জিন্স-স্কাৰ্ট পিন্ধি সোমাব নোৱাৰিব মহিলা! মন্দিৰত আঁৰি দিয়া হ’ল পোষ্টাৰঃ ক’ত জাৰি কৰা হৈছে এই ফটোৱা?

মন্দিৰত প্ৰৱেশ কৰাৰ সময়ত কঠোৰ পোছাক বিধি মানি চলিব লাগিব মহিলাসকলে। এই পোছাক বিধি মানি নচলিলে কোনো মহিলাই প্ৰৱেশ কৰিব নোৱাৰিব মন্দিৰত। শেহতীয়াকৈ মন্দিৰে মন্দিৰে আঁৰি দিয়া এনে ফটোৱাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। পিছে ক’ত আৰু কোনে জাৰি কৰিছে এই ফটোৱা?

জিন্স-স্কাৰ্ট পিন্ধি সোমাব নোৱাৰিব মহিলা! মন্দিৰত আঁৰি দিয়া হ’ল পোষ্টাৰঃ ক’ত জাৰি কৰা হৈছে এই ফটোৱা?

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

07 Jul 2025 13:49 PM

মন্দিৰত প্ৰৱেশ কৰাৰ সময়ত কঠোৰ পোছাক বিধি মানি চলিব লাগিব মহিলাসকলে এই পোছাক বিধি মানি নচলিলে কোনো মহিলাই প্ৰৱেশ কৰিব নোৱাৰিব মন্দিৰত শেহতীয়াকৈ মন্দিৰে মন্দিৰে আঁৰি দিয়া হৈছে এনে ফটোৱা ইয়াৰ পিছতে এনে ফটোৱাৰ দ্বাৰা মহিলাৰ অধিকাৰ খৰ্ব কৰিব বিচৰা বুলিও তীব্ৰ বিৰোধৰ সৃষ্টি হৈছে মহিলাৰ পোছাকপৰিচ্ছদ সন্দৰ্ভত এনে ফটোৱা জাৰি কৰা হৈছে মধ্যপ্ৰদেশত জাৰি কৰা এই ফটোৱাত কোৱা হৈছে যে মন্দিৰত প্ৰৱেশ কৰাৰ সময়ত ভাৰতীয় সংস্কৃতি আৰু ৰীতি-নীতি অনুসৰি সাজ-পোছাক পৰিধান কৰিব লাগিব।

ভাৰতীয় সংস্কৃতিৰ কথা উল্লেখ কৰাৰ উপৰিও এই পোষ্টাৰখনত লগতে কোনো মহিলাই যদি মিনিস্কাৰ্ট, জিন্স-টপ বা আন কোনো পশ্চিমীয়া সংস্কৃতিৰ পোছাক পৰিধান কৰি আহে, তেতিয়া তেওঁলোকে বাহিৰৰ পৰাই মন্দিৰ দৰ্শন কৰি আঁতৰি যাব লাগিব বুলি উল্লেখ কৰা হৈছেপিছে মহিলাসকলক উদ্দেশ্যি কোনে জাৰি কৰিলে এনে ফটোৱা? মন্দিৰত আঁৰি দিয়া পোষ্টাৰখনতে আছে এই প্ৰশ্নৰ উত্তৰ।

পোষ্টাৰখনত উল্লেখ থকা মতে মহাকাল সংঘ বজৰংগ দলে এই ফটোৱা জাৰি কৰিছে। এই ফটোৱাক কেন্দ্ৰ কৰি এতিয়া মধ্যপ্ৰদেশত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জবলপুৰৰ বহুকেইটা মন্দিৰত আঁৰি থোৱা এনে পোষ্টাৰ প্ৰত্যক্ষ কৰি ক্ষুব্ধ হৈ পৰিছে নাৰীবাদীসকল। এই পোষ্টাৰ বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অধিবক্তা তথা নাৰী অধিকাৰ কৰ্মী ৰঞ্জনা কুৰাৰিয়াই

তেওঁ কয়, আমি যি পিন্ধো সেয়া আমাৰ অধিকাৰ। আমি শাৰী-ছালৱাৰ পিন্ধো বা আন কিবা পোছাক পিন্ধো, সেয়া সম্পূৰ্ণ আমাৰ সিদ্ধান্ত। কিয়নো সেয়া আমাৰ অধিকাৰ। এইক্ষেত্ৰত কাৰো হস্তক্ষেপ কৰাৰ ক্ষমতা নাথাকে। ঈশ্বৰ সকলোৰে বাবে।

আনহাতে এই পোষ্টাৰখন জাৰি কৰা সংস্থাটোৰ জিলা শাখাৰ প্ৰচাৰ সচিব অংকিত মিশ্ৰই এইপৰ্যন্ত মহানগৰীৰ ৩০ৰ পৰা ৪০টা মন্দিৰত এনে পোষ্টাৰ আঁৰি দিয়া হৈছে বুলি উল্লেখ কৰে। তেওঁ লগিতে এয়া মাত্ৰ আৰম্ভণিহে বুলি উল্লেখ কৰি বহু মন্দিৰত এই পোষ্টাৰখন আঁৰি দিয়াৰ কাম এতিয়াও বাকী আছে বুলি মন্তব্য কৰে।

তেওঁৰ মতে, ধৰ্মীয় কামকাজত মহিলাৰ গুৰুত্ব অপৰিসীম। ভাৰতৰ সংস্কৃতি তেওঁলোকৰ হাতত, গতিকে আমি ভাবোঁ যে মহিলাসকলে নিজৰ সংস্কৃতি আৰু ৰীতি-নীতি অনুসৰি সাজ-পোছাক পিন্ধি মন্দিৰলৈ আহিব লাগে।”- এই মন্তব্য অংকিত মিশ্ৰৰ

জিংকৰ অভাৱ হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক...
ডায়েবেটিছ ৰোগীয়ে আম খাব পাৰে নে? চাওঁ আহক আমি সততে নজনা কিছু কথা
খালী পেটত গ্ৰীণ টী খোৱাটো ক্ষতিকাৰক নেকি? পাৰ্শ্বক্ৰিয়া আৰু সেৱন কৰাৰ উত্তম সময় জানক
বৃক্ক বিকল হোৱাৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? এই লক্ষণসমূহক আওকাণ কৰিলে বিপদত পৰিব পাৰে...