এইবাৰ দুৰ্গাই বধ কৰিছে ইউনুছক, হাতত শ্বেহবাজৰ মুণ্ডমালা! দৰ্শনাৰ্থীৰ দৃষ্টি আকৰ্ষণ কৰিছে এই পূজা মণ্ডপে

এইবাৰৰ দুৰ্গা পূজাত অসুৰ ৰূপত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী ইউনুছৰ প্ৰতিমূৰ্তিত নিৰ্মাণ কৰা হৈছে। আনহাতে দেৱী দুৰ্গাৰ হাতত যি মুণ্ডমালা দিয়া হৈছে, সেয়া হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ মুখাৱয়ব।

এইবাৰ দুৰ্গাই বধ কৰিছে ইউনুছক, হাতত শ্বেহবাজৰ মুণ্ডমালা! দৰ্শনাৰ্থীৰ দৃষ্টি আকৰ্ষণ কৰিছে এই পূজা মণ্ডপে

পূজা মণ্ডপত অসুৰ ৰূপী ইউনুছ-শ্বেহবাজ!

Updated On: 

01 Oct 2025 | 02:19 PM

ভাৰতীয় সমাজত দানৱক মানৱতাৰ শত্ৰু আখ্যা দিয়া হয়। পূৰ্বৰে পৰা আমাৰ সমাজত এই ধাৰণা প্ৰচলিত হৈ আহিছে। মহিষমৰ্দিনী দুৰ্গা দেৱীকো এইদৰেই পূজা কৰা হয়। পিছে এইবাৰ এক বিশেষ মণ্ডপত মহিষাসুৰৰ পৰিৱৰ্তে দানৱ ৰূপত স্থান পাইছে দুই ৰাষ্ট্ৰনেতাই। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছ আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফক পূজা মণ্ডপত দেখা গৈছে দানৱৰ ভূমিকাত। এই মণ্ডপটো পশ্চিম বংগৰ মুৰ্ছিদাবাদৰ বেৰহামপুৰত দেখা গৈছে।

কেৱল এই দুই নেতাই নহয়, দানৱৰ ৰূপত দেখা গৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পকো। ভাৰতৰ ওপৰত অধিক হাৰত শুল্ক আৰোপ কৰাৰ বাবে ট্ৰাম্প হৈ পৰিছে দানৱ। বেৰহামপুৰৰে খগ্ৰা শ্মশান ঘাট দুৰ্গা পূজা কমিটীয়ে ড’নাল্ড ট্ৰাম্পক দেৱী মূৰ্তিত দানৱ হিচাপে স্থান দিছে।

বেৰহামপুৰৰ আন এটা মণ্ডপত মহম্মদ ইউনুছ আৰু শ্বেহবাজ শ্বৰীফক দানৱৰ ৰূপত দেখা গৈছে। বেৰহামপুৰৰ খগ্ৰা সাধক নৰেন্দ্ৰ স্মৃতি সংঘৰ এইবাৰ ৮৩ সংখ্যক বৰ্ষৰ দূৰ্গোৎসৱ উদযাপন। এইবাৰৰ দুৰ্গা পূজাত অসুৰ ৰূপত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী ইউনুছৰ প্ৰতিমূৰ্তিত নিৰ্মাণ কৰা হৈছে।

আনহাতে দেৱী দুৰ্গাৰ হাতত যি মুণ্ডমালা দিয়া হৈছে, সেয়া হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ মুখাৱয়ব। এই সন্দৰ্ভত পূজা আয়োজকসকলে কয় যে এইবাৰ তেওঁলোকে ভালদৰে চিন্তা-চৰ্চা কৰি ভাৰতৰ চুবুৰীয়া শত্ৰুৰ ওপৰত আলোকপাত কৰিছে। পাকিস্তানৰ লগতে এতিয়া বাংলাদেশৰ সৈতেও ভাৰতৰ দূৰত্ব যথেষ্ট বৃদ্ধি পাইছে।

সেইবাবেই এতিয়া ভাৰতৰ শত্ৰু হিচাপে এই দুই ৰাষ্ট্ৰৰ দায়িত্বত থকা নেতাদুগৰাকীৰ দানৱ ৰূপী প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে। দানৱ ৰূপী মহম্মদ ইউনুছ আৰু শ্বেহবাজ শ্বৰীফৰ এই বিশেষ প্ৰতিমূৰ্তি দৰ্শনৰ বাবে এতিয়া বেৰহামপুৰৰ এই পূজা মণ্ডপত দেখা গৈছে দৰ্শনাৰ্থীৰ ভিৰ।

অৱশ্যে এই প্ৰতিমূৰ্তি কাৰ আধাৰত নিৰ্মাণ কৰা হৈছে, সেই বিষয়ে উল্লেখ কৰি দিয়া হোৱা নাই। অসীম পাল নামৰ যিগৰাকী শিল্পীয়ে এই মূৰ্তি নিৰ্মাণ কৰিছে, তেওঁ নিজেও এই বিষয়ত কোনো স্পষ্ট মত প্ৰকাশ কৰা নাই। দৰ্শকে যি বিচাৰে সেই অনুসাৰেহে মূৰ্তি নিৰ্মাণ কৰা হৈছে বুলি তেওঁ কয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব