বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশত সহায় কৰা ১১ দালালক আটক…

বাংলাদেশীৰ অনুপ্ৰৱেশৰ সৈতে জড়িত এটা চক্ৰক মঙলবাৰে আটক কৰিবলৈ সক্ষম হৈছে দিল্লী আৰক্ষীয়ে । অভিযোগ উঠিছে যে, এই চক্ৰটোৱে বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশত বিভিন্ন ধৰণে সহায় কৰি আহিছিল ।

বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশত সহায় কৰা ১১ দালালক আটক...

ভাৰত বাংলাদেশ সীমান্ত

Updated On: 

24 Dec 2024 14:44 PM

ভাৰতত বাংলাদেশৰ নাগৰিকৰ অবৈধ প্ৰৱেশৰ সৈতে জড়িত এটা চক্ৰক মঙলবাৰে আটক কৰিবলৈ সক্ষম হৈছে দিল্লী আৰক্ষীয়ে । অভিযোগ উঠিছে যে, এই চক্ৰটোৱে বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশত বিভিন্ন ধৰণে সহায় কৰি আহিছিল । পিটিআইৰ প্ৰতিবেদন অনুসৰি, অনুপ্ৰৱেশৰ সৈতে জড়িত থকা অপৰাধত ১১ জনকৈ লোকক আটক কৰিছে দিল্লী আৰক্ষীয়ে ।

জানিব পৰা মতে, আটক কৰা এই লোক কেইজনৰ ভিতৰত ৫ জন বাংলাদেশী নাগৰিক বুলি চিনাক্ত কৰা হৈছে । অভিযুক্তই ভুৱা নথি-পত্ৰ ব্যৱহাৰ কৰি বাংলাদেশী নাগৰিকক জংঘল পথ আৰু এক্সপ্ৰেছ ৰে’লৰ জৰিয়তে ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰিবলৈ সুবিধা প্ৰদান কৰি আহিছিল । এই চক্ৰটোৱে অনুপ্ৰৱেশৰ বাবে ভুৱা আধাৰ, ভোটাৰ আইডি কাৰ্ড আৰু ভুৱা ৱেবছাইটৰ জৰিয়তে সৃষ্টি কৰা অন্যান্য নথি-পত্ৰ ব্যৱহাৰ কৰিছিল বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, ৰাজধানী দিল্লীত অবৈধ বাংলাদেশীক চিনাক্তকৰণৰ বাবে বিশেষ অভিযান অব্য়াহত ৰাখিছে দিল্লী আৰক্ষীয়ে । এই অভিযান কালতে এই ১১ জনকৈ লোকক আটক কৰিছে আৰক্ষীয়ে । মনকৰিবলগীয়া যে, ৰাষ্ট্ৰীয় ৰাজধানীত বাস কৰা অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্য সচিব আৰু আৰক্ষী আয়ুক্তক দুমাহৰ বাবে বিশেষ অভিযান আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে দিল্লীৰ উপ-ৰাজ্যপালে।

ইফালে কেৱল ৰাজধানী দিল্লীতে অবৈধ বাংলাদেশীক লৈ অধিক সতৰ্কতা অৱলম্বন কৰা হৈছে এনে নহয়, অসমতো বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশকৈ অধিক সতৰ্কতা অৱলম্বন কৰিছে অসম আৰক্ষীয়ে । যোৱা সোমবাৰে অসমৰ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া অনুসৰি, ভাৰতৰ ভূখণ্ডত অবৈধভাৱে প্ৰৱেশ কৰাৰ অপৰাধত দুটা ভিন্ন অভিযানত অসম আৰক্ষীয়ে শিশুসহ ২২ জন বাংলাদেশীক আটক কৰি পুনৰ বিতাৰিত কৰে ।

এটা অভিযানত বাংগালুৰুৰ পৰা গুৱাহাটী ৰে’লৱে ষ্টেচনত উপস্থিত হোৱাৰ পিছত দক্ষিণ শালমৰা- মানকাচৰ জিলাৰ দিশে গৈ থকা অৱস্থাত শিশু-মহিলাসহ ১৬ গৰাকী বাংলাদেশী নাগৰিকক আটক কৰে অসম আৰক্ষীয়ে । ইয়াৰ পাছতে আৰক্ষীৰ তদন্তত তেওঁলোক বাংলাদেশী বুলি নিশ্চিত হয় । পৰৱৰ্তী সময়ত অইনী প্ৰক্ৰিয়া অনুসৰি তেওঁলোকক পুনৰ বাংলাদেশলৈ বিতাৰিত কৰে অসম আৰক্ষীয়ে ।

সামাজিক মাধ্যম এক্স হেণ্ডেলৰ আন এটা পোষ্টৰ জৰিয়তে মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে যে, ভাৰত-বাংলাদেশ সীমান্তৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা ৬ বাংলাদেশী নাগৰিকক আটক কৰে আৰক্ষীয়ে । ইয়াৰ পাছতে আইন প্ৰক্ৰিয়া অনুসৰি, তেওঁলোকক পুনৰ বাংলাদেশ কৰ্তৃপক্ষক গতাই দিয়ে অসম আৰক্ষীয়ে । অৱশ্যে তেওঁলোকক কোন স্থানৰ পৰা বিতাৰিত কৰা হৈছে সেই কথা উল্লেখ কৰা নাই মুখ্যমন্ত্ৰী শৰ্মাই ।

ইফালে, যোৱা দেওবাৰে অসমৰ সোণাপুৰতো দুই বাংলাদেশী নাগৰিকক আটক কৰাৰ খবৰ লাভ কৰা গৈছিল । অভিযোগ উঠিছিল যে, এই বাংলাদেশী দুজনে ২০০০ টকাৰ বিনিময়ত দালালৰ সহায়ত অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল ।

বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ! সাৱধান হৈ থাকিব এই ৰাশিৰ লোক...
এই খাদ্যসমূহে প্ৰাণ সঞ্চাৰ কৰে মগজুত, তালিকাত থকা এবিধ খাদ্যই কৰি তুলিব আচৰিত
ঘৰৰ বেৰত থকা জেঠী সঁচাকৈ বিষাক্ত নেকি? বিজ্ঞানৰ মতে...
নহৰুৰ এনে গুণে আচৰিত কৰিব আপোনাক! খালী পেটত খাওক মাত্ৰ দুই ফুটা, পাব সুফল