দিল্লীক লৈ ৰচিছিল ষড়যন্ত্ৰ! শ্ৰীনগৰৰ পৰা গ্ৰেপ্তাৰ ওমৰৰ সহযোগী বিলাল, ভয়ংকৰ তথ্য পোহৰলৈ…

Delhi Blast: দিল্লীৰ বিস্ফোৰণৰ পাছতে তদন্তকাৰী সংস্থাসমূহে ঘটনা সন্দৰ্ভত তদন্ত অব্য়াহত ৰাখিছে। শেহতীয়াকৈ নিয়াই এক ডাঙৰ সফলতা লাভ কৰে। গ্ৰেপ্তাৰ হৈছে মহম্মদ ওমৰক সহায় আগবঢ়োৱা এজন।

দিল্লীক লৈ ৰচিছিল ষড়যন্ত্ৰ! শ্ৰীনগৰৰ পৰা গ্ৰেপ্তাৰ ওমৰৰ সহযোগী বিলাল, ভয়ংকৰ তথ্য পোহৰলৈ...

দিল্লীৰ বিস্ফোৰণ

Updated On: 

17 Nov 2025 21:43 PM

যোৱা ১০ নৱেম্বৰত দিল্লীৰ লালকিল্লাৰ সমীপত হোৱা বোমা বিস্ফোৰণৰ ঘটনাই সমগ্ৰ দেশ জোকাৰি যায়। শেহতীয়াকৈ এই গোচৰত নিয়া (NIA) ই এক ডাঙৰ সফলতা লাভ কৰিছে। জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ পৰা তদন্তকাৰী সংস্থাটোৱে গ্ৰেপ্তাৰ কৰিছে সন্ত্ৰাসবাদী মহম্মদ ওমৰৰ আন এজন সহায়ক। গ্ৰেপ্তাৰ হোৱা অভিযুক্তজন জাছিৰ বিলাল বাণী ওৰফে ডেনিছ বুলি চিনাক্ত হৈছে। NIA ই এই গ্ৰেপ্তাৰ গোচৰ নম্বৰ RC-21/2025/NIA/DLIৰ অধীনত কৰিছে।

তদন্তক প্ৰকাশ পাইছে যে, ডেনিছে ড্ৰ’নসমূহ সংশোধন কৰি সেইবোৰ আক্ৰমণৰ বাবে তৈয়াৰ কৰিবলৈ আৰু ৰকেটৰ দৰে ব্যৱহাৰ কৰিবলৈ কাম কৰিছিল। সন্ত্ৰাসবাদীৰ বিভিন্ন কাৰিকৰী কামত তেওঁ সহায় কৰিছিল।

এই ডেনিছ অনন্তনাগ জিলাৰ কাজিগুণ্ড অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি, দিল্লীৰ বিস্ফোৰণৰ সক্ৰিয় ষড়যন্ত্ৰকাৰীসকলৰ ভিতৰত ডেনিছো এজন। দিল্লীৰ বিস্ফোৰণৰ মূল অভিযুক্ত তথা সন্ত্ৰাসবাদী ওমৰ উন নবীৰ সৈতে ডেনিছে আক্ৰমণৰ পৰিকল্পনা কৰিছিল। এনে অৱস্থাত ডেনিছৰ গ্ৰেপ্তাৰ নিয়াৰ এক ডাঙৰ সফলতা বুলি ক’ব পাৰি। এই সমগ্ৰ দিশটোত বৰ্তমান তদন্তকাৰী সংস্থাটোৱে সোধা পোছা জাৰি ৰাখিছে। নিয়াৰ কেইবাটাও দলে বিভিন্ন ৰাজ্যত অভিযান চলাই বিস্ফোৰণৰ ষড়যন্ত্ৰৰ ৰহস্য ভেদ কৰাৰ চেষ্টা কৰি আছে।

কি কৰিছিল ডেনিছে

তথ্য অনুসৰ, বোমা ফিট কৰাৰ ক্ষেত্ৰত ডেনিছে ওমৰক সহায় কৰিছিল। উল্লেখ্য যে, এইজন অভিযুক্তৰ পিতৃ জাভেদ আহমেদক যেতিয়া তেওঁৰ পুত্ৰ জাছিৰ তথা ডেনিছ আৰু ভাতৃৰ সৈতে লগ কৰিব দিয়া নাছিল তেতিয়া তেওঁ নিজকে জুই লগাই দিছিল। আজি পুৱা তেওঁৰ মৃত্যু হয়। ইফালে জাছিৰ ওৰফে ডেনিছক লৈ এন আই এৰ দল দিল্লীত উপস্থিত হৈছে।

মঙলবাৰে পুৱা পাটিয়ালা হাউচত থকা বিশেষ এন আই এ আদালতত হাজিৰ হ’ব ডেনিছক। তদন্তত এয়াও প্ৰকাশ পাইছে যে অভিযুক্তই বিশেষজ্ঞৰ দ্বাৰা বোমা নিৰ্মাণ কৰিছিল। গতিকে এই সমগ্ৰ দিশ সন্দৰ্ভত বৰ্তমান নিয়াই তদন্ত অব্যাহত ৰাখিছে। পৰৱৰ্তী সময়ত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

 

অন্য খবৰ পঢ়কঃ প্ৰেম বিবাহ, জাতি বেলেগ! দৰাৰ ভাতৃৰ সৈতে ভয়ংকৰ কাণ্ড কইনাৰ পিতৃৰ, প্ৰথমে লৈ গ’ল জংঘললৈ আৰু পাছত…

দ্বিতীয়বাৰ গৰম কৰি খাব নালাগে এইসমূহ খাদ্য! জানক সকলো...
এইসকল লোকে ভুলতো খাব নালাগে ৰঙালাউৰ গুটি! জানক সকলো...
শীতকালত ৰাতি গাখীৰৰ লগত খাওক এই বস্তু, আছে বহু উপকাৰ...
চুবুৰীয়াক কেতিয়াও নিদিব পাকঘৰৰ এইসমূহ সামগ্ৰী, অন্যথা বিলাই-বিপত্তি নোহোৱা হ’ব জীৱনৰ