উৎসৱৰ বতৰত দিল্লী আতিশী চৰকাৰে শ্ৰমিকক দি’লে ডাঙৰ উপহাৰ, বৃদ্ধি কৰিলে নূন্যতম মজুৰি…

উৎসৱৰ বতৰত শ্ৰমিক সকলৰ বাবে এক ডাঙৰ উপহাৰ কথা ঘোষণা কৰিছে দিল্লী আপ চৰকাৰে । শ্ৰমিকৰ নূন্যতম মজুৰি বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে দিল্লীৰ আপ চৰকাৰে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী আতিশিয়ে কয় যে, ২০১৩ চনত অদক্ষ শ্ৰমিকৰ নূন্যতম মজুৰি আছিল ৭ হাজাৰ ৭২২ টকা।

উৎসৱৰ বতৰত দিল্লী আতিশী চৰকাৰে শ্ৰমিকক দিলে ডাঙৰ উপহাৰ, বৃদ্ধি কৰিলে নূন্যতম মজুৰি...

দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী

Edited By: 

Parul Rawat | Updated On: 26 Sep 2024 | 12:38 PM

আতিশীয়ে মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছতে উৎসৱৰ বতৰত শ্ৰমিক সকলৰ বাবে এক ডাঙৰ উপহাৰ কথা ঘোষণা কৰিছে দিল্লী আপ চৰকাৰে । শ্ৰমিকৰ নূন্যতম মজুৰি বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে দিল্লীৰ আপ চৰকাৰে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী আতিশিয়ে কয় যে, ২০১৩ চনত অদক্ষ শ্ৰমিকৰ নূন্যতম মজুৰি আছিল ৭ হাজাৰ ৭২২ টকা। এতিয়া ১৮ হাজাৰ ৬৬ লৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ লগে লগে অৰ্ধদক্ষ শ্ৰমিকৰ নূন্যতম মজুৰি ১৯ হাজাৰ ৯২৯ টকা আৰু দক্ষ শ্ৰমিকৰ নূন্যতম মজুৰি ২১ হাজাৰ ৯১৭ টকালৈ বৃদ্ধি কৰা হৈছে।

মুখ্যমন্ত্ৰী আতিশীয়ে কয় যে, বিগত ১০ বছৰত দলৰ নেতা অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত দিল্লীবাসীক সুবিধা প্ৰদানৰ বাবে কাম কৰা হৈছে। আম আদমী পাৰ্টি চৰকাৰে দিল্লীবাসীক উন্নত সুবিধা প্ৰদানৰ বাবে অহৰহ কাম কৰি আহিছে। শ্ৰমিকৰ নূন্যতম মজুৰি বৃদ্ধি কৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সদৰী কৰে দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে ।

বিজেপিক সমালোচনা কৰি দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ২০১৭ চনত যেতিয়া দিল্লী চৰকাৰে নূন্যতম মজুৰি বৃদ্ধিৰ কথা কৈছিল, তেতিয়া ভাৰতীয় জনতা পাৰ্টিয়ে এই প্ৰস্তাৱ লেফটেনেণ্ট গৱৰ্ণৰৰ দ্বাৰা গৃহীত হ’বলৈ দিয়া নাছিল। ইয়াৰ পাছত আদালতৰ দ্বাৰা ইয়াক কাৰ্যকৰী কৰা হ’ল । ইয়াৰ সমান্তৰালকৈ এই নিয়মো প্ৰৱৰ্তন কৰা হ’ল যে, যেনেকৈ বিষয়াসকলে বছৰত দুবাৰকৈ ডি এ পায়, ঠিক তেনেদৰে শ্ৰমিকসকলৰ দৰমহাও বৃদ্ধি হ’ব লাগে। বিজেপি দৰিদ্ৰ বিৰোধী। দিল্লীত তেওঁলোকে নূন্যতম মজুৰি বৃদ্ধি বন্ধ কৰিব বিচাৰে । কেৱল এয়াই নহয়, য’ত বিজেপি চৰকাৰ আছে তাতো মজুৰি বৃদ্ধি বন্ধ হৈ যায় বুলি সমালোচনা কৰে আতিশীয়ে ।

শ্ৰমিকসকলক দিয়া এই উপহাৰৰ সমান্তৰালকৈ দিল্লীৰ আম আদমী পাৰ্টি চৰকাৰে হাৰিয়ানা নিৰ্বাচনৰ পাছত মহিলাক এক হাজাৰকৈ টকা দিয়াৰ অভিলাষী পৰিকল্পনা কাৰ্যকৰী কৰিব পাৰে। মঙলবাৰে বিষয়াসকলে কৈছিল যে, মুখ্যমন্ত্ৰী মহিলা সন্মান আঁচনিৰ যাৱতীয় কাম-কাজ প্ৰায় সম্পূৰ্ণ হৈছে। অতিশীঘ্ৰে অনুষ্ঠিত হ’বলগীয়া আতিশী চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকত ইয়াক উপস্থাপন কৰিব পাৰিব।

এই আঁচনিৰ প্ৰস্তাৱ বিত্ত, আইন আৰু ৰাজহকে ধৰি সংশ্লিষ্ট বিভাগলৈ প্ৰেৰণ কৰা হ’ব। ইয়াৰ পিছত ইয়াক অনুমোদনৰ বাবে কেবিনেটলৈ প্ৰেৰণ কৰা হ’ব। কেবিনেটৰ অনুমোদন পোৱাৰ পিছত কাৰ্যকৰী কৰাৰ বাবে লেফটেনেণ্ট গৱৰ্ণৰৰ অনুমোদনও প্ৰয়োজন হ’ব।

শনিদেৱৰ পূজাত এইবোৰ অন্তৰ্ভুক্ত নকৰিব এইবোৰ বস্তু, অভাৱে দেখা দিব আপোনাক!
সৰস্বতী পূজা কেতিয়া? জানক শুভ সময়ৰ বিষয়ে...
পুৰুষৰ তুলনাত মহিলাৰ ওজন কিয় দ্ৰুত বৃদ্ধি পায়? ইয়াৰ মূল কাৰণবোৰ জানক
ঘৰৰ পৰা পইতাচোৰা দূৰ কৰাৰ ৫টা সহজ, ঘৰুৱা উপায়...
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে