ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি কেজৰিৱালৰঃ উচ্চ ন্যায়ালয়ৰ পৰা লাভ কৰিলে সকাহো

দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা এক বৃ্হৎ সকাহ লাভ কৰিছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। কেজৰিৱালক ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সপ্তাহত আৰু দুবাৰকৈ, মুঠ চাৰিবাৰ অধিবক্তাক সাক্ষাৎ কৰিবলৈ অনুমতি প্ৰদান কৰিছে আদালতে। সম্প্ৰতি কাৰাগাৰৰ নিয়ম অনুসৰি মুখ্যমন্ত্ৰী কেজৰিৱালে সপ্তাহত দুবাৰহে অধিবক্তাৰ সৈতে সাক্ষাৎ কৰিব পাৰে।

ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি কেজৰিৱালৰঃ উচ্চ ন্যায়ালয়ৰ পৰা লাভ কৰিলে সকাহো

কেজৰিৱালক সকাহ উচ্চ ন্যায়ালয়ৰ

Published: 

25 Jul 2024 20:11 PM

সুৰা নীতিৰ কথিত কেলেংকাৰীৰ অভিযোগত কাৰাৰুদ্ধ হৈ থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মুকলি আকাশৰ তললৈ অহাৰ পথা ক্ৰমাৎ দীঘলীয়া হৈ পৰিছে। আজি দিল্লীৰ ৰাউজ এভিনিউ আদালতে চিবিআইৰ গোচৰত কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ অহা ৮ আগষ্টলৈ বৃদ্ধি কৰিছে। তিহাৰ কাৰাগাৰৰ পৰাই ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে শুনানিত উপস্থিত থাকে কেজৰিৱাল। ৰাউজ এভিনিউ আদালতৰ পৰা বিমুখ হ’লেও অৱশ্যে দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা এক বৃ্হৎ সকাহ লাভ কৰিছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

কেজৰিৱালক ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সপ্তাহত আৰু দুবাৰকৈ, মুঠ চাৰিবাৰ অধিবক্তাক সাক্ষাৎ কৰিবলৈ অনুমতি প্ৰদান কৰিছে আদালতে। সম্প্ৰতি কাৰাগাৰৰ নিয়ম অনুসৰি মুখ্যমন্ত্ৰী কেজৰিৱালে সপ্তাহত দুবাৰহে অধিবক্তাৰ সৈতে সাক্ষাৎ কৰিব পাৰে। দিল্লী উচ্চ ন্যায়ালয়ত শুনানিৰ সময়ত কেজৰিৱালৰ অধিবক্তাই তেওঁৰ বিৰুদ্ধে চলি থকা ৩০টাতকৈও অধিক আইনী গোচৰৰ উদাহৰণ দাঙি ধৰে।

এই সন্দৰ্ভত আইনী পৰামৰ্শৰ বাবে অতিৰিক্ত সাক্ষাতৰ অনুমতি বিচাৰিছিল কেজৰিৱালৰ অধিবক্তাই। উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে কেজৰিৱালৰ অধিবক্তাৰ এই অনুৰোধত সন্মতি দি দুবাৰৰ অতিৰিক্ত সাক্ষাতৰ অনুমতি প্ৰদান কৰে। উল্লেখ্য যে চলিত বৰ্ষৰ ২১ মাৰ্চত মুখ্যমন্ত্ৰী কেজৰিৱালক আবকাৰী নীতি কেলেংকাৰিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে।

এই গোচৰত শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছিল কেজৰিৱালে। কিন্তু ইয়াৰ পিছতো তেওঁ চিবিআইৰ সৈতে জড়িত গোচৰত তিহাৰত কাৰাৰুদ্ধ হৈ আছে। ইফালে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ স্বাস্থ্যক লৈ ৰাজনীতি উত্তাল হৈ পৰিছে। বিৰোধীৰ INDIA মিত্ৰজোঁটৰ উদ্যোগত অহা ৩০ জুলাইত যন্তৰ মন্তৰত এক সমাৱেশৰ আয়োজন কৰা হ’ব।

ইতিপূৰ্বে আম আদমী পাৰ্টিয়ে বিজেপিয়ে জেলত কেজৰিৱালক হত্যাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে। মুখ্যমন্ত্রীৰ চিকিৎসা প্রতিবেদনৰ উদ্ধৃতি দি আপে ৩ জুনৰ পৰা ৭ জুলাইৰ ভিতৰত কেজৰিৱালৰ চুগাৰ লেভেল ২৬ বাৰ হ্ৰাস পাইছে বুলি আঙুলিয়াই দিছিল। ইয়াৰ প্ৰত্যুত্তৰত শেহতীয়াকৈ দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰৰ প্ৰধান সচিবে কেজৰিৱালৰ স্বাস্থ্য সন্দৰ্ভত এখন পত্ৰ লিখিছিল।

এই পত্ৰখনত তেওঁ কেজৰিৱালে ডায়েট চাৰ্ট অনুসৰি খাদ্য গ্ৰহণ কৰা নাই আৰু তেওঁ ইচ্ছাকৃতভাৱে কম কেলৰি থকা খাদ্য খোৱাৰ বাবে তেওঁৰ ওজন কমি আহিছে বুলি দাবী কৰিছিল। ইয়াৰ পিছতে আপ নেতা সঞ্জয় সিঙে বিজেপিক আক্ৰমণ কৰি বিজেপি চৰকাৰ আৰু দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰে কাৰাগাৰত মুখ্যমন্ত্ৰী কেজৰিৱালক হত্যাৰ ষড়যন্ত্ৰ কৰিছে বুলি অভিযোগ কৰিছিল।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension