শক্তিহীন! কেৱল দিল্লীতে নহয়, দেশৰ এইসমূহ ৰাজ্যতো বিধায়ক শূন্য কংগ্ৰেছ
দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৪৮ খন আসন লাভ কৰাৰ বিপৰীতে আপে লাভ কৰে ২২ খন আসন। আনহাতে পুনৰ এবাৰ শূন্যতে সন্তুষ্ট থাকিবলৈ বাধ্য হৈছে কংগ্ৰেছ। পিছে দিল্লীতে নহয়, দেশৰ আন কেইখনমান ৰাজ্যতো শক্তিহীন কংগ্ৰেছ। এই ৰাজ্যকেইখনত দলটোৰ নাই এজনো বিধায়ক।

শক্তিহীন কংগ্ৰেছ!
শুকুৰবাৰে ঘোষণা কৰা হ’ল দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল। নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে সুদীৰ্ঘ ২৭ বছৰৰ পিছত দিল্লীৰ ক্ষমতালৈ আহিছে বিজেপি। নিৰ্বাচনত বিজেপিয়ে ৪৮ খন আসন লাভ কৰাৰ বিপৰীতে আপে লাভ কৰে ২২ খন আসন। আনহাতে পুনৰ এবাৰ শূন্যতে সন্তুষ্ট থাকিবলৈ বাধ্য হৈছে কংগ্ৰেছ। ৭০খন বিধানসভা আসনৰ থকা দিল্লীত কংগ্ৰেছৰ এই প্ৰদৰ্শন স্বাভাৱিকতেই দলটোৰ বাবে অত্যন্ত হতাশাজনক। পিছে দিল্লীতে নহয়, দেশৰ আন কেইখনমান ৰাজ্যতো শক্তিহীন কংগ্ৰেছ। এই ৰাজ্যকেইখনত দলটোৰ নাই এজনো বিধায়ক।
অন্ধ্ৰ প্ৰদেশ
২০২৪ চনৰ মে’ মাহত অন্ধ্ৰ প্ৰদেশত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই নিৰ্বাচনত কংগ্ৰেছে পূৰ্ণ শক্তিৰে অৱতীৰ্ণ হৈছিল যদিও বিধানসভাৰ ১৭৫খন আসনৰ ভিতৰত এখনতো জয়ী হ’ব পৰা নাছিল দলটো। ৰাজ্যখনত এন ডি এ মিত্ৰজোঁটৰ ১৬৪ গৰাকী বিধায়ক থকাৰ বিপৰীতে বিৰোধী দল ৱাই এছ আৰৰ ১১ জন বিধায়ক আছে। লক্ষণীয়ভাৱে ২০১৪ চনলৈকে অন্ধ্ৰ প্ৰদেশত কংগ্ৰেছৰ ক্ষমতা আছিল।
পশ্চিম বংগ
২৯৪খন বিধানসভা আসনৰ পশ্চিম বংগত ২০২১ চনৰ মে’ মাহত নিৰ্বাচন অনুষ্ঠিত হৈছিল। কংগ্ৰেছে ৰাজ্যখনত বাওঁ মৰ্চাৰ সৈতে সন্মিলিতভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও এখনো আসনত জয়ী হ’ব পৰা নাছিল। এইদৰে বংগত প্ৰথমবাৰৰ বাবে বিধায়ক শূন্য হৈ পৰে কংগ্ৰেছ। বংগত শাসকীয় তৃণমূল কংগ্ৰেছৰ ২২৪ জন বিধায়কৰ বিপৰীতে বিৰোধী বিজেপিৰ ৬৬ জন বিধায়ক আছে। ২০২৩ চনত উপ-নিৰ্বাচনত মুৰ্ছিদাবাদৰ সাগৰদিঘী আসন কংগ্ৰেছে দখল কৰিছিল যদিও বিধায়কগৰাকীয়ে পিছত তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল।
ছিকিম
ছিকিমত মুঠ ৩২খন বিধানসভা আসন আছে যদিও ৰাজ্যখনত এখনো আসনত নাই কংগ্ৰেছ। ৰাজ্যখনত এটা সময়ত কংগ্ৰেছ যথেষ্ট ক্ষমতা শক্তিশালী আছিল যদিও এই শক্তি সম্পূৰ্ণৰূপে লোপ পাইছে বুলি ক’ব পাৰি। ছিকিমৰ ৩২খন আসনৰ আটাইকেইখন আসন ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ দখলত আছে।
নাগালেণ্ড
২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত নাগালেণ্ডত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই নিৰ্বাচনত কংগ্ৰেছ দলে এখনো আসন লাভ কৰিব নোৱাৰিলে। ৬০ খন আসনৰ নাগালেণ্ডত এন ডি পি পিৰ ২৫ জন, বিজেপিৰ ১২ জন, এন চি পিৰ ৭ জন, এন পি পিৰ ৫ জন, এল জে পি (আৰ)ৰ ২ জন আৰু আৰ পি আইৰ ২ জন, এন পি এফৰ ২ জন আৰু ৫ জন নিৰ্দলীয় বিধায়ক আছে।
ইয়াৰ সমান্তৰালকৈ অৰুণাচল প্ৰদেশ, মেঘালয় আৰু মিজোৰাম বিধানসভাত কংগ্ৰেছৰ মাত্ৰ এজনকৈ বিধায়ক আছে। একেদৰে মণিপুৰ আৰু পুডুচেৰীতো কংগ্ৰেছৰ মাত্ৰ দুজনকৈহে বিধায়ক আছে। অৰ্থাৎ এই ৰাজ্যসমূহতো প্ৰায় শক্তিহীন হৈ পৰিছে কংগ্ৰেছ।