প্ৰতিজন অপৰাধীক চিনাক্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে: দিল্লীৰ বিস্ফোৰণক লৈ অমিত শ্বাহৰ বৈঠক
দিল্লীত বিস্ফোৰণৰ পিছতে গৃহমন্ত্ৰী অমিত শ্বাহে উচ্চ পৰ্যায়ৰ নিৰাপত্তা বৈঠক আহ্বান কৰে। বৈঠকত চলি থকা তদন্ত আৰু সামগ্ৰিক প্ৰস্তুতিৰ পৰ্যালোচনা কৰা হয়। য'ত চিবিআই, এনআইএ, দিল্লী আৰক্ষীকে ধৰি বিভিন্ন সংস্থাৰ শীৰ্ষ বিষয়াসকলে তথ্য, এফএছএলৰ প্ৰতিবেদন, আৰু অপৰাধী চিনাক্ত কৰাৰ কৌশলৰ বিষয়ে আলোচনা কৰে।

অমিত শ্বাহ
শেহতীয়াকৈ ৰাজধানী দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত বিস্ফোৰণৰ পিছতে গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত দিল্লীৰ বাসগৃহত এক উচ্চ পৰ্যায়ৰ নিৰাপত্তা বৈঠক অনুষ্ঠিত হয়। বৈঠকত ঘটনাৰ তদন্ত আৰু ৰাজধানী দিল্লীৰ সামগ্ৰিক প্ৰস্তুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
প্ৰায় ডেৰ ঘণ্টা ধৰি চলি থকা এই বৈঠকত চিবিআই, আইবি, এনআইএ, আৰু এনএছজিৰ সঞ্চালক প্ৰধানৰ লগতে দিল্লী আৰক্ষী আয়ুক্ত আৰু জম্মু-কাশ্মীৰৰ ডিজিকে ধৰি গুৰুত্বপূৰ্ণ বিষয়াসকলে অংশগ্ৰহণ কৰে। উপস্থিত থাকে গৃহ সচিব, যুটীয়া সচিব, অতিৰিক্ত সচিবকে ধৰি গৃহ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলো । এই বৈঠকত কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন, চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক, ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ সঞ্চালক প্ৰধান, দিল্লী আৰক্ষী আয়ুক্ত উপস্থিত থাকে।
এই বিস্ফোৰণ কেনেকৈ সংঘটিত হৈছিল আৰু ইয়াৰ আঁৰত কোন জড়িত আছিল? সেই সন্দৰ্ভত তদন্তৰ সময়ত কোনো কথাকে আওকাণ নকৰিবলৈ কয় শ্বাহে। নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰি অমিত শ্বাহে লিখিছে, “দিল্লী বাহন বিস্ফোৰণ সন্দৰ্ভত জ্যেষ্ঠ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকৰ অধ্যক্ষতা কৰিছিলোঁ। এই কাণ্ডৰ আঁৰৰ প্ৰতিজন অপৰাধীক চিনাক্ত কৰিবলৈ তেওঁলোকক নিৰ্দেশ দিয়া হৈছে। এই কাৰ্যৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিয়ে আমাৰ সংস্থাসমূহৰ শাস্তিৰ সন্মুখীন হ’ব।”
Chaired review meetings on the Delhi car blast with the senior officials. Instructed them to hunt down each and every culprit behind this incident. Everyone involved in this act will face the full wrath of our agencies. pic.twitter.com/8UO2PYCvoh
— Amit Shah (@AmitShah) November 11, 2025
বিস্তৃত আলোচনাৰ সময়ত এইপৰ্যন্ত সম্পূৰ্ণ হোৱা তদন্তৰ প্ৰতিটো সবিশেষ গৃহমন্ত্ৰীৰ সন্মুখত দাখিল কৰা হয়। ইয়াৰ ভিতৰত আছিল ভূমিৰ পৰা পোৱা তথ্য আৰু ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰৰ (এফ এছ এল) প্ৰতিবেদনৰ প্ৰাৰম্ভিক অন্তৰ্দৃষ্টি। এই বৈঠকৰ প্ৰধান উদ্দেশ্য আছিল এই কাণ্ডৰ আঁৰৰ শক্তি আৰু ব্যক্তি, পৰিকল্পনা আৰু সহযোগীতা আগবঢ়োৱাসকলক চিনাক্ত কৰা।
উল্লেখ্য যে, সোমবাৰে সন্ধিয়া প্ৰায় ৭ বজাৰ ওচৰত দিল্লীৰ ৰেড ফ’ৰ্ট মেট্ৰ’ ষ্টেচনৰ সমীপত এখন গাড়ী বিস্ফোৰণৰ খবৰ পোহৰলৈ আহে। বিস্ফোৰণৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই যদিও তদন্ত অব্যাহত আছে। এতিয়ালৈকে এই বিস্ফোৰণত ১২ জন লোকৰ মৃত্যু হৈছে, আৰু প্ৰায় ৩০ জন লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে। দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গাড়ীৰ মালিকক।
ইফালে ঘটনা সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভূটানত এক অনুষ্ঠানৰ সময়ত এই ঘটনাৰে জড়িত সকলক কোনো কাৰণতে ৰেহাই দিয়া নহয় বুলি স্পষ্ট কৰি দিছে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ স্পষ্ট কৰি দিছে যে,কোনো অপৰাধীক ৰেহাই দিয়া নহ’ব। লগতে সমগ্ৰ বিষয়টোৰ সম্পূৰ্ণ তদন্তৰ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
লগতে পঢ়ক: পহলগামৰ পিছত এইবাৰ দিল্লী…৭ মাহত ৪১ জন নিৰীহ ভাৰতীয়ৰ মৃত্যু, দায়ী কোন?