Drone Found at Bangladesh Border: ভাৰতৰ সীমান্তত বাংলাদেশৰ ড্ৰোন, কেনেকৈ আহিল?

Drone Found at Bangladesh Border: গাঁৱৰ ৰাইজৰ মতে, ভাৰত-বাংলাদেশ সীমান্তৰ সমীপৰ বিলোনিয়া মহকুমাৰ বাল্লামুখাত প্ৰথমে ড্ৰ’নখন প্ৰত্যক্ষ কৰিছিল এজন কৃষকে।

Drone Found at Bangladesh Border: ভাৰতৰ সীমান্তত বাংলাদেশৰ ড্ৰোন, কেনেকৈ আহিল?

ভাৰতৰ সীমান্তত বাংলাদেশৰ ড্ৰোন, কেনেকৈ আহিল?

Published: 

09 Apr 2025 16:40 PM

যোৱা বছৰৰ আগষ্ট মাহত হাছিনা চৰকাৰৰ পতনৰ পিছৰে পৰা বাংলাদেশ অস্থিৰ হৈ পৰিছে। সেই অশান্তিৰ জুইকুৰা ভাৰততো বিয়পি পৰিছে। যাৰ বাবে এতিয়াও উত্তপ্ত সীমান্ত এলেকা । এইবাৰ বাংলাদেশৰ সৈতে ত্ৰিপুৰা সীমান্তত পুনৰ উত্তেজনাৰ সৃষ্টি হৈছে। সোমবাৰে দক্ষিণ ত্ৰিপুৰা জিলাৰ এখন সীমান্ত গাঁৱৰ স্থানীয় লোকে ভাৰতৰ ভূখণ্ডৰ ভিতৰত এখন সন্দেহযুক্ত বাংলাদেশী ড্ৰোন উদ্ধাৰ কৰে। তাৰ পিছত বৃদ্ধি উত্তেজনা।

গাঁওবাসীৰ মতে, ভাৰত-বাংলাদেশ সীমান্তৰ সমীপৰ বিলোনিয়া মহকুমাৰ বাল্লামুখৰ ধাননি পথাৰত এজন কৃষকে প্ৰথমে ড্ৰোনটো দেখা পাইছিল। সীমান্তৰ ভাৰতীয় ফালে থকা কাঁইটীয়া তাঁৰৰ বেৰৰ পৰা মাত্ৰ ৩০০ মিটাৰ দূৰত্বত ড্ৰ’নখন পোৱা যায়। লগে লগে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে।

কৃষকজনে দাবী কৰা মতে, কিছুদিন পূৰ্বে তেওঁলোকে বাংলাদেশৰ ফালৰ পৰা অঞ্চলটোৰ ওপৰেৰে উৰি থকা এখন ড্ৰ’ন দেখিছিল। প্ৰাথমিক ধাৰণা অনুসৰি, ড্ৰ’নখন চোৰাংচোৱাৰ বাবে উৰি আছিল। ইয়াৰ লগত উদ্ধাৰ হোৱা ডিভাইচটো একে ড্ৰ’ন হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে।

ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ কেমেৰা সজ্জিত ড্ৰ’নখন উদ্ধাৰ কৰে। ত্ৰিপুৰা আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনী দুয়োটাই ড্ৰোনখনৰ উৎপত্তি আৰু স্পৰ্শকাতৰ সীমান্ত অঞ্চলত ইয়াৰ উৰণৰ আঁৰৰ উদ্দেশ্য জানিবলৈ তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্য যে, ত্ৰিপুৰাৰ ৪০৯৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-বাংলাদেশ সীমান্তৰ ভিতৰত ৮৫৭ কিলোমিটাৰ সীমা আছে। ত্ৰিপুৰাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৯৭ শতাংশতকৈও অধিক কাঁইটীয়া তাঁৰেৰে আগুৰি আছে।

Related Stories
কোনে বন্ধ কৰিছিল আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত বিমানৰ ইন্ধনৰ চুইচ? ২ পাইলটৰ মাজত হোৱা কথা-বতৰাক লৈ চৰ্চা…
সম্পত্তিৰ লোভ আৰু ১০ লাখ টকাৰ ভাড়াতীয়া শ্বুটাৰ! পত্নীৰ ষড়যন্ত্ৰৰ বলি হৈ চিৰদিনলৈ চকু মুদিলে পতিয়ে
চাংপোৰ ওপৰত চীনে গোপনে নিৰ্মাণ কৰিছে বিশ্বৰ সৰ্ববৃহৎ নদী বান্ধ…শংকা প্ৰকাশ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ
চৰাইৰ খুন্দাৰ বাবে সংঘটিত হৈছিল নেকি আহমেদাবাদ দুৰ্ঘটনা! প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য
হুৰমূৰকৈ বাগৰি পৰিল চাৰি মহলীয়া অট্টালিকা, আৱদ্ধ ১২ জন লোকঃ অব্যাহত উদ্ধাৰ অভিযান
আহমেদাবাদ বিমান দুৰ্ঘটনা সন্দৰ্ভত পোহৰলৈ ন-ন তথ্যঃ বিমান কোম্পানীৰ বিৰুদ্ধে লোৱা হ’ব নেকি ব্যৱস্থা!
জণ্ডিচৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? ইয়াৰ কাৰণ ক'লে চিকিৎসকে...
কৰ্কট ৰোগৰ প্ৰতিৰোধৰ বাবে কাজি নেমু কিমান উপকাৰী? জানক
পেটৰ আলচাৰে পিছলৈ গুৰুতৰ ৰূপ ল’ব পাৰে, ইয়াৰ প্ৰতিৰোধৰ উপায় জানক
শাওন মাহত ভুলতো নকৰিব এইসমূহ কাম, মহাদেৱৰ কৃপাৰ পৰা বঞ্চিত হ’ব আপুনি!