পুনৰ গ্ৰেপ্তাৰ এজন,দিল্লীত বিস্ফোৰণ সংঘটিত কৰা ওমৰক কি সহায় কৰিছিল শ্বোয়েবে?
Delhi Blast Case: দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাত আন এক ডাঙৰ সফলতা লাভ কৰে নিয়াই। শেহতীয়াকৈ তদন্তকাৰী সংস্থাটোৱে আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। ইয়াৰ ফলত এই কাণ্ডত মুঠ গ্ৰেপ্তাৰৰ সংখ্যা ৭ জনলৈ বৃদ্ধি পায়।

পুনৰ গ্ৰেপ্তাৰ এজন
যোৱা ১০ নৱেম্বৰত দিল্লীৰ লালকিল্লাত সংঘটিত হোৱা বোমা বিস্ফোৰণৰ ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছিল। এই বিস্ফোৰণ কাণ্ডত শেহতীয়াকৈ নিয়া (NIA)ই ডাঙৰ সফলতা লাভ কৰিছে। বিস্ফোৰণ সংঘটিত কৰা ওমৰ উন নবীক আশ্ৰয় আৰু অন্যান্য সহায় আগবঢ়োৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এজন। গ্ৰেপ্তাৰ হোৱা অভিযুক্তজন শ্বোয়েব বুলি চিনাক্ত হৈছে, তেওঁ হাৰিয়ানাৰ ফৰিদাবাদৰ ধৌজ অঞ্চলৰ বাসিন্দা। ইয়াৰ লগে লগে এই গোচৰত নিয়াৰ গ্ৰেপ্তাৰৰ সংখ্যা ৭জনলৈ বৃদ্ধি পাইছে।
নিয়াৰ মতে, ঘটনাৰ ঠিক পূৰ্বে শ্বোয়েবে ওমৰক থকা-খোৱাৰ ব্যৱস্থা কৰি দিছিল। লগতে যাতায়ত, অন্যান্য প্ৰয়োজনীয় সামগ্ৰীকে ধৰি লজিষ্টিক সহায় আগবঢ়াইছিল। ইয়াৰ পূৰ্বে নিয়াই ৬ জনক গ্ৰেপ্তাৰ কৰিছিল। এই আটাইকেইজনে ওমৰৰ সহযোগী বুলি চিনাক্ত কৰা হৈছে।
এতিয়াও নিয়াই কেইবাখনো ৰাজ্যত অভিযান চলাই আছে। লালকিল্লাৰ সমীপত হোৱা আত্মঘাতী বিস্ফোৰণৰ সকলো তথ্য পোহৰলৈ আনিবলৈ আৰু সকলো অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ নিয়া সকলো চেষ্টা কৰি আছে। এতিয়াও মুকলি আকাশৰ তলত ঘূৰি আছে বহু অভিযুক্ত।
উল্লেখ্য যে, যোৱা ১০ নৱেম্বৰত দিল্লীৰ লালকিল্লাৰ সমীপত ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল। য’ত এতিয়ালৈকে ১৫ জন লোকৰ মৃত্যু আৰু ২০জনতকৈ অধিক লোক আহত হৈছে। প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে যে এই আক্ৰমণত বিদেশী শক্তি জড়িত হ’ব পাৰে। সম্ভৱতঃ পাকিস্তান আৰু তুৰ্কী জড়িত থাকিব পাৰে। অৱশ্যে কোনো বিদেশী সন্ত্ৰাসবাদীয়ে এই কাণ্ড সংঘটিত কৰা নাই।
কিছুদিন পূৰ্বে পোহৰলৈ আহিছিল যে, কেনেকৈ অভিযুক্তই বিদেশী সন্ত্ৰাসবাদীৰ পৰা প্ৰশিক্ষণ লৈছিল। গতিকে এই সকলো দিশ সন্দৰ্ভত বৰ্তমান তদন্ত চলি আছে। তদন্তৰ অন্তত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
অন্য খবৰ পঢ়কঃ বিৰোধিৰ অনুপস্থিতিত বিধানসভাত তিৱাৰী আয়োগৰ প্ৰতিবেদন দাখিল, নেলী কাণ্ডৰ CBI তদন্তৰ দাবী AIUDF ৰ…