কামত নাহিল ‘হিন্দুত্ব’ ! মুছলমান ভোটাৰেহে ৰক্ষা কৰিলে আপক…

দিল্লীৰ চৰকাৰ পৰিৱৰ্তনৰ মাজতে চৰ্চা হৈছে যে, এই নিৰ্বাচনটোত কেৱল মুছলমান আৰু দলিত ভোটাৰেহে মান ৰাখিলে অৰবিন্দ কেজৰিৱালৰ । কিয়নো যিকেইখন আসনত আপে জয় লাভ কৰিছে সেই আটাইকেইখন আসনৰ বেছিভাগতে মুছলমান আৰু দলিত ভোটাৰৰ প্ৰভাৱ আছে ।

কামত নাহিল হিন্দুত্ব ! মুছলমান ভোটাৰেহে ৰক্ষা কৰিলে আপক...
Published: 

09 Feb 2025 | 03:17 PM

২৭ বছৰৰ পাছত দিল্লীত ফুলিল পদুম । ৪৮ খন আসন লাভ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠ দল হিচাপে দিল্লীত চৰকাৰ গঠন কৰিব বিজেপিয়ে । এই নিৰ্বাচনটো যিধৰণে বিজেপিৰ বাবে গুৰুত্বপূৰ্ণ আছিলে, সেই একে ধৰণে আপৰ বাবেও অতি গুৰুত্বপূৰ্ণ আছিল । আপে ২০২৫ চনৰ এই নিৰ্বাচনত ২২ খন আসন লাভ কৰাৰ লগতে দলটোৱে হেৰুৱালে অৰবিন্দ কেজৰিৱাল, মনীষ ছিছ’ডিয়াৰ দৰে প্ৰভাৱশালী প্ৰতিনিধিক । ইফালে, এই নিৰ্বাচনত একাউণ্ট খুলিব নোৱাৰিলে কংগ্ৰেছে ।

দিল্লীৰ চৰকাৰ পৰিৱৰ্তনৰ মাজতে চৰ্চা হৈছে যে, এই নিৰ্বাচনটোত কেৱল মুছলমান আৰু দলিত ভোটাৰেহে মান ৰাখিলে অৰবিন্দ কেজৰিৱালৰ । কিয়নো যিকেইখন আসনত আপে জয় লাভ কৰিছে সেই আটাইকেইখন আসনৰ বেছিভাগতে মুছলমান আৰু দলিত ভোটাৰৰ প্ৰভাৱ আছে । মূলতঃ আপে মুছলমান আৰু দলিত ভোটৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্বাচনত নিজকে প্ৰাসংগিক কৰি ৰাখিছিল ।

আপে লাভ কৰা ২২খন আসনৰ ভিতৰত ১৪ খন বিধানসভাৰ আসন মূলতঃ মুছলমান আৰু পিছপৰা বা দলিত ভোটাৰৰ বাবে সংৰক্ষিত আছিল। এই সমষ্টিসমূহত অন্যান্য ভোটাৰৰ তুলনাত মুছলমান আৰু দলিতসকল সংখ্যাগৰিষ্ঠ। এই কথাও মনকৰিবলগীয়া যে, নিৰ্বাচনটোত অনুসূচিত জাতি সংখ্যাগৰিষ্ঠ সমষ্টিত আপে প্ৰায় ১৫ ৰ পৰা ২০ শতাংশ ভোট হেৰুৱাইছে।

ৰাজনৈতিক বিশ্লেষকসকলে ক’ব খোজে যে,আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে পোনপটীয়াকৈ হিন্দু-হিন্দুত্ববাদী ৰাজনীতিত লিপ্ত হোৱা নাছিল, তথাপিও তেওঁ বিৰোধীৰ দৰে বিজেপিৰ এই হিন্দু-হিন্দুত্ববাদী কৌশলৰ বিৰোধিতা কৰা নাছিল। বিশ্লেষকসকলৰ মতে, কেজৰিৱালে ‘কোমল হিন্দুত্ববাদী’ ৰাজনীতি চলাই আহিছিল। কিন্তু এতিয়া স্পষ্ট হৈ পৰিছে যে, ই তেওঁৰ ক্ষেত্ৰখনত কিছু পৰিমানে ক্ষতি কৰিছে । তথাপিও মুছলমান আৰু দলিত ভোটে আপৰ মান ৰাখিলে বুলি দাবী কৰে ৰাজনৈতিক বিশ্লেষকসকলে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব