Devendra Fadnavis : নাম চূড়ান্ত কৰিলে বিজেপিয়ে, কাইলৈ শপত ল’ব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে…

কাইলৈ ​​বৃহস্পতিবাৰে মুম্বাইৰ আজাদ ময়দানত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব বুলি সূত্ৰৰ পৰা জনিব পৰা গৈছে । আজিৰ দিনটোত মহাৰাষ্ট্ৰৰ মুখ্য়মন্ত্ৰী হিচাপে দেৱেন্দ্ৰ ফাড়নাবিছৰ নাম চূড়ান্ত কৰিছে বিজেপিয়ে ।

Devendra Fadnavis : নাম চূড়ান্ত কৰিলে বিজেপিয়ে, কাইলৈ শপত লব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে...

কাইলৈ ​​মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব দেৱেন্দ্ৰ ফাড়নাবিছে

Published: 

04 Dec 2024 | 02:41 PM

সকলো জল্পনা-কল্পনা অন্ত পেলাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত কৰিলে বিজেপিয়ে । দক্ষিণৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব দেৱেন্দ্ৰ ফাড়নাবিছে । কাইলৈ ​​বৃহস্পতিবাৰে মুম্বাইৰ আজাদ ময়দানত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব বুলি সূত্ৰৰ পৰা জনিব পৰা গৈছে । আজিৰ দিনটোত মহাৰাষ্ট্ৰৰ মুখ্য়মন্ত্ৰী হিচাপে দেৱেন্দ্ৰ ফাড়নাবিছৰ নাম চূড়ান্ত কৰিছে বিজেপিয়ে ।

মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছৰে পৰা ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পদকলৈ বিভিন্ন কথা বতৰা আলোচনা তথা চৰ্চা হৈছিল । মহাযুতিৰ তিনিজন অংশীদাৰ বিজেপিৰ দেৱেন্দ্ৰ ফাড়নাবিছ, শিৱসেনাৰ একনাথ সিন্দে আৰু এন চি পিৰ অজিত পাৱাৰ আটাইকেইজনেই মুখ্যমন্ত্ৰী পদৰ প্ৰতিদ্বন্দ্বী বুলি চৰ্চা আৰম্ভ হৈছিল । অজিত পাৱাৰে মুখ্যমন্ত্ৰী পদৰ দৌৰৰ পৰা আঁতৰি আহিলেও প্ৰাক্তন মুখ্যমন্ত্ৰী একনাথ সিন্দে নিজৰ স্থিতিত অটল হৈ আছিল ।

অৱশেষত একনাথ সিন্দেও মুখ্যমন্ত্ৰী দৌৰৰ পৰা আঁতৰি আহে । শেষত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে দেৱেন্দ্ৰ ফাড়নাবিছৰ নাম চূড়ান্ত কৰে বিজেপিয়ে । সূত্ৰ খবৰ অনুসৰি, গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে বিজেপিৰ এক বৈঠকত দেৱেন্দ্ৰ ফাড়নাবিছৰ নাম পৰামৰ্শ দিছিল। বিজেপিৰ সকলো নেতাই এই প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰে।

সূত্ৰ অনুসৰি, ​​বৃহস্পতিবাৰে সন্ধিয়া ৫ বজাত শপত গ্ৰহণ কৰিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে । একনাথ সিন্দে আৰু অজিত পাৱাৰে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। অৱশ্যে কেবিনেট গঠন সন্দৰ্ভত এতিয়ালৈকে কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই। প্ৰতি ৫ জন বিধায়কৰ বিপৰীতে এজন মন্ত্ৰীৰে মহাৰাষ্ট্ৰৰ কেবিনেট গঠন কৰাৰ সম্ভাৱনা আছে । নতুন চৰকাৰত বিজেপিৰ পৰা ২০ জন মন্ত্ৰী থাকিব পাৰে। শিৱসেনাৰ ১৩জন আৰু অজিত পাৱাৰৰ দলৰ ৯ জন বিধায়কক মন্ত্ৰী পদ দিয়াৰ সম্ভাৱনা।

লগতে পঢ়ক : Maharashtra Chief Minister : আজি ঘোষণা হ’ব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ নাম ! কোন দলে কেইজন মন্ত্ৰী পাব…?

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...