স্তনপান কৰাবলৈ বিচৰা নাছিল ৯ দিনীয়া কন্যাক! মাতৃয়ে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড

জানিব পৰা মতে কন্যা সন্তানগৰাকীৰ বয়স আছিল ৯ মাহ। তিনি বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল মহিলাগৰাকী। অভিযুক্ত মহিলাগৰাকীৰ স্বামীয়ে হাৰিয়ানাৰ বাহাদুৰগড়ত জোতা কাৰখানাত কাম কৰে।

স্তনপান কৰাবলৈ বিচৰা নাছিল ৯ দিনীয়া কন্যাক! মাতৃয়ে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড

শিশু

Updated On: 

28 Jul 2024 22:57 PM

দেশত বৃদ্ধি হোৱা অপৰাধমূলক ঘটনা ৰোধ হোৱাৰ নামেই লোৱা নাই। প্ৰতিদিনেই ন ন হত্যাকাণ্ড, ধৰ্ষণ, লুট পাত আদিৰ ঘটনা পোহৰলৈ আহে। একাংশ পাষাণলোকৰ কু- মানসিকতাৰ পৰা সাৰি নাযায় শিশুৰ পৰা বৃদ্ধও। কেৱল ইমানেই নহয়, একাংশ নিকৃষ্ট মানুহ ইমানেই নৃশংস হয় যে নিজৰ সন্তানকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। এনে এক ঘটনা পোহৰলৈ আহিছে য’ত এগৰাকী মহিলাই নিজৰ ৯ দিনীয়া কন্যাৰ ডিঙি কাটি হত্যা কৰে। জানিব পৰা মতে মহিলাগৰাকীয়ে কন্যা সন্তান বিচৰা নাছিল। যাৰ বাবে এই কাণ্ড সংঘটিত কৰে।

ঘটনাৰ সময়ত মহিলাগৰাকীৰ ডেৰ বছৰীয়া শিশুটিও ঘৰত আছিল। ডেৰ বছৰীয়া পুত্ৰ সন্তানটিৰ ওপৰত যাতে কোনো প্ৰভাৱ নপৰে তাৰ বাবে মহিলাগৰাকীয়ে বেলেগ কোঠালৈ নি নৱজাতকক হত্যা কৰে। মহিলাগৰাকীৰ বিৰুদ্ধে তেওঁৰ স্বামীয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে। স্বামীৰ অভিযোগ কৰে যে  তেওঁ অফিচৰ পৰা ঘৰলৈ আহি নৱজাত কন্যাৰ ৰক্তাক্ত মৃতদেহ দেখিছিল। কন্যাৰ মৃতদেহ দেখি তেওঁ শোকত ভাঙি পৰিছিল। যেতিয়া এই বিষয়ে তেওঁ পত্নীক প্ৰশ্ন কৰে তেতিয়া কয় যে, তেওঁ কন্যা সন্তানটিক স্তনপান কৰাব বিচৰা নাছিল। যাৰ বাবে হত্যা কৰে।

পাছত মহিলাগৰাকীয়ে কয় যে, তেওঁ কন্যা সন্তান বিচৰা নাছিল আৰু সেইবাবে  শিশুটিক গাখীৰ খুৱাব বিচৰা নাছিল। কন্যা সন্তানটিক দেখি দেখি তেওঁ অতিষ্ঠ হৈ পৰিছিল। যাৰ বাবে ডিঙি কাটি হত্যা কৰে। এই হত্যাকাণ্ড ১৮ মহীয়া অন্য শিশুটিৰ পৰা আঁতৰত কৰে। এই ঘটনা সংঘটিত হৈছে দিল্লীৰ মুণ্ডাকা ক্ষেত্ৰত। দেওবাৰে পোহৰলৈ আহে এই ঘটনা।

জানিব পৰা মতে কন্যা সন্তানগৰাকীৰ বয়স আছিল ৯ মাহ। তিনি বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল মহিলাগৰাকী। অভিযুক্ত মহিলাগৰাকীৰ স্বামীয়ে হাৰিয়ানাৰ বাহাদুৰগড়ত জোতা কাৰখানাত কাম কৰে। ২০১৯ চনত তেওঁ দিল্লীলৈ আহিছিল।সেই সময়ত তেওঁ মাক আৰু ভাতৃৰ সৈতে বাস কৰিছিল। তাৰ পাছতেই মহিলাগৰাকীক বিয়া পাতিছিল। মহিলাগৰাকীয়ে এই ঘটনা সংঘটিত কৰাৰ সময়ত ঘৰত কোনো নাছিল। অফিচৰ পৰা অহাৰ পিছত স্বামীয়ে ছোৱালীজনীৰ মৃতদেহটো দেখি  যেতিয়া পত্নীক সুধিছিল তেতিয়া সকলো কথা গম পাইছিল।  ইতিমধ্যে আৰক্ষীয়ে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

আমেৰিকাত কিমান সংখ্যক মুছলিম লোকে বাস কৰে জানেনে? জানক...
ভাৰতৰ পৰা সৰ্বাধিক সুৰা ক্ৰয় কৰে এইখন মুছলমান দেশে! কিমান?
নৱৰাত্ৰিত ঘটিব ২ টাকৈ ডাঙৰ সংযোগ, হাতলৈ ধন আহিবলৈ কৰক এইকেইটা কাম!
ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কি ধৰ্ম মানি চলে জানেনে? জানক...