Baba Siddique Murder: বাবা ছিদ্দিকী হত্যাকাণ্ডৰ তদন্তত সহায় কৰিব দিল্লী আৰক্ষীৰ বিশেষ কোষে…

বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ তদন্তত সহায় কৰিব দিল্লী আৰক্ষীৰ বিশেষ কোষৰ এটা দলে । দিল্লী আৰক্ষীৰ বিশেষ কোষৰ দল মুম্বাইলৈ প্ৰেৰণ কৰা হ’ব বুলি দেওবাৰে আৰক্ষী সূত্ৰই সদৰী কৰিছে।

Baba Siddique Murder: বাবা ছিদ্দিকী হত্যাকাণ্ডৰ তদন্তত সহায় কৰিব দিল্লী আৰক্ষীৰ বিশেষ কোষে...

বাবা ছিদ্দিকীক তিনি দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে

Updated On: 

13 Oct 2024 12:48 PM

NCP ৰ নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ তদন্তত সহায় কৰিব দিল্লী আৰক্ষীৰ বিশেষ কোষৰ এটা দলে । দিল্লী আৰক্ষীৰ বিশেষ কোষৰ দল মুম্বাইলৈ প্ৰেৰণ কৰা হ’ব বুলি দেওবাৰে আৰক্ষী সূত্ৰই সদৰী কৰিছে। উল্লেখ্য যে, শনিবাৰে সন্ধিয়া বিধায়ক পুত্ৰ জীশান ছিদ্দিকীৰ কাৰ্যালয়ৰ ঠিক বাহিৰত দুৰ্বৃত্তৰ গুলীত নিহত হয় এনচিপিৰ নেতা বাবা ছিদ্দিকী ।

এই ঘটনা সংঘটিত হোৱাৰ পাছতে বাবা ছিদ্দিকীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসকে প্ৰাথমিক চিকিৎসাৰ অন্তত মৃত ঘোষণা কৰে । সূত্ৰটোৱে জনোৱা মতে, “স্পেচিয়েল চেলৰ চাৰিৰ পৰা পাঁচজন সদস্যৰে গঠিত এটা দল মুম্বাইলৈ গৈ তদন্তত মুম্বাই আৰক্ষীক সহায় কৰিব। দলটোৱে গেংষ্টাৰ এংগেলটো চাব।”

উল্লেখ্য যে,  বান্দ্ৰা ইষ্টত এন চি পি নেতা বাবা ছিদ্দিকীৰ ওপৰত এই গুলীচালনাৰ ঘটনা সংঘটিত হয়। ছিদ্দিকীৰ ওপৰত আক্ৰমণকাৰীয়ে তিনিবাৰকৈ গুলীচালনা কৰে । নিৰ্মল নগৰ থানা এলেকাত এই ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে । বাবা ছিদ্দিকীয়ে বান্দ্ৰা খেৰৱাডীস্থিত পুত্ৰ জীশান ছিদ্দিকীৰ কাৰ্যালয়ৰ পৰা ওলাই আহি থকা অৱস্থাতে আক্ৰমণকাৰীয়ে তেওঁৰ ওপৰত গুলীচালনা কৰে।

এই ঘটনাৰ সৈতে জড়িত দুজন লোকক আটক কৰিছে আৰক্ষীয়ে । এজন অভিযুক্ত হাৰিয়ানাৰ আৰু আনজন উত্তৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে । অভিযুক্তসকলৰ মাজৰে আন এজন অভিযুক্ত পলাতক হৈ আছে বুলি জানিব পৰা গৈছে । আটক কৰা দুজন অভিযুক্তৰ নাম হৈছে-হাৰিয়ানাৰ বাসিন্দা গুৰমাইল বলজিৎ সিং (২৩) আৰু উত্তৰ প্ৰদেশৰ বাসিন্দা ধৰ্মৰাজ ৰাজেশ কাশ্যপ (১৯)। ইফালে, অভিযুক্তই ব্যৱহাৰ কৰা পিষ্টল উদ্ধাৰ কৰে আৰক্ষীয়ে ।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension