বৃহস্পতিবাৰে দিল্লীলৈ নামিব কৃত্ৰিম বৰষুণ! হ’ব কোটি কোটি টকা খৰচ, কিদৰে সম্ভৱ হ’ব এয়া
প্ৰদূষণৰ ভয়াৱহতা প্ৰতি বছৰে দিল্লীৰ এক পৰিচিত দৃশ্য এয়া। অনেক ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও প্ৰদূষণৰ পৰা মুক্ত হ’ব পৰা নাই দিল্লী। এইবাৰ দিল্লীত প্ৰদূষণ হ্ৰাস কৰাৰ শেষ আশা হৈছে কৃত্ৰিম বৰষুণ। পিছে এই কৃত্ৰিম বৰষুণ কিদৰে নমোৱা হ’ব দিল্লীত?

প্ৰতিনিধিত্বমূলক ছবি
দীপাৱলী মানেই ৰাজধানী দিল্লীত এক আতংকময় পৰিৱেশ। পোহৰেৰে চৌদিশ উজলি থকাৰ সময়তে প্ৰদূষণ আৰু আশে-পাশে থকা অঞ্চলসমূহ প্ৰদূষণ আৰু বিষাক্ত ধোঁৱাৰে আৱৰি ধৰে। প্ৰতি বছৰে দিল্লীৰ এক পৰিচিত দৃশ্য এয়া। আতচবাজী নিষিদ্ধ কৰা, বৃহৎ ট্ৰাকৰ চলাচল বন্ধ কৰা, সৰু গাড়ীৰ ক্ষেত্ৰত কিছুমান বিশেষ নিয়ম, পথত নিয়মীয়াকৈ পানী দিয়া ইত্যাদি অনেক ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও প্ৰদূষণৰ পৰা মুক্ত হ’ব পৰা নাই দিল্লী। এইবাৰ দিল্লীত প্ৰদূষণ হ্ৰাস কৰাৰ শেষ আশা হৈছে কৃত্ৰিম বৰষুণ। পিছে এই কৃত্ৰিম বৰষুণ কিদৰে নমোৱা হ’ব দিল্লীত?
যদি পৰিৱেশ অনুকূল হয়, তেতিয়া অহা ২৯ অক্টোবৰ বৃহস্পতিবাৰে দিল্লীত কৃত্ৰিম বৰষুণ কৰা হ’ব। এই কৃত্ৰিম বৰষুণৰ বাবে আকাশত ডাৱৰৰ প্ৰয়োজন হয়। অহা ২৮, ২৯ আৰু ৩০ অক্টোবৰত দিল্লীৰ আকাশত ডাৱৰ পৰিব বুলি বতৰ বিজ্ঞান বিভাগে জনাইছে। সেই তথ্যৰ ভিত্তিত দিল্লী চৰকাৰে কৃত্ৰিম বৰষুণ কৰাৰ পৰিকল্পনা কৰিছে। এই ক্ষেত্ৰত দায়িত্ব দিয়া হৈছে আই আই টি কানপুৰক।
কৃত্ৰিম বৰষুণ কি?
দিল্লীৰ আকাশ বিষাক্ত ধোঁৱাৰে আৱৰি ধৰিছে। শীতকালৰ আৰম্ভণিতে ঘন কুঁৱলী আৰু ধোঁৱাৰ মিশ্ৰণত ৰাজধানী চহৰখনৰ পৰিৱেশ বিপজ্জনক হৈ পৰে। বায়ু প্ৰদূষণৰ এই ভয়াৱহ পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰ আৰু বিজ্ঞানীসকলে এতিয়া কৃত্ৰিম বৰষুণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
দিল্লীৰ পৰিৱেশ মন্ত্ৰী মঞ্জিন্দৰ সিং ছিৰছাই উল্লেখ কৰা মতে, বৈজ্ঞানিক পদ্ধতিৰে কৃত্ৰিম বৰষুণ সৃষ্টি কৰাৰ বাবে ৩.২১ কোটি টকা খৰচ কৰা হ’ব। আই আই টি কানপুৰৰ পৰা প্ৰেৰণ কৰা এখন বিশেষ বিমান উত্তৰ-পশ্চিম দিল্লী আৰু দিল্লীৰ আশে-পাশে থকা অঞ্চলৰ ওপৰেৰে উৰা মাৰিব। ইয়াৰ বাবে ডাৱৰত জলীয় বাষ্প যোগ হৈ বৰষুণৰ সৃষ্টি হ’ব।
যোৱা মাহত দিল্লী চৰকাৰে আই আই টি কানপুৰৰ সৈতে ক্লাউড ছিডিঙৰ বাবে চুক্তি স্বাক্ষৰ কৰিছিল। এই অনুসৰি ৫টা ক্লাউড ছিডিং ট্ৰায়েল কৰা হ’ব। এতিয়া ২৯ অক্টোবৰত উত্তৰ-পশ্চিম দিল্লীত ক্লাউড ছিডিঙৰ জৰিয়তে বৰষুণ কৰিব পৰা যাব বুলি প্ৰকাশ পাইছে।
কৃত্ৰিম বৰষুণ কিদৰে কৰা হয়?
কৃত্ৰিম বৰষুণ হৈছে এক বৈজ্ঞানিক প্ৰক্ৰিয়া যাৰ দ্বাৰা ডাৱৰত ৰাসায়নিক পদাৰ্থ বিয়পাই বৰষুণ সৃষ্টি কৰা হয়। সাধাৰণতে এই প্ৰক্ৰিয়াত চিলভাৰ আয়’ডাইড, ছডিয়াম ক্লৰাইড বা পটাছিয়াম আয়’ডাইড ব্যৱহাৰ কৰা হয়। এই যৌগসমূহৰ মিশ্ৰণ জলীয় বাষ্পৰে ভৰা ডাৱৰত বিয়পি পৰাৰ পিছত ডাৱৰবোৰ পৰিপূৰ্ণ হৈ বৰষুণৰ সৃষ্টি হয়।
বৰষুণ কিদৰে হয়?
প্ৰথমে বতৰ বিজ্ঞানীসকলে পৰ্যাপ্ত পৰিমাণৰ জলীয় বাষ্প থকা ডাৱৰ চিনাক্ত কৰে।
বিমান ব্যৱহাৰ কৰি চিলভাৰ আয়’ডাইড এনে ডাৱৰত ঢালি দিয়া হয়।
এই ৰাসায়নিক পদাৰ্থই ডাৱৰৰ ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ কণাবোৰ একত্ৰিত হোৱাত সহায় কৰে।
ফলত কণাবোৰ ডাঙৰ হৈ পৰে আৰু শেষত বৰষুণৰ টোপাললৈ পৰিণত হয়।
এই প্ৰক্ৰিয়াটোক ক্লাউড ছিডিং প্ৰযুক্তি বুলি কোৱা হয়।
ইতপূৰ্বে বিশ্বৰ কেইবাখনো দেশত কৃত্ৰিম বৰষুণ কৰা হৈছে। চীন আৰু আমেৰিকাত সফলতাৰে কৃত্ৰিম বৰষুণৰ সৃষ্টি কৰা হৈছে। সংযুক্ত আৰব আমিৰশ্বাহীতো গ্ৰীষ্মকালত কৃত্ৰিম বৰষুণ কৰা হয়। ডুবাইত খৰাঙৰ সময়ত বতাহৰ শুকানতা কম কৰিবলৈ নিয়মিতভাৱে কৃত্ৰিম বৰষুণ ব্যৱহাৰ কৰা হয়। অলিম্পিকৰ সময়ত বতৰ নিয়ন্ত্ৰণৰ বাবে চীনত ক্লাউড ছিডিং কৰা হৈছিল।
ভাৰতত এই পদ্ধতি মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু তামিলনাডুতো খৰাং হ্ৰাস কৰিবলৈ পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰা হৈছে। দিল্লীত কেজৰিৱাল চৰকাৰে ইয়াৰ পূৰ্বে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কৃত্ৰিম বৰষুণৰ চেষ্টা কৰিছিল। এতিয়া প্ৰদূষণৰ পৰা ৰক্ষাৰ বাবেই দিল্লীত এই কৃত্ৰিম বৰষুণৰ আশ্ৰয় লোৱা হ’ব।
কৃত্ৰিম বৰষুণৰ খৰচ
সাধাৰণতে এক সীমিত পৰিসৰত কৃত্ৰিম বৰষুণৰ বাবে ১২.৫ লাখৰ পৰা ৪১ লাখ টকা খৰচ হয় বুলি কোৱা হয়। আনহাতে বৃহৎ পৰিসৰত বৰষুণৰ পৰিকল্পনাৰ বাবে বছৰি ৮ কোটিৰ পৰা ১২ কোটি টকা খৰচ হ’ব পাৰে। দিল্লীত ৫টা ক্লাউড ছিডিং ট্ৰায়েলৰ বাবে বিজেপি চৰকাৰে ৩.২১ কোটি টকা আবণ্টন দিছে। প্ৰতিটো পৰীক্ষাৰ বাবে ৫৫ লাখৰ পৰা ১.৫ কোটি টকা খৰচ হ’ব পাৰে।
ইয়াৰ উপৰিও মৌলিক আন্তঃগাঁথনিৰ বাবে আৰু ৬৬ লাখ টকা ব্যয় কৰা হ’ব। ১০০ বৰ্গ কিলোমিটাৰ এলেকাত বৰষুণ দিলে ৫-৬ দিনৰ বাবে সকাহ লাভ কৰিব বুলি কোৱা হৈছে। ইয়াৰ বাবে প্ৰতি বৰ্গ কিলোমিটাৰত গড়ে ১ লাখ টকা খৰচ হ’ব পাৰে।