সেনালৈ বিশেষ উপহাৰ DRDOৰঃ -৬০ ডিগ্ৰী উষ্ণতাতো এতিয়া সুৰক্ষা দিব হিমকৱচে

প্ৰতিকূল পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি সেনা জোৱানসকলৰ স্বাৰ্থত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা, চমুকৈ DRDO- ই এক বিশেষ পোছাকৰ প্ৰৱৰ্তন কৰিছে। এই বহুস্তৰীয় পোছাক বিশেষভাৱে অতি ঠাণ্ডা বতৰত সুৰক্ষাৰ বাবে ডিজাইন কৰা হৈছে। DRDO- ৰ এই বিশেষ পোছাকক হিমকৱচ নামেৰে জনা যাব।

সেনালৈ বিশেষ উপহাৰ DRDOৰঃ -৬০ ডিগ্ৰী উষ্ণতাতো এতিয়া সুৰক্ষা দিব হিমকৱচে

সেনাৰ বাবে নতুন পোছাক

Published: 

11 Jan 2025 | 07:57 AM

দেশৰ নিৰাপত্তাৰ স্বাৰ্থত সৰ্বস্ব ত্যাগ কৰি কঠিন প্ৰতিকূল পৰিৱেশতো নিয়োজিত হৈ থাকে নিৰাপত্তা বাহিনীৰ কৰ্মীসকল। গৰম বা ঠাণ্ডাৰ প্ৰভাৱ নেওচি তেওঁলোকে নিজ কৰ্তব্য পালন কৰিবলগা হয়। এনে প্ৰতিকূল পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি সেনা জোৱানসকলৰ স্বাৰ্থত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা, চমুকৈ DRDO- ই এক বিশেষ পোছাকৰ প্ৰৱৰ্তন কৰিছে। এই বহুস্তৰীয় পোছাক বিশেষভাৱে অতি ঠাণ্ডা বতৰত সুৰক্ষাৰ বাবে ডিজাইন কৰা হৈছে। DRDO- ৰ এই বিশেষ পোছাকক হিমকৱচ নামেৰে জনা যাব।

এই বিশেষ পোছাক ২০ ডিগ্ৰী চেলছিয়াছৰ পৰা -৬০ ডিগ্ৰী চেলছিয়াছলৈকে উষ্ণতাৰ পৰিৱেশত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সকলো পৰীক্ষাত উত্তীৰ্ণ হৈছে। একাধিক স্তৰৰ আইচ শ্বিল্ড, ইনচুলেচন, শ্বাস-প্ৰশ্বাস আৰু আৰামৰ বাবে ডিজাইন কৰা হৈছে এই বিশেষ পোছাক ‘হিমকৱচ’। মডিউলাৰ ডিজাইনৰ জৰিয়তে বতৰৰ ওপৰত নিৰ্ভৰ কৰি সৈনিকসকলে পোছাকৰ পৰা প্ৰয়োজনীয় স্তৰ যোগ কৰিব পাৰে বা আঁতৰাব পাৰে।

DRDO- ৰ এই বিশেষ পোছাক হিমালয়কে ধৰি অত্যন্ত শীত পৰা অঞ্চলত নিয়োগ লাভ কৰা সৈনিকসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। এনে অঞ্চলসমূহত যিকোনো সময়তে তাপমাত্ৰা দ্ৰুতগতিত হ্ৰাস পাব পাৰে। হিমকৱচৰ পূৰ্বে ভাৰতীয় সেনাই ডি আৰ ডি অ’ৰ ডিফেন্স ইনষ্টিটিউট অৱ ফিজিঅ’লজি এণ্ড এলাইড ছায়েন্সে নিৰ্মাণ কৰা তিনিটা স্তৰৰ পোছাক এক্সট্ৰিম কল্ড ৱেদাৰ ক্লথিং চিষ্টেম (ECWCS) ব্যৱহাৰ কৰিছিল।

পূৰ্বৰ এই পোছাকৰ ব্যৱস্থাতকৈ হিমকৱচে অধিক সুৰক্ষা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। অধিক উচ্চতাৰ অঞ্চলত নিয়োজিত সৈনিকসকলক উষ্ণতাৰ প্ৰতিকূলতা নেওচি কৰ্ম পালনৰ ক্ষেত্ৰত তেওঁলোকৰ সুৰক্ষা উন্নত কৰাই এই পোছাকৰ প্ৰধান উদ্দেশ্য হ’ব। এই পোছাক সৈনিকসকলক অতি প্ৰয়োজনীয় পৰিস্থিতিত ফলপ্ৰসূভাৱে কাম কৰাত সহায় কৰিবলৈ আৰু সেনাবাহিনীৰ প্ৰস্তুতি শক্তিশালী কৰিবলৈ ডিজাইন কৰা হৈছে।

নতুন এই পোছাক ব্যৱস্থাৰ প্ৰচলন অতি সোনকালে আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত কঠিন পৰিৱেশত নিয়োজিত সৈনিকসকলৰ গতিশীলতা, স্থায়িত্ব আৰু সামগ্ৰিক দক্ষতা উন্নত হ’ব বুলি আশা কৰা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব