ব্যক্তিগত, জনস্বাৰ্থ জড়িত নাই ! প্ৰধানমন্ত্ৰী মোদীৰ স্নাতক ডিগ্ৰীৰ তথ্য প্ৰকাশৰ নিৰ্দেশ নাকচ উচ্চ ন্যায়ালয়ৰ

প্ৰকাশ কৰিব নোৱাৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰী সম্পৰ্কীয় তথ্য! কেন্দ্ৰীয় তথ্য আয়োগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰী সম্পৰ্কীয় তথ্য প্ৰকাশৰ নিৰ্দেশ সোমবাৰে বাতিল কৰে দিল্লী উচ্চ ন্যায়ালয়ে।

ব্যক্তিগত, জনস্বাৰ্থ জড়িত নাই ! প্ৰধানমন্ত্ৰী মোদীৰ স্নাতক ডিগ্ৰীৰ তথ্য প্ৰকাশৰ নিৰ্দেশ নাকচ উচ্চ ন্যায়ালয়ৰ

প্ৰধানমন্ত্ৰী মোদী

Updated On: 

25 Aug 2025 16:21 PM

ব্যক্তিগত, জনস্বাৰ্থ জড়িত নাই ! প্ৰকাশ কৰিব নোৱাৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰী সম্পৰ্কীয় তথ্য! তথ্য প্ৰকাশৰ নিৰ্দেশ বাতিল কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে। কেন্দ্ৰীয় তথ্য আয়োগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰী সম্পৰ্কীয় তথ্য প্ৰকাশৰ নিৰ্দেশ সোমবাৰে বাতিল কৰে দিল্লী উচ্চ ন্যায়ালয়ে।

ন্যায়াধীশ শচীন দত্তই দিল্লী বিশ্ববিদ্যালয়ে (ডি ইউ) ২০১৭ চনৰ চিআইচিৰ আদেশক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ অনুমতি দিয়ে, য’ত ভাৰ্চিটিক মোদীৰ ডিগ্ৰীৰ সৈতে জড়িত তথ্য আৰটিআই আবেদনকাৰীক প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল

ৰায় ঘোষণা কৰি একক ন্যায়াধীশগৰাকীয়ে কয় যে, চিআইচিৰ নিৰ্দেশ আঁতৰাই ৰখা হৈছে। আৰ টি আই আবেদনকাৰীয়ে ১৯৭৮ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাৰ স্নাতক (বি এ) পাঠ্যক্ৰম ক্লিয়াৰ কৰা ছাত্ৰ-ছাত্ৰীৰ ৰেকৰ্ড বিচাৰিছিল। এই বৰ্ষতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজনীতি বিজ্ঞানত ডি ইউৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।

প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্বাচনী এফিডেফিটত উল্লেখ কৰিছিল যে, ১৯৭৮ চনত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত ৰাজনীতি বিজ্ঞান পাঠ্যক্ৰমত স্নাতক ডিগ্ৰী লাভ কৰিছিল। নীৰজ শৰ্মা নামৰ এজন লোকে ১৯৭৮ চনত দিল্লী বিশ্ববিদ্যালয়ে প্ৰদান কৰা সকলো স্নাতক ডিগ্ৰীৰ সবিশেষ বিচাৰি আৰ টি আই আবেদন দাখিল কৰিছিল। বিশ্ববিদ্যালয়খনে ডিগ্ৰী সৈতে জড়িত তথ্য প্ৰকাশৰ কথা অস্বীকাৰ কৰি কয় যে, ই “ব্যক্তিগত” আৰু ইয়াৰ “জনস্বাৰ্থৰ সৈতে কোনো সম্পৰ্ক নাই”।

২০১৬ চনৰ ডিচেম্বৰ মাহত শৰ্মাই বিশ্ববিদ্যালয়ৰ সঁহাৰিৰ বিৰুদ্ধে চিআইচিক অভিযোগ দাখিল কৰিছিল। ইয়াৰ পাছতে তথ্য আয়ুক্ত অধ্যাপক এম আচাৰ্যুলুৱে ১৯৭৮ চনত কলা শাখাত স্নাতক হোৱা ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন তালিকা ৰাজহুৱা কৰিবলৈ ডি ইউক নিৰ্দেশ দিয়ে। ২০১৭ চনৰ ২৩ জানুৱাৰীত বিশ্ববিদ্যালয়ে চিআইচিৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত কাষ চাপে।

কম দিনত ফলাফল পাব, এই সহজ ঘৰুৱা উপায়েৰে অকালতে চুলি পকা সমস্যা ৰোধ কৰক
বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ শুভ এই ৰাশিৰ বাবে! জানক সকলো...
ছেপ্টেম্বৰ মাহটোৱে শুভ ফল লৈ আহিব এই ৩ ৰাশিৰ জীৱনলৈ...
সঘনাই জ্বৰ বা সংক্রমণ, দুৰ্বলতা অনুভৱ কৰে নেকি ? ব্লাড কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ চিনাক্ত কৰক