শত্ৰুৰ সমুখত চলিব ‘ৰুদ্ৰ’ৰ তাণ্ডৱ! অনন্য শক্তিৰে শক্তিশালী হ’ব ভাৰত

অত্যাধুনিক প্ৰযুক্তিৰ নিত্য নতুন শক্তিৰে শত্ৰুৰ সমুখত তীব্ৰ প্ৰত্যাহ্বান গঢ়ি তুলিব পৰাকৈ শক্তিধৰ হৈ পৰিছে দেশৰ প্ৰতিৰক্ষা খণ্ড। তেনে এক নতুন প্ৰযুক্তিৰেই এতিয়া ভাৰতীয় নৌসেনাই নিজৰ শক্তি বৃদ্ধি কৰিছে। ভাৰতীয় নৌসেনাৰ এক অন্যতম প্ৰধান অস্ত্ৰ ‘ৰুদ্ৰ’ এতিয়া অধিক ক্ষমতাশালী আৰু বিপজ্জনক ৰূপত গঢ় লৈ উঠিছে।

শত্ৰুৰ সমুখত চলিব ‘ৰুদ্ৰ’ৰ তাণ্ডৱ! অনন্য শক্তিৰে শক্তিশালী হ’ব ভাৰত

নতুন ৰূপত শক্তিধৰ ৰুদ্ৰ

Published: 

17 Mar 2025 13:54 PM

বিগত সময়ছোৱাত দেশৰ প্ৰতিৰক্ষা খণ্ডত সংযোজিত হৈছে ইটোৰ পিছত সিটোকৈ শক্তি। অত্যাধুনিক প্ৰযুক্তিৰ নিত্য নতুন শক্তিৰে শত্ৰুৰ সমুখত তীব্ৰ প্ৰত্যাহ্বান গঢ়ি তুলিব পৰাকৈ শক্তিধৰ হৈ পৰিছে দেশৰ প্ৰতিৰক্ষা খণ্ড। তেনে এক নতুন প্ৰযুক্তিৰেই এতিয়া ভাৰতীয় নৌসেনাই নিজৰ শক্তি বৃদ্ধি কৰিছে। ভাৰতীয় নৌসেনাৰ এক অন্যতম প্ৰধান অস্ত্ৰ ‘ৰুদ্ৰ’ এতিয়া অধিক ক্ষমতাশালী আৰু বিপজ্জনক ৰূপত গঢ় লৈ উঠিছে। ‘ব্ৰাহ্মছ এন জি’ৰ পিছত এতিয়া শত্ৰু সৈন্যৰ সমুখত দেখা যাব ‘ৰুদ্ৰ’ৰ মহাশক্তি।

ভাৰতৰ জলসীমাক এতিয়া অধিক সুৰক্ষিত কৰি তুলিব পৰাকৈ ব্ৰাহ্মছ এন জিৰ পিছত আহি আছে নতুন প্ৰজন্মৰ ‘ৰুদ্ৰ এম ৪’ মিছাইল বা ‘ৰুদ্ৰম ৪’। প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ আগ্ৰাসন প্ৰতিহত কৰিবলৈ ভাৰতে উন্নত প্ৰযুক্তিৰে নৌসেনাৰ জাহাজ বিৰোধী অস্ত্ৰ ব্যৱস্থা বিকশিত কৰি তুলিছে। ডি আৰ ডি অ’ৰ নৌসেনাৰ এণ্টি-শ্বিপ মিছাইলৰ মধ্যমীয়া (NASM-MR) আৰু দীৰ্ঘ দূৰত্বৰ ষ্টেণ্ড অফ ৱেপন (LRSOW) সংস্কৰণ হিচাপে ‘ৰুদ্ৰ-এম-৪’ বা ‘ৰুদ্ৰম ৪’ প্ৰস্তুত কৰা হৈছে।

নতুন প্ৰযুক্তিৰে নিৰ্মিত এই ৰুদ্ৰৰ আক্ৰমণৰ দক্ষতা অধিক ক্ষমতাশালী আৰু নিখুঁত হ’ব বুলি জানিব পৰা গৈছে। শত্ৰুৰ বোমাৰু বিমানৰ ওপৰত নিখুঁত আক্ৰমণ চলাব পৰাকৈ ক্ষমতাশালী হৈ উঠা এই ‘ৰুদ্ৰ এম ৪’- এ ৯৯.৯৯ শতাংশ লক্ষ্যত সঠিকভাৱে আঘাত কৰিবলৈ সক্ষম হ’ব। উন্নীতকৰণৰ পিছত এতিয়া শত্ৰুৰ এয়াৰ ডিফেন্স চিষ্টেমে মধ্য আকাশত নিৰস্ত্ৰ কৰিব নোৱাৰিব ৰুদ্ৰক। স্বাভাৱিকতে এই খবৰে চীন আৰু পাকিস্তানৰ উদ্বেগ বহুগুণে বৃদ্ধি কৰিলে।

ব্ৰাহ্মছ এ আৰু ব্ৰাহ্মছ এন জিৰ লগতে এই নতুন হাইস্পীড এণ্টি ক্ৰুজ মিছাইল ভাৰতীয় সেনাৰ অস্ত্ৰভাণ্ডাৰত সংযোজিত হোৱাৰ পিছত স্বাভাৱিকতেই চিন্তিত হ’ব লাগিব শত্ৰুপক্ষ। বিশেষকৈ দুই চুবুৰীয়া ৰাষ্ট্ৰ চীন আৰু পাকিস্তানৰ বাবে ভাৰতৰ এই নতুন শক্তি চিন্তাৰ কাৰণ হৈ পৰিব বুলি আশা কৰা হৈছে। নতুন মধ্যম দূৰত্বৰ ‘ৰুদ্ৰম’ৰ ৰেঞ্জ হ’ব ৩৫০ কিলোমিটাৰতকৈও অধিক।

উল্লেখ্য যে ডি আৰ ডি অ’ৰ প্ৰথম প্ৰজন্মৰ ৰুদ্ৰম ১ আৰু ৰুদ্ৰম ২ নৌসেনাৰ জাহাজ বিৰোধী ক্ষেপণাস্ত্ৰ বা যুদ্ধজাহাজ ধ্বংসকাৰী ক্ষেপণাস্ত্ৰ নাছিল। প্ৰথমে শত্ৰুৰ ৰাডাৰ ব্যৱস্থা ধ্বংস কৰাৰ উদ্দেশ্যেৰে ৰুদ্ৰৰ সৃষ্টি কৰা হৈছিল। ৰুদ্ৰ এম-৪ সমুদ্ৰপৃষ্ঠৰ পৰা মাত্ৰ ৫ মিটাৰ উচ্চতাত উৰিব, যাৰ ফলত শত্ৰুৰ ৰাডাৰে ধৰা পেলোৱাটো কাৰ্যতঃ অসম্ভৱ হৈ পৰিব।

Related Stories
কোনে বন্ধ কৰিছিল আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত বিমানৰ ইন্ধনৰ চুইচ? ২ পাইলটৰ মাজত হোৱা কথা-বতৰাক লৈ চৰ্চা…
সম্পত্তিৰ লোভ আৰু ১০ লাখ টকাৰ ভাড়াতীয়া শ্বুটাৰ! পত্নীৰ ষড়যন্ত্ৰৰ বলি হৈ চিৰদিনলৈ চকু মুদিলে পতিয়ে
চাংপোৰ ওপৰত চীনে গোপনে নিৰ্মাণ কৰিছে বিশ্বৰ সৰ্ববৃহৎ নদী বান্ধ…শংকা প্ৰকাশ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ
চৰাইৰ খুন্দাৰ বাবে সংঘটিত হৈছিল নেকি আহমেদাবাদ দুৰ্ঘটনা! প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য
হুৰমূৰকৈ বাগৰি পৰিল চাৰি মহলীয়া অট্টালিকা, আৱদ্ধ ১২ জন লোকঃ অব্যাহত উদ্ধাৰ অভিযান
আহমেদাবাদ বিমান দুৰ্ঘটনা সন্দৰ্ভত পোহৰলৈ ন-ন তথ্যঃ বিমান কোম্পানীৰ বিৰুদ্ধে লোৱা হ’ব নেকি ব্যৱস্থা!
জণ্ডিচৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? ইয়াৰ কাৰণ ক'লে চিকিৎসকে...
কৰ্কট ৰোগৰ প্ৰতিৰোধৰ বাবে কাজি নেমু কিমান উপকাৰী? জানক
পেটৰ আলচাৰে পিছলৈ গুৰুতৰ ৰূপ ল’ব পাৰে, ইয়াৰ প্ৰতিৰোধৰ উপায় জানক
শাওন মাহত ভুলতো নকৰিব এইসমূহ কাম, মহাদেৱৰ কৃপাৰ পৰা বঞ্চিত হ’ব আপুনি!