UPSCৰ প্ৰস্তুতি চলাই থকা ছাত্ৰীৰ চৰম পন্থা! ছুইচাইড নোটত চাঞ্চল্যকৰ তথ্য

দিল্লীৰ অ'ল্ড ৰাজেন্দ্ৰ নগৰক UPSCৰ শিক্ষাৰ্থীৰ কেন্দ্ৰ হিচাপে গণ্য কৰা হয়। কিন্তু শেহতীয়া কেইদিনমানত তাত পৰা বহুতো চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। যাৰ ভিতৰত আছে প্ৰশিক্ষণ কেন্দ্ৰৰ বেচমেণ্টত ৩গৰাকী শিক্ষাৰ্থী মৃত্যু । UPSCৰ প্ৰস্তুতি চলাই থকা শিক্ষাৰ্খীৰ চৰম পন্থাৰ ঘটনাও পোহৰলৈ আহিছে।

UPSCৰ প্ৰস্তুতি চলাই থকা ছাত্ৰীৰ চৰম পন্থা! ছুইচাইড নোটত চাঞ্চল্যকৰ তথ্য

UPSCৰ প্ৰস্তুতি চলাই থকা শিক্ষাৰ্খীৰ চৰম পন্থা!

Published: 

03 Aug 2024 | 04:45 PM

দিল্লীৰ অ’ল্ড ৰাজেন্দ্ৰ নগৰৰ প্ৰশিক্ষণ কেন্দ্ৰত হোৱা দুৰ্ঘটনাত তিনিজন UPSCৰ প্ৰস্তুতি চলাই থকা শিক্ষাৰ্খীৰ মৃত্যুৱে সমগ্ৰ দেশবাসীক শোকাহত কৰি তুলিছিল। তাৰ পাছতে বিদ্যুৎস্পৃষ্ট হৈ UPSCৰ প্ৰস্তুতি চলাই থকা আন এজন ছাত্ৰৰ মৃত্যু হৈছিল। এতিয়া আকৌ এজন শিক্ষাৰ্থীৰ চৰম পন্থাৰ ঘটনা পোহৰলৈ আহিছে।

চৰম পন্থা লোৱা শিক্ষাৰ্থীগৰাকী মহাৰাষ্ট্ৰৰ। তেওঁ দিল্লীত থাকি UPSCৰ বাবে প্ৰস্তুতি চলাই আছিল। তথ্য অনুসৰি ছোৱালীজনী অ’ল্ড ৰাজেন্দ্ৰ নগৰৰ এটা ভাড়াঘৰত বাস কৰিছিল। যদিও হতাশাই তেওঁ আত্মহননৰ কাৰণ বুলি কোৱা হৈছে। দিল্লী আৰক্ষীয়ে বিষয়টোৰ তদন্ত কৰি আছে।

অনুসন্ধানৰ সময়ত ছাত্ৰীগৰাকীৰ কোঠাত আৰক্ষীয়ে এখন ছুইচাইড নোট নোট পাইছিলষ য’ত তেওঁ UPSCৰৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলৰ ওপৰত পৰা চাপৰ বিষয়ে কৈছিল। কেৱল এয়াই নহয় তেওঁ প্ৰতিদিনে শিক্ষাৰ্থীসকলে সন্মুখীন হোৱা সমস্যাৰ কথাও উল্লেখ কৰিছে। UPSCক দেশৰ আটাইতকৈ কঠিন পৰীক্ষা বুলি কোৱা হয়। শিক্ষাৰ্থীসকলে এই পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে বহু বছৰ ধৰি কষ্ট কৰে।

প্ৰশিক্ষণ কেন্দ্ৰৰ বেচমেণ্টত ৩জনকৈ শিক্ষাৰ্থীৰ মৃত্যুৰ পাছৰে পৰা, UPSCৰ শিক্ষাৰ্থীসকলে সন্মুখীন হোৱা সমস্যাবোৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। শিক্ষাৰ্থীসকলে বহু প্ৰকাৰৰ সমস্যাৰ সন্মুখীন হ’ব লাগে। যেতিয়া শিক্ষাৰ্থীসকলক সোধা হৈছিল, বিষয়টোত অন্তৰ্ভুক্ত আছিল কোঠাৰ ভাড়া, প্ৰশিক্ষণ আৰু পুথিভঁৰালৰ মাচুল, খাদ্য আদি। এই সকলোবোৰৰ ব্যয় ইমান বেছি যে সকলো শিক্ষাৰ্থীয়ে ইয়াক বহন কৰিবলৈ সক্ষম নহয়। চৰকাৰে বেচমেণ্টত চলি থকা সকলো প্ৰশিক্ষণ বন্ধ কৰাৰ নিৰ্দেশ দিছে। ইয়াৰ পাছত পুথিভঁৰালৰ মাচুল আগৰ তুলনাত অধিক বৃদ্ধি কৰা হৈছে, যিটো শিক্ষাৰ্থীসকলৰ বাবে আন এক সমস্যা হৈ পৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...