শুই থাকোঁতে নিজ মাতৃক হত্যা দানৱৰূপী কন্যাৰ, এচিডেৰে জ্বলাই দিলে মৃতদেহ, ২ বছৰ পিছত…

২৭ জুলাইৰ নিশা পুষ্পাই প্ৰেমিকক নিজৰ ঘৰলৈ মাতি আনি শুই থকা মাতৃক ৰডেৰে আঘাত কৰি হত্যা কৰে। কেৱল এয়াই নহয়, প্ৰেমিকৰ সৈতে পুষ্পাই মৃত মাকৰ মৃতদেহ এচিড ঢালি জ্বলাই দিয়ে। এই সমগ্ৰ ঘটনা সংঘটিত হৈছিল ডি এম চৌহদত। মৃত মহিলাগৰাকীৰ নাম আছিল ৰামবেতী।

শুই থাকোঁতে নিজ মাতৃক হত্যা দানৱৰূপী কন্যাৰ, এচিডেৰে জ্বলাই দিলে মৃতদেহ, ২ বছৰ পিছত...

Supreme Court Muzaffarpur Case

Published: 

31 Aug 2025 12:30 PM

ক’বলৈ যেন ভাষাৰ অভাৱ। প্ৰেমৰ বাবে মানুহে জীৱন দিবলৈ সাজু হয়। কিন্তু যি প্ৰেমে জীৱন ল’বলৈ উদ্যত কৰাই সেয়া বাৰু কি?  অভিযন্তা প্ৰেমিকৰ সৈতে লগ লাগি মাতৃক হত্যা কৰিছিল এগৰাকী কন্যাই। দুবছৰ পূৰ্বে সংঘটিত এই হত্যাকাণ্ডৰ গোচৰত  ৰায় সময়ত দোষী সাব্যস্ত কৰি কন্যা আৰু প্ৰেমিকক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে আদালতে। মৃতকৰ দোষী সাব্যস্ত কন্যাৰ নাম পুষ্পা আৰু তেওঁৰ প্ৰেমিক ৰাকেশ কুমাৰ। প্ৰেমিকৰ সৈতে কন্যাই ২০২৩ চনৰ ২৭ জুলাইত মাতৃক হত্যা কৰিছিল। উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত সংঘটিত হৈছিল এই ঘটনাটো।

২৭ জুলাইৰ নিশা পুষ্পাই প্ৰেমিকক নিজৰ ঘৰলৈ মাতি আনি শুই থকা মাতৃক ৰডেৰে আঘাত কৰি হত্যা কৰে। কেৱল এয়াই নহয়, প্ৰেমিকৰ সৈতে পুষ্পাই মৃত মাকৰ মৃতদেহ এচিড ঢালি জ্বলাই দিয়ে। এই সমগ্ৰ ঘটনা সংঘটিত হৈছিল ডি এম চৌহদত। মৃত মহিলাগৰাকীৰ নাম আছিল ৰামবেতী। তেওঁ হৰদয়ৰ মাঝিলা অঞ্চলৰ কন্দ্ৰা গাঁৱৰ বাসিন্দা আছিল। স্বামীৰ মৃত্যুৰ পিছত তেওঁ এগৰাকী মহিলা বিষয়াৰ বাসগৃহত খাদ্য ৰান্ধি জীৱিকা নিৰ্বাহ কৰিছিল।

ইফালে মহিলাগৰাকীৰ কন্যা পুষ্পাই পি ডব্লিউ ডিৰ সহকাৰী অভিযন্তা ৰাকেশ কুমাৰৰ বাসগৃহত কাম কৰিছিল। এই সময়ছোৱাত ৰাকেশ কুমাৰ আৰু পুষ্পা ওচৰ চাপি আহিল। পুষ্পাৰ মাক অর্থাৎ ৰামবেতীয়ে এই কথা গম পালে, তেওঁ এই সম্পৰ্কৰ বিৰোধিতা কৰিলে, কাৰণ ৰাকেশ ইতিমধ্যে বিবাহিত। পত্নীৰ লগত তেওঁৰ বিবাদ হৈছিল, সেয়েহে তেওঁ পত্নীৰ পৰা পৃথকে থাকিবলৈ লৈছিল।

মাকে সিহঁতৰ সম্পৰ্কৰ বিৰোধিতা কৰিছিল, সেইবাবেই পুষ্পাই প্ৰেমিকৰ লগতে তেওঁক হত্যা কৰিছিল। ৰামবেতীৰ পুত্ৰত কিছু দূৰৈত বাস কৰিছিল। ২০২৩ চনৰ ২৯ জুলাইত তেওঁ আৰক্ষীক এজাহাৰ দাখিল কৰিছিল।তাৰ পিছত আৰক্ষীয়ে তদন্ত কৰি থকাৰ সময়তে চোৰাংচোৱাগিৰি আৰু চিচিটিভি ফুটেজৰ সহায়ত এই হত্যাকাণ্ডৰ কথা প্ৰকাশ কৰে। পি ডব্লিউ ডিৰ অভিযন্তা ৰাকেশ কুমাৰে ২০২২ চনত শ্বাহজাহানপুৰত নিযুক্তি লাভ কৰিছিল।

তিনিমাহৰ তদন্তৰ অন্তত গ্ৰেপ্তাৰ

ইয়াৰ পিছত ৰাকেশ ডি এম চৌহদত বাস কৰিছিল। তিনিমাহ ধৰি আৰক্ষীয়ে এই হত্যাকাণ্ডৰ তদন্ত চলাইছিল। ইয়াৰ পিছত ২০২৩ চনৰ ১৭ অক্টোবৰত অভিযুক্ত পুষ্পা আৰু তেওঁৰ প্ৰেমিকক গ্ৰেপ্তাৰ কৰা হয়। পিছত দুয়োজনে জামিন লাভ কৰিলে। গোচৰটো আদালতত আছিল। হত্যাৰ প্ৰমাণ প্ৰমাণিত হোৱাৰ পিছত আদালতে দুয়োকে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।

এই ৪ ৰাশিৰ জীৱনলৈ নাহে দৰিদ্ৰতা, সদায় ধনেৰে ভৰি থাকে পকেট!
অপৰাজিতাৰ পৰা পদুমলৈ...এই উদ্ভিদ ঘৰত ৰাখক, দেৱী লক্ষ্মীৰ প্ৰৱেশ ঘটিব...
অনবৰতে মনলৈ বেয়া চিন্তা আহি থাকে নেকি? এইদৰে আঁতৰ কৰক...
হঠাতে ৰক্তচাপ বৃদ্ধিৰ এই লক্ষণসমূহ অনুভৱ কৰিলে লগে লগে পৰীক্ষা কৰক