১৮ বছৰৰ তলৰ শিশুৱে ছ’চিয়েল মিডিয়া একাউণ্ট খুলিবলৈ ল’ব লাগিব অনুমতি, ডাঙৰ সিদ্ধান্ত…

সামাজিক মাধ্যমে শিশুসকলৰ ওপৰত পেলাব পৰা নেতিবাচক প্ৰভাৱৰ ওপৰত গুৰুত্ব দিয়ে কেন্দ্ৰীয় চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । এতিয়াৰ পৰা ১৮ বছৰৰ তলৰ শিশুৱে ছ’চিয়েল মিডিয়াত একাউণ্ট খুলিবলৈ অভিভাৱকৰ সন্মতি ল’ব লাগিব। ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকচন এক্ট (DPDP)ৰ নিয়মৰ বাবে খচৰা নিয়ম প্ৰকাশ কৰিছে ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ।

১৮ বছৰৰ তলৰ শিশুৱে ছ’চিয়েল মিডিয়া একাউণ্ট খুলিবলৈ লব লাগিব অনুমতি, ডাঙৰ সিদ্ধান্ত...

প্ৰতীকী ফটো

Updated On: 

04 Jan 2025 | 12:50 PM

বৰ্তমান সময়ত হাতে হাতে স্মাৰ্টফোন থকাৰ লগে লগে শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে, সকলোৱে সামাজিক মাধ্যমত অধিক সক্ৰিয় হোৱা দেখা যায় । বিশেষভাৱে শিশুসকলো এতিয়া সামাজিক মাধ্য়মত অধিক সক্ৰিয় হোৱা দেখা গৈছে । দেশৰ অধিকাংশ শিশুৱেই বৰ্তমান সময়ত সামাজিক মাধ্যম ব্যৱহাৰ কৰে । মনকৰিবলগীয়া যে, সামাজিক মাধ্যমৰ ইতিবাচক প্ৰভাৱৰ লগতে ইয়াৰ নেতিবাচক কিছু প্ৰভাৱও আছে, যি শিশুসকলৰ ক্ষেত্ৰত ডাঙৰ সমস্যা সৃষ্টি কৰিব পাৰে বা বিপদজনক হ’ব পাৰে ।

সামাজিক মাধ্যমে শিশুসকলৰ ওপৰত পেলাব পৰা নেতিবাচক প্ৰভাৱৰ ওপৰত গুৰুত্ব দিয়ে কেন্দ্ৰীয় চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । এতিয়াৰ পৰা ১৮ বছৰৰ তলৰ শিশুৱে ছ’চিয়েল মিডিয়াত একাউণ্ট খুলিবলৈ অভিভাৱকৰ সন্মতি ল’ব লাগিব। ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকচন এক্ট (DPDP)ৰ নিয়মৰ বাবে খচৰা নিয়ম প্ৰকাশ কৰিছে ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে । ১৮ ফেব্ৰুৱাৰীলৈকে এই সন্দৰ্ভত লাভ কৰা আপত্তিৰ ভিত্তিত পৰিৱৰ্তন কৰা হ’ব পাৰে । কিন্তু যদি কোনো আপত্তি নাহে তেন্তে এই নিয়ম চলি থাকিব।

ব্যক্তিগত ডিজিটেল ডাটা সুৰক্ষাৰ নিয়ম বহুদিনৰ পৰাই আছিল। কিন্তু চৰকাৰে প্ৰকাশ কৰা খচৰাত নিয়ম উলংঘা কৰিলে কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থাৰ কথা উল্লেখ কৰা হোৱা নাই। নিয়ম জাৰি কৰি চৰকাৰে এই সন্দৰ্ভত ৰাইজৰ মতামত বিচাৰিছে। ১৮ ফেব্ৰুৱাৰীৰ পিছত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব। য’ত ৰাইজৰ মতামত বিবেচনা কৰা হ’ব ।

নতুন খচৰা অনুসৰি এতিয়াৰ পৰা ১৮ বছৰৰ তলৰ শিশুৱে ছ’চিয়েল মিডিয়াত একাউণ্ট তৈয়াৰ কৰিবলৈ অভিভাৱকৰ সন্মতি ল’ব লাগিব। ফলত শিশুৰ সুৰক্ষা বাঢ়িব বুলি আশা কৰা হৈছে। এই সন্দৰ্ভত চৰকাৰে জনমত বিচাৰিছে আৰু ১৮ ফেব্ৰুৱাৰীৰ পিছত লোৱা হ’ব চূড়ান্ত সিদ্ধান্ত। কিন্তু এই আইনত ২৫০ কোটি টকা পৰ্যন্ত জৰিমনা বিহাৰ ব্যৱস্থা আছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...