বজাৰ পৰা আল-ফলাহ বিশ্ববিদ্যালয়ৰ চৌহদ, ইয়াৰ ট্ৰাষ্টী আৰু তেওঁলোকৰ সৈতে জড়িত ব্যক্তি তথা প্ৰতিষ্ঠানসমূহত তালাচী চলাইছে। এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে আৰ্থিক অনিয়মৰ অভিযোগ উত্থাপন হৈছে।

দিল্লী বিস্ফোৰণৰ সৈতে সাঙোৰ খোৱা আল-ফলাহ বিশ্ববিদ্যালয়ত EDৰ অভিযান, পোৱা গৈছে এনে তথ্য

আল-ফলাহত EDৰ অভিযান

Updated On: 

18 Nov 2025 11:35 AM

দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হোৱা বোমা বিস্ফোৰণৰ পিছত চৰ্চালৈ আহিছিল ফৰিদাবাদৰ আল-ফলাহ বিশ্ববিদ্যালয় এই বিশ্ববিদ্যালয়খনৰ চৌহদত এতিয়া অভিযান চলাইছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেট, চমুকৈ ED-এ। আজি তদন্তকাৰী সংস্থাটোৱে দিল্লীৰ ওখলা আৰু জামিয়া নগৰ অঞ্চলকে ধৰি ২৫টা স্থানত অভিযান চলায়ইডিয়ে পুৱা ৫ বজাৰ পৰা আল-ফলাহ বিশ্ববিদ্যালয়ৰ চৌহদ, ইয়াৰ ট্ৰাষ্টী আৰু তেওঁলোকৰ সৈতে জড়িত ব্যক্তি তথা প্ৰতিষ্ঠানসমূহত তালাচী চলাইছে।

এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে আৰ্থিক অনিয়মৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পিছতে ইডিয়ে বিশ্ববিদ্যালয়খনৰ পুঁজিৰ তদন্ত কৰি আছে দিল্লী বিস্ফোৰণৰ তদন্তৰ অন্যতক এক কেন্দ্ৰস্থল হৈ পৰিছে এই আলফলাহ বিশ্ববিদ্যালয়ইয়াৰ পূৰ্বে দিল্লী আৰক্ষীয়ে বিশ্ববিদ্যালয়খনৰ বিৰুদ্ধে জালিয়াতি আৰু ফাঁকি সন্দৰ্ভত দুটা গোচৰ ৰুজু কৰিছিল।

বিশ্ববিদ্যালয়ৰ অধ্যক্ষলৈ চমন

এই গোচৰত আলফলাহ বিশ্ববিদ্যালয়ৰ অধ্যক্ষলৈ দুবাৰকৈ চমন জাৰি কৰিছিল দিল্লী আৰক্ষীয়ে বিশ্ববিদ্যালয়খনৰ অধ্যক্ষ জাভেদ আহমেদ ছিদ্দিকীৰ বক্তব্যই প্ৰতিষ্ঠানটোৰ কাম-কাজ আৰু ইয়াৰ সৈতে জড়িত ব্যক্তিসকলৰ কাৰ্যকলাপত যথেষ্ট অমিল প্ৰত্যক্ষ কৰি অধ্যক্ষগৰাকীলৈ এই চমন জাৰি কৰা হয়

আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে, ছিদ্দিকীলৈ চমন জাৰি লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণৰ ব্যাপক তদন্তৰে অংশ। এই বিস্ফোৰণৰ কেইবাজনো সন্দেহযুক্ত অভিযুক্তৰ বিশ্ববিদ্যালয়খনৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহ কৰা হৈছে সেয়ে তদন্তকাৰী সংস্থাই বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠানিক ৰেকৰ্ড, বিত্তীয় লেনদেন, প্ৰশাসনিক অনুমোদন পৰীক্ষা কৰিছে।

অবৈধ নিৰ্মাণৰ অভিযোগ

ইফালে দিল্লী বিস্ফোৰণৰ গোচৰৰ তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে আল-ফলাহ বিশ্ববিদ্যালয়ক লৈ আন অভিযোগো উত্থাপন হৈছে বিশ্ববিদ্যালয়খনৰ সম্প্ৰসাৰণত ব্যাপক নিয়ম উলংঘনৰ সন্দেহ প্ৰকাশ কৰিছে তদন্তকাৰী সংস্থাসমূহে। সেয়ে প্ৰশাসনে বিশ্ববিদ্যালয়খনৰ ওপৰত তদন্ত প্ৰক্ৰিয়া অধিক কটকটীয়া কৰি তুলিছে।

সূত্ৰ অনুসৰি শেহতীয়াকৈ প্ৰশাসনে বিশ্ববিদ্যালয়খন পৰিদৰ্শন কৰে আৰু অনুমোদন অবিহনে কেইবাটাও নিৰ্মাণ কাৰ্য সম্পন্ন হোৱা বুলি জানিব পৰা গৈছে। সংস্থাসমূহে এতিয়া বিশ্ববিদ্যালয়খনৰ আৰ্থিক লেনদেন আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে যিকোনো সম্ভাৱ্য সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

ইতিমধ্যে দিল্লী আৰক্ষীয়ে বিশ্ববিদ্যালয়খনৰ বিৰুদ্ধে জালিয়াতি আৰু ফাঁকিৰ দুটা গোচৰ ৰুজু কৰিছে। সম্প্ৰতি সকলোৰে দৃষ্টি প্ৰশাসনৰ পৰৱৰ্তী পদক্ষেপৰ ওপৰত। বিশ্ববিদ্যালয়খনৰ অবৈধ নির্মাণ অচিৰেই বুলডজাৰেৰে ভাঙি পেলাব পাৰে বুলিও অনুমান কৰা হৈছে৷

কেৱল সোৱাদতে নহয়, উপকাৰিতাৰ দিশতো অনন্য পিঁয়াজ পাত; জানিবলৈ চাওক...
ভাৰততকৈ ডুবাইত সোণ সস্তা কিয়? জানক...
আপোনাৰো আছে নেকি ডায়েবেটিছৰ সমস্যা, শীতকালত এনে ভুল কৰি নচপাব নিজৰ বিপদ
দ্বিতীয়বাৰ গৰম কৰি খাব নালাগে এইসমূহ খাদ্য! জানক সকলো...