প্ৰতি বৰ্ষত ৭৮ লাখ লোকক সংস্থাপন দিব চৰকাৰে! সংসদতে দিলে গুৰুত্বপূৰ্ণ তথ্য

আজি বিত্তমন্ত্ৰীগৰাকীয়ে সংসদত দাখিল কৰিছে অৰ্থনৈতিক জৰীপ। এই জৰীপ অনুসৰি, ক্ৰমবৰ্ধমান কৰ্মশক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ভাৰতীয় অৰ্থনীতিত ২০৩০ চনৰ ভিতৰত অকৃষি খণ্ডত বছৰি গড়ে প্ৰায় ৭৮.৫ লাখ চাকৰিৰ সৃষ্টি কৰিব লাগিব। অৰ্থাৎ অৰ্থনীতিৰ বিকাশৰ গতি অটুট ৰাখিবলৈ হ’লে প্ৰতি বছৰে গড়ে ৭৮ লাখ লোকক কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰিব লাগিব।

প্ৰতি বৰ্ষত ৭৮ লাখ লোকক সংস্থাপন দিব চৰকাৰে! সংসদতে দিলে গুৰুত্বপূৰ্ণ তথ্য

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

Updated On: 

22 Jul 2024 15:41 PM

আজিৰ পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিৱেশন। চলিত অধিৱেশনত কাইলৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট দাখিল কৰিব। তাৰ পূৰ্বে আজি বিত্তমন্ত্ৰীগৰাকীয়ে সংসদত দাখিল কৰিছে অৰ্থনৈতিক জৰীপ। এই জৰীপ অনুসৰি, ক্ৰমবৰ্ধমান কৰ্মশক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ভাৰতীয় অৰ্থনীতিত ২০৩০ চনৰ ভিতৰত অকৃষি খণ্ডত বছৰি গড়ে প্ৰায় ৭৮.৫ লাখ চাকৰিৰ সৃষ্টি কৰিব লাগিব। অৰ্থাৎ অৰ্থনীতিৰ বিকাশৰ গতি অটুট ৰাখিবলৈ হ’লে প্ৰতি বছৰে গড়ে ৭৮ লাখ লোকক কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰিব লাগিব।

ইয়াৰ সহায়ত চাহিদা আৰু যোগান হ্ৰাস নহয় আৰু ভাৰসাম্য অটুট থাকিব বুলি অৰ্থনৈতিক জৰীপৰ তথ্যই প্ৰকাশ কৰিছে।দেশত ক্ৰমবৰ্ধিত নিবনুৱা সমস্যাক লৈ যুৱসমাজৰ মাজত বৃদ্ধি পাইছে অসন্তোষ। এই বিষয়য়টোক আধাৰ কৰি শাসকীয় বিজেপি চৰকাৰক তুমুল সমালোচনা কৰি আহিছে বিৰোধীয়ে। তাৰ মাজতে অৰ্থনতিক জৰীপৰ এই তথ্যই কেন্দ্ৰৰ ওপৰত আন এক হেঁচাৰ সৃষ্টি কৰিছে।

ইফালে অৰ্থনৈতিক জৰীপ উপস্থাপন কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে লগতে দেশৰ অৰ্থনীতিৰ অৱস্থা সুস্থিৰ বুলিও যুক্তি দিয়ে। সীতাৰমণৰ ভাষ্য মতে, চলিত বিত্তীয় বৰ্ষত দেশৰ বিকাশৰ হাৰ ৬.৫ শতাংশৰ পৰা ৭ শতাংশৰ ভিতৰত হ’ব পাৰে। আনহাতে তথ্য অনুসৰি যোৱা বিত্তীয় বৰ্ষত দেশৰ বিকাশৰ হাৰ আছিল ৮.২ শতাংশ।

উল্লেখ্য যে, দেশৰ প্ৰচলিত পৰম্পৰা অনুসৰি, বাজেট দাখিলৰ এদিন পূৰ্বে সংসদত অৰ্থনৈতিক জৰীপ দাখিল কৰা হয়। এই অৰ্থনৈতিক জৰীপ হৈছে গত বিত্তীয় বৰ্ষৰ ভাৰতীয় অৰ্থনীতিৰ এক বিস্তৃত পৰ্যালোচনা বা বাৰ্ষিক প্ৰতিবেদন। ভাৰতৰ মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ তত্বাৱধানত বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগে এই জৰীপ প্ৰস্তুত কৰে।

এই অৰ্থনৈতিক জৰীপৰ জৰিয়তে চৰকাৰে দেশৰ অৰ্থনীতিৰ শেহতীয়া অৱস্থাৰ বিষয়ে প্ৰকাশ কৰে। বছৰটোৰ উন্নয়নৰ ধাৰা, কোনটো খণ্ডৰ পৰা কিমান আয় লাভ কৰা হৈছিল, কোনটো খণ্ডত কি আঁচনি কেনেদৰে ৰূপায়ণ কৰা হৈছিল আদি সকলো তথ্য এই জৰীপত সন্নিবিষ্ট কৰা হয়। তদুপৰি চৰকাৰৰ অৰ্থনৈতিক কাম-কাজ, উন্নয়ন কাৰ্যসূচী আৰু নীতিগত পদক্ষেপৰ বিষয়েও ইয়াত সম্পূৰ্ণ বিৱৰণ দিয়া হৈছে।

সমান্তৰালকৈ এই জৰীপৰ আধাৰত আগন্তুক বিত্তীয় বৰ্ষ সম্পৰ্কেও সিদ্ধান্ত লোৱা হয়। সংসদৰ বাজেট অধিৱেশনৰ সময়ত প্ৰথমে লোকসভাত আৰু তাৰ পিছত ৰাজ্যসভাত অৰ্থনৈতিক জৰীপ দাখিল কৰা হয়। এই অৰ্থনৈতিক জৰীপৰ দ্বাৰা সাধাৰণ জনতাই চৰকাৰৰ ভৱিষ্যতৰ নীতি আৰু ৰোডমেপৰ বিষয়ে জানিব পাৰে।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension