প্ৰেমিকৰ সৈতে দেখা পালে যুৱতীক…প্ৰথমে প্ৰহাৰ, তাৰ পিছত নৃশংসভাৱে হত্যা

ঘৰৰ ছাদৰ পৰাই ছোৱালীজনীৰ পৰিয়ালৰ লোকে দুয়োকে আপত্তিজনক অৱস্থাত দেখিলে। তাৰ পিছত ক্ষুব্ধ হৈ দুয়োকে লাঠি আৰু ৰডেৰে আক্ৰমণ কৰে। আক্ৰমণ ইমানেই ভয়াৱহ আছিল যে শিৱানীৰ থিতাতে মৃত্যু হয়। প্ৰচুৰ পৰিমাণে ৰক্তক্ষৰণ হোৱা দীপকক জিলা চিকিৎসালয়লৈ লৈ যোৱা হয়।

প্ৰেমিকৰ সৈতে দেখা পালে যুৱতীক...প্ৰথমে প্ৰহাৰ, তাৰ পিছত নৃশংসভাৱে হত্যা

প্ৰতীকি ফটো

Published: 

12 Jan 2026 | 11:53 AM

এক চাঞ্চল্যকৰ ঘটনা। নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰা হয় এগৰাকী ২০ বছৰীয়া যুৱতী আৰু তেওঁৰ প্ৰেমিকক। অভিযোগ অনুসৰি যুৱতীগৰাকীৰ পৰিয়ালে দুয়োকে একেলগে দেখাৰ ফলত ক্ষোভত এই হত্যাকাণ্ড সংঘটিত কৰে। উত্তৰ প্ৰদেশৰত দেওবাৰে নিশাৰ ঘটনা এয়া।

গড়িয়া চুহাগপুৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীৰ তথ্য অনুসৰি নিহত লোকজনৰ নাম ২৫ বছৰীয়া দীপক (ৰাধেশ্যামৰ পুত্ৰ) আৰু যুৱতীগৰাকী ২০ বছৰীয়া শিৱানী (অশোকৰ কন্যা)। দুয়োজনেই একেখন গাঁৱৰ আৰু একেটা সম্প্ৰদায়ৰ আছিল। খবৰ অনুসৰি দেওবাৰে নিশা প্ৰায় ৮:৩০ বজাত প্ৰেমিকা শিৱানীক লগ কৰিবলৈ গৈছিল দীপকে।

ঘৰৰ ছাদৰ পৰাই ছোৱালীজনীৰ পৰিয়ালৰ লোকে দুয়োকে আপত্তিজনক অৱস্থাত দেখিলে। তাৰ পিছত ক্ষুব্ধ হৈ দুয়োকে লাঠি আৰু ৰডেৰে আক্ৰমণ কৰে। আক্ৰমণ ইমানেই ভয়াৱহ আছিল যে শিৱানীৰ থিতাতে মৃত্যু হয়। প্ৰচুৰ পৰিমাণে ৰক্তক্ষৰণ হোৱা দীপকক জিলা চিকিৎসালয়লৈ লৈ যোৱা হয়। অৱশ্যে চিকিৎসাৰ সময়ত তেওঁৰো মৃত্যু হয়। একেটা নিশাতে হোৱা এই দুই মৃত্যুৰ ঘটনাই সমগ্ৰ গাঁওখনতে এক উত্তেজনাৰ পৰিৱেশৰ সৃষ্টি কৰিছে।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে এছ এছ পি শ্যাম নাৰায়ণ সিঙে গধুৰ আৰক্ষী বাহিনীৰ সৈতে ঘটনাস্থলী পৰিদৰ্শন কৰে। এছ এছ পিয়ে উল্লেখ কৰে যে যুৱতীগৰাকীৰ পৰিয়ালৰ কিছু সদস্যক আটক কৰি সোধা-পোছা কৰা হৈছে। ঘটনাস্থলীত ফৰেনছিক দল মাতি সাক্ষ্য সংগ্ৰহ কৰা হৈছে।

এছ এছ পি সিঙেও হাস্পতালত উপস্থিত হৈ মৃতকৰ মৃতদেহৰ অৱস্থাৰ বুজ লয়। দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। স্থানীয় আৰক্ষী অধীক্ষক ৰিতেশ ঠাকুৰৰ মতে, এতিয়ালৈকে কোনো পক্ষই আনুষ্ঠানিক অভিযোগ দাখিল কৰা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। সতৰ্কতামূলক ব্যৱস্থা হিচাপে গাঁওখনত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা বা সংঘাত ৰোধ কৰিবলৈ গধুৰ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...