জাৱৰৰ দ’মত ওলাল মহা মূল্যৱান হীৰাৰ হাৰ! তাৰ পিছত ঘটিল এনে…

যদি আপুনি হঠাতে এটা জাৱৰৰ দ’মত লাভ কৰে হীৰাৰ অলংকাৰ, আপোনাৰ কেনে অনুভৱ হ’ব কল্পনা কৰকচোন! স্বাভাৱিকতেই এনে সৌভাগ্য হ’লে আনন্দত জপিয়াই উঠিব যিকোনো লোক। পিছে সেই অলংকাৰ হেৰুওৱা ব্যক্তিজনৰ কি পৰিস্থিতি হ’ব ভাবকচোন!

জাৱৰৰ দ’মত ওলাল মহা মূল্যৱান হীৰাৰ হাৰ! তাৰ পিছত ঘটিল এনে...

প্ৰতিনিধিত্বমূলক ছবি

Published: 

22 Jul 2024 | 11:28 AM

মানুহে পৰিধান কৰা ধাতুৰ আ-অলংকাৰৰ ভিতৰত হীৰাক অন্যতম মূল্যৱান হিচাপে গণ্য কৰা হয়। অৱশ্যে অধিক দৰৰ বাবে বহু লোকে আশা থাকিলেও হীৰাখচিত অলংকাৰ ক্ৰয় কৰাৰ ক্ষেত্ৰত চিন্তা কৰিবলগা হয়। পিছে এই মূল্যৱান ধাতুৰ অলংকাৰ যদি আপুনি হঠাতে এটা জাৱৰৰ দ’মত লাভ কৰে, আপোনাৰ কেনে অনুভৱ হ’ব কল্পনা কৰকচোন! স্বাভাৱিকতেই এনে সৌভাগ্য হ’লে আনন্দত জপিয়াই উঠিব যিকোনো লোক। পিছে সেই অলংকাৰ হেৰুওৱা ব্যক্তিজনৰ কি পৰিস্থিতি হ’ব ভাবকচোন! আনফালে হেৰুওৱা সেই হীৰাডাল আকৌ যদি তেওঁ ঘূৰাই পায়, সেয়া তেওঁৰ বাবে স্বাভাৱিকতেই হৈ পৰিব অনন্য সুখৰ।

এনে এক ঘটনাই সংঘটিত হৈছে তামিলনাডুত। ৰাজ্যখনৰ চেন্নাইৰ এজন লোকে শেহতীয়াকৈ ভুলবশতঃ ঘৰৰ এডাল হীৰাৰ হাৰ জাৱৰত পেলাই দিয়ে। যেতিয়া তেওঁ এই ভুলৰ বিষয়ে জানিব পাৰে, ভাগি পৰে শোকত। পিছে জাৱৰৰ দ’মৰ মাজত নিজাকৈ হাৰডাল বিচৰা তেওঁৰ বাবে সম্ভৱপৰ নাছিল। এনে অৱস্থাত তেওঁ পৌৰ নিগমৰ ওচৰত হীৰাৰ হাৰডাল বিচাৰি উলিওৱাৰ বাবে সহায় বিচাৰিলে।

তেওঁৰ অনুৰোধমৰ্মেই সহায়ৰ বাবে আগবাঢ়ি আহিল পৌৰ নিগম। বহু সময়জোৰা কঠোৰ পৰিশ্ৰমৰ অন্তত অৱশেষত পৌৰ নিগমৰ দলটোৱে লাভ কৰিলে সফলতা। জাৱৰৰ দ’মটোত পৰি থকা এদাল মালাত মেৰ খাই থকা অৱস্থাত পোৱা গ’ল হীৰাৰ হাৰডাল। মূল্যৱান হাৰডাল হেৰুওৱাৰ অজানা আশংকাত ভীতিগ্ৰস্ত হৈ থকা ব্যক্তিজনৰ মুখত অৱশেষত দেখিবলৈ পোৱা গ’ল সুখৰ হাঁহি, কাঢ়িলে সকাহৰ হুমুনিয়াহ।

প্ৰকাশিত খবৰ অনুসৰি এই ঘটনা চেন্নাইৰ বিৰুগম্বকম অঞ্চলৰ। স্থানীয় দেৱৰাজ নামৰ এজন ব্যক্তি সন্মুখীন হৈছিল এই অনাকাংক্ষিত পৰিস্থিতিৰ। জানিব পৰা মতে, দেৱৰাজৰ মাতৃয়ে গঢ়াইছিল এই হীৰাৰ হাৰডাল। কিছুদিনৰ পিছতে দেৱৰাজৰ ভগ্নীৰ বিবাহ অনুষ্ঠিত হোৱাৰ কথা আৰু কন্যাক বিয়াৰ উপহাৰ হিচাপে দিবলৈ এই হাৰডাল গঢ়াইছিল মাতৃয়ে।

ভুলঃৱশত এই হাৰডালেই জাৱৰৰ সৈতে ডাষ্টবিনত পেলাই দিছিল দেৱৰাজে আৰু ঘৰৰ সমুখৰ পৰা এই জাৱৰ তুলি নিছিল পৌৰ নিগমে। এই ঘটনাৰ দুদিন পাৰ হৈ যোৱাৰ পিছতহে দেৱৰাজে জানিব পাৰিলে নিজৰ ভুল। হাৰডাল পুনৰ লাভ নকৰাৰ আশংকাত দেৱৰাজ চিন্তিত হৈ পৰিল। সেয়ে তেওঁ পৌৰ নিগমৰ সৈতে যোগাযোগ কৰি সবিশেষ তেওঁলোকক অৱগত কৰে।

দেৱৰাজক লগত লৈ পৌৰ নিগমৰ দলটোৱে জাবৰ পেলোৱা স্থানত উপস্থিত হয়। দলটোৱে লগে লগে হাৰডালৰ সন্ধান আৰম্ভ কৰে। কঠোৰ পৰিশ্ৰমৰ অন্তত দলটোৱে হীৰা হাৰডাল এডাল মালাত মেৰ খাই থকা অৱস্থাত উদ্ধাৰ কৰে। দলটোৰ এই সাফল্যত স্বস্তিৰ হুমুনিয়াহ কাঢ়িলে দেৱৰাজে আৰু পৌৰ নিগমৰ দলটোৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

দেৱৰাজৰ হীৰাৰ হাৰডাল উদ্ধাৰত এণ্টনিছামী নামৰ এগৰাকী ই-ৰিক্সা চালক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যোৱা ২০২০ চনৰ অক্টোবৰত তেওঁ পৌৰ নিগমৰ সৈতে চুক্তি লাভ কৰাৰ পিছত এগৰাকী নিষ্ঠাবান কৰ্মচাৰী হিচাপে কাম কৰি আহিছে এণ্টনিছামীয়ে। ইফালে এই হাৰডালৰ দাম ৫ লাখতকৈও অধিক বুলি জানিবলৈ দিছে দেৱৰাজে। ভগ্নীৰ বিয়াৰ উপহাৰ এই হাৰডাল লাভ কৰি তেওঁ এতিয়া যথেষ্ট সুখী।

ডায়েবেটিছত মহৌষধি হ’ব পাৰে তিতা কেৰেলা, এইদৰে ব্যৱহাৰ কৰিলে পাব সুফল
সঘনাই হয় নেকি কঁকালৰ বিষ? কি ৰোগৰ লক্ষণ হ'ব পাৰে জানক...
এই ৫ টা কাৰণত হ'ব পাৰে হৃদযন্ত্ৰৰ সমস্যা, জানক...
ওজন হ্ৰাস কৰিবলৈ খাওক এই ৫ বিধ পানীয়...
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে